সাহিত্য অকাডেমী বঁটাৰ বাবে নিৰ্বাচিত হৈছে অসমৰ দুগৰাকীকৈ সাহিত্যক

চলিত বৰ্ষৰ সাহিত্য অকাডেমী বঁটাৰ বাবে নিৰ্বাচিত হৈছে অসমৰ দুগৰাকীকৈ সাহিত্যক।ডক্টৰ জয়শ্ৰী গোস্বামী মহন্ত আৰু ডক্টৰ ফুকন চন্দ্ৰ বসুমতাৰী এই বঁটাৰ বাবে নিৰ্বাচিত হৈছে।উল্লেখযোগ্য যে গোস্বামীৰ গৱেষণামূলক গ্ৰন্থ চাণক্য আৰু বসুমতাৰীৰ কবিতা পুথি অখাই অথোমনিপ্ৰায় গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছে।বঁটাৰ বাবে নিৰ্বাচিত হোৱা খবৰ লাভ কৰি গোস্বামীয়ে কয় যে অসমীয়া ৰাইজৰ দুৰ্দিনত এই খবৰ পাই সম্পূৰ্ণৰুপে সুখী নহয় ।লগতে তেখেতে কয় যে কেব বিৰোধী আন্দোলনত শ্বহীদৰ পৰিয়াললৈ এই বঁটাৰ ধন আগবঢ়াব ।আনহাতে এই বঁটাৰ বাবে নিৰ্বাচিত হৈ ডক্টৰ ফুকন চন্দ্ৰ বসুমতাৰীয়ে সুখী বুলি মন্তব্য কৰে।স্মৰ্তব্য যে বসুমতাৰী বডোলেণ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপক হিচাপে কৰ্মৰত হৈ আছে।

Comments (0)
Add Comment