২৮ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব বিশেষ ৰেলসেৱা

যাত্ৰীৰ বৰ্দ্ধিত ভিৰৰ প্ৰতি লক্ষ্য ৰাখি এন এফ ৰেলৱেৰ কৰ্তৃপক্ষই গুৱাহাটী আৰু চেন্নাইৰ মাজত অহা ২৮ এপ্ৰিলৰ পৰা বিশেষ ৰেল চলাচল সেৱাৰ ব্যৱস্থা কৰিছে।এন এফ ৰেলৱেৰ জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন ভট্টাচাৰ্যই জানিবলৈ দিয়া মতে মতে ২৮ এপ্ৰিলৰ পৰা প্ৰতি সপ্তাহৰ দেওবাৰে এই বিশেষ ৰেলখন চলাচল কৰিব।জানিব পৰা মতে ৰেলখন গোৱালপাৰা ৰেল ষ্টেচন, বঙাইগাওঁ, কোকৰাঝাৰ ৰেল ষ্টেচন হৈ যাব ।

Comments (0)
Add Comment