সেনাবাহিনীৰ বাবে এসাজ বিনামূলীয়া আহাৰ

সেনাবাহিনীত কৰ্মৰত সকলে দেশৰ বাবে, জনসাধাৰণৰ স্বাৰ্থত বহু সময়ত নিজৰ প্ৰাণ পৰ্য্যন্ত উৎসৰ্গা কৰে। কিন্তু সাধাৰণ জনসাধাৰণে সেনাবাহিনীত কৰ্মৰত সকলক বেলেগ দৃষ্টিৰে চায়। সেনাবাহিনীত কৰ্মৰত সকলক শ্ৰদ্ধা জনাই মহানুভৱতাৰ পৰিচয় দাঙি ধৰিছে এজন ব্যক্তিয়ে। গোৱালপাৰা চহৰৰ সুৱল বাসাক নামৰ ব্যক্তিজনে তেওঁৰ হোটেলত সেনাবাহিনীৰ লোকৰ বাবে বিনামূলীয়া আহাৰৰ ব্যৱস্থা কৰিছে। 

এই সম্পৰ্কে সুৱল বাসাকে কয় যে আমাৰ বেংগলী কিটচেন নামৰ হোটেল খন আৰম্ভ হোৱা ১০ মাহ হৈছে।  আৰু আমি ৭ মাহৰ পৰা এই সেৱা আৰম্ভ কৰিছো। আমাৰ হোটেলৰ এসাজ নিৰামিষ আহাৰৰ মূল্য ৫০ টকা। বহু সেনাবাহিনীত কৰ্মৰত ব্যক্তি আমাৰ হোটেলত খাদ্য গ্ৰহণ কৰিবলৈ আহে। বহুতে আমাৰ সেৱাৰ বাবে সন্তোষ প্ৰকাশ কৰিছে যদিও আন একাংশই পইচা নোলোৱাৰ বাবে অপাৰগ হৈছে। স্মৰ্তব্য যে এই বেংগলী কিটচেন নামৰ হোটেল খন ডি টি অ’ৰ অফিচৰ সমীপত অৱস্থিত। সুৱল বাসাকৰ এনে পদক্ষেপক সকলোৱে প্ৰশংসা কৰিছে।

Comments (0)
Add Comment