হেৰাই যাবলৈ ধৰা নিজৰ মাতৃভাষাক জীয়াই ৰখাৰ প্ৰয়াস কৰিছে এই জন ব্যক্তিয়ে

স্বভাষা আৰু সংস্কৃতিৰ প্ৰতি প্ৰত্যেকজন ব্যক্তিৰে টান থাকে।কিন্তু সময়ৰ সোঁতত সকলো ভাষা, সংস্কৃতিলৈ পৰিবৰ্তন আহিছে।এই পৰিবৰ্তনৰ সোঁতত একেবাৰে নিছিন্ন প্ৰায় হোৱা কথিত ভাষাৰ পুনৰ উদ্ধাৰৰ বাবে প্ৰয়াস কৰিছে অৰুণাচলৰ এজন ব্যক্তিয়ে।জানিব পৰা মতে অৰুণাচল চাংলাং জিলাৰ নিউতান গাঁৱৰ বাংলুং নামৰ ব্যক্তিজনে মোচাং ৱাংলুং ভাষাটো লিখিত ৰূপ দিয়াৰ কাম আৰম্ভ কৰিছে।সেই সম্প্ৰদায়টোৰ পঢ়ি থকা স্নাতক ছাত্ৰ ছাত্ৰীক তাংচা লিপি শিকোৱাৰ কামত ব্যস্ত হৈ পৰিছে।প্ৰসংগক্ৰমে উল্লেখযোগ্য যে তাংচা সম্প্ৰদায়ৰ লিপি গঢ়ি তোলাৰ কাম ১৯০০ চনতে আৰম্ভ হৈছিল।লাখুম মোচাং নামৰ ব্যক্তিজনে প্ৰথমে এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিছিল।কিন্তু ২০২০ চনত তেখেতৰ আকস্মিক বিয়োগ হোৱাত কিছুদিন বন্ধ থকা পাছত মোচাং ৱালুয়ে অব্যাহত ৰাখিছে।উল্লেখযোগ্য যে তাংচা লিপিত ৪৮ টা স্বৰবৰ্ণ আৰু ৩১ টা ব্যঞ্জন বৰ্ণ আছে। চুবুৰী ৰাজ্য খনত গঢ়ি উঠা এই বিপ্লৱকামী পৰিৱেশে নিশ্চয়কৈ ইতিবাচক বতৰা কঢ়িয়াইছে।

Comments (0)
Add Comment