ৰাজ্যিক ভিত্তিত অনুষ্ঠিত হ’ব এবাকাচ প্ৰতিযোগিতা

মাইণ্ড কাষ্টল ইডুকেশ্যনেল চ’চাইটিৰ উদ্যোগত প্ৰথমবাৰৰ বাবে এন ই গ্ৰীণ এবাকাচ প্ৰতিযোগিতা ৰাজ্যিক পৰ্য্যায়ত অনুষ্ঠিত হ’ব ।অহা ৫মে’ত ৰুক্মিণীনগৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব লগা প্ৰতিযোগিতাখনৰ আয়োজক তুলসীপ্ৰিয়া বৰদলৈ।আজি মহানগৰীৰ হোটেল গ্ৰেটৱেত অনুষ্ঠিত কৰা এক সংবাদমেলত বৰদলৈয়ে এবাকাচ প্ৰতিযোগিতাৰ সম্পৰ্কত কয় যে মানসিক উৎকৰ্ষ সাধন কৰা তথা মনোযোগ বৃদ্ধি কৰাৰ ক্ষেত্ৰত এবাকচৰ প্ৰয়োজনীয়তা অসীম।৫মে’ত সদৌ অসম ভিত্তিত প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।এহাজাৰো অধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব ।প্ৰতিযোগিতাত বিজয়ী সকলক একলব্য বঁটা প্ৰদান কৰা হ’ব।উল্লেখযোগ্য যে ইতিপূৰ্বেও তুলসীপ্ৰিয়া বৰদলৈয়ে হাতৰ আখৰ উন্নীতকৰণৰ কৰ্মশালা অসমৰ বিভিন্ন ঠাইত আহিছে।সংবাদমেল খনত এ পি ডব্লিউ অভিজিৎ শৰ্মা,দিগন্ত বৰদলৈ, এনিছা হুছেইন উপস্থিত থাকে।

Comments (0)
Add Comment