১০০টা পৰিয়ালক খাদ্য সামগ্ৰী যোগান ধৰি মহানুভৱতা দেখুৱালে দীপেন শইকীয়াই

লখিমপুৰ জিলাৰ ঢকুৱাখনা মহকুমাৰ এজন কৰ্মোদ্যমী যুৱক।নাম দীপেন শইকীয়া। দীর্ঘদিন ধৰি তেখেত জটিল ৰোগত আক্ৰান্ত হৈ আছে যদিও জীৱন জীৱিকা সৈতে কোনো দিন আপোচ কৰা নাই। কৰ্ম শক্তিৰে জটিল ৰোগকো পৰাভূত কৰি ঢকুৱাখনা কমাৰ গাঁওৰ নিজা গৃহত সুদৃশ্য ফুলৰ নাৰ্চাৰী , জৈৱিক খেতি , সুস্বাদু খিলঞ্জীয়া ব্যঞ্জনৰ এখন ক্ষুদ্ৰ হোটেল দি স্বাৱলম্বীতাৰ সোপান ৰচিছে। প্ৰচুৰ অধ্যয়নশীল দীপেন শইকীয়াই বিগত সময়ত নতুন দিল্লীস্থিত “গুঞ্জ”নামৰ এটা বেচৰকাৰী সংগঠনৰ সমন্বয়ক হিচাপে সেৱা আগবঢ়াই আহিছিল। ক’ভিড সৃষ্ট পৰিবেশত শইকীয়াই এই গুঞ্জৰ সহযোগত স্থানীয় লোক সকলক সকাহ যোগাবলৈ সক্ষম হৈছে।
তেখেতৰ একক প্ৰচেষ্টাত বৃহস্পতি বাৰে ঢকুৱাখনা পাৰ্শ্বৱতী এলেকাৰ বিভিন্ন গ্ৰামাঞ্চলৰ মুঠ ১০০ গৰাকী ব্যক্তিক খাদ্য যোগান ধৰিছে।সেই ব্যক্তি সকলৰ ভিতৰত কোনোবা জন ঠেলাচালক , শ্ৰমিক ,কোনোবা জন মিস্ত্ৰী ,কোনোবা জন ৰিক্সাচালক , কোনোবাজন পান দোকানী , কোনোাজন পদ পথৰ দোকানী , কোনোজন অতি দৰিদ্ৰ ব্যক্তি। জানিব পৰা মতে শইকীয়াই প্ৰতি গৰাকীক চাউল ২০ কিলোগ্ৰাম , দাইল ২ কিলোগ্ৰাম ,চেনী ২ কিলোগ্ৰাম , বুটমাহ ২কিলোগ্ৰাম , মিঠাতেল ১ লিটাৰ , মহিলাৰ বাবে চেনিটেৰী নেপকিন ২পেকেট , মাস্ক ৩খন ,ডেটল চাবোন ২ টুকুৰা একোটাকৈ টোপোলা বিনামূলীয়াকৈ বিতৰণ কৰিছে । অনাগত ৩ মাহত শইকীয়াই মুঠ এহেজাৰ খাটি খোৱা শ্ৰমিক , ক্ষুদ্ৰ ব্যৱসায়ীক উপাৰ্জনৰ সহায়ক হোৱা আৰু উপকৃত কৰিব পৰাকৈ যোগান ধৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে বুলি এন ই ফ’কাচক জানিবলৈ দিলে। নিজে শাৰীৰিক আৰু আৰ্থিক ভাবে সীমাহীন অভাৱ সমস্যাৰে ভাৰাক্ৰান্ত হৈও ক`ভিড কালত অৰ্থনৈতিক ভাৱে কোঙা হোৱা নিঃস্ব সকলৰ প্ৰতি এপলক চিন্তা কৰি আগবঢ়োৱা এই সাহাৰ্য প্ৰদানৰ পদক্ষেপে নিশ্চিত ভাবে সমাজ হিতৈষী দীপেন শইকীয়াৰ মহানুভৱতাকে জনদৃষ্টিত প্ৰতিপন্ন কৰিলে।
বাতৰি যুগুতালে ঢকুৱাখনা পৰা অমৃত পৱন বৰাই।

Comments (0)
Add Comment