স্বনিয়োজন প্ৰশিক্ষণ সম্পন্ন

কামৰূপ জিলাৰ উপৰহালীস্থিত অসম গ্ৰামীণ বিকাশ বেংক, গ্ৰামীণ স্বনিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানত যোৱা ১ এপ্ৰিলৰ পৰা অনুষ্ঠিত হোৱা দহ দিনীয়া হাঁহ কুকুৰা পালন প্ৰশিক্ষণৰ আজি সামৰণি পৰে। এই উপলক্ষে প্ৰশিক্ষক তথা প্ৰতিষ্ঠানটোৰ সঞ্চালক দৰ্পন বৰাই সঞ্চালনা কৰা প্ৰমাণ পত্ৰ বিতৰণ অনুষ্ঠানত সাংবাদিক অনিল কলিতা উপস্থিত থাকি মনৰ দৃঢ়তা সুদৃঢ় হ’লে সকলো আঁচনিয়ে নিশ্চিতভাৱে সফল হ’বই বুলি   বক্তব্য আগবঢ়ায় । অনুষ্ঠানত বকো উন্নয়ন খণ্ডৰ খণ্ড আঁচনি পৰিচালিকা অনুজা বৰ্মনে উপস্থিত থাকি প্ৰশিক্ষাৰ্থীসকলক উদ্দেশ্যি প্ৰৰেণামূলক বক্তব্য প্ৰদান কৰি উজ্বল ভৱিষ্যত কামনা কৰে। অনুষ্ঠানত প্ৰশিক্ষাৰ্থীসকলৰ পৰা জোনালী মজুমদাৰ আৰু জামিনী ৰাভাই উক্ত প্ৰশিক্ষণৰ পৰা বহুত উপকৃত হোৱা বুলি কৈ প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সকলো বিষয়ববীয়াক কৃতজ্ঞতা জ্ঞাপন কৰে। কামৰূপ জিলাৰ বিভিন্ন অঞ্চলৰ ৩৫ গৰাকী প্ৰশিক্ষাৰ্থীৰ মাজত প্ৰমাণ পত্ৰ বিতৰণ অনুষ্ঠানত সাংবাদিক জীতুমণী দাস উপস্থিত থাকে। অসম গ্ৰামীণ বিকাশ বেংক, স্বনিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰশিক্ষক প্ৰণৱ শৰ্মাই আতধৰা অনুষ্ঠানটোত সহযোগিতা আগবঢ়ায় প্ৰশিক্ষণ প্ৰতিষ্ঠানটোৰ সহায়িকা পাৰিজাত সন্দিকৈয়ে।

খবৰ যুগুতালে মিৰ্জাৰ পৰা জীতুমণী দাসে. .

Comments (0)
Add Comment