হস্পিতালৰ বিচনাত ডিম্পলে কি কৰিছে

সপোন সকলোৱে দেখে।সপোনৰ পৰিধিৰ মাজত নিজকে আৱদ্ধ কৰি সকলোৱে জীৱনটো সজাব বিচাৰে।এগৰাকী হাঁহি ভালপোৱা এজনী ছোৱালী ।নাম ডিম্পল বৰা ।কিন্তু হঠাতে তাই বেমাৰত পৰিল।সৰু সুৰা বেমাৰ হ’লেও কিন্তু তাই এতিয়া হস্পিতালত দীৰ্ঘদিনৰ চিকিৎসাৰ ৰোগী।ৰোগাক্ৰান্ত সময় খিনিতো ডিম্পলে হস্পিতালত বহুতো গঠনমূলক কাম কৰিছে।চেলাইনৰ বটলে সুন্দৰভাৱে ফুলদানি তৈয়াৰ কৰিছে। ৱালত অংকন কৰিছে গুৰুত্বপূৰ্ণ বাণী।গোলাঘাট অসামৰিক চিকিৎসালয়ৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ডিম্পলক এই কৰ্মই সকলোকে আনন্দিত কৰি তুলিছে ।সকলোৱে একেমুখে কৈছে সময়ৰ সদব্যৱহাৰে ডিম্পলক ন পৰিচয় প্ৰদান কৰিছে।

Comments (0)
Add Comment