এই বৰ্ষত মুক্তি পাব লগীয়া কেইখনমান চিনেমাৰ কথাৰে

চিনেমা বা ছবি বুলিলে বেয়া পোৱা মানুহ খুব কমেহে ওলাব। ব্যস্ততাৰেই পৰিপূৰ্ণ জীৱন শৈলীৰ মাজত নিজকে অকণমান Relax কৰিবলৈ আমি নানা মনোৰঞ্জন হোৱা মাধ্যমৰ আশ্ৰয় লও। তাৰ ভিতৰত চিনেমা ও অন্যতম। আজি আপোনালোকক দিব বিচাৰিছো, এই বৰ্ষত ছবি গৃহলৈ আহিবলগীয়া কেইখনমান চিনেমাৰ বিষয়ে। তথ্য খিনি যোগান ধৰিলে UFO ৰ সৌৰভ দত্তই।

প্ৰাপ্ত তথ্য অনুসৰি জানুৱাৰী মাহত মুক্তি পাবলগীয়া ছবি কেইখন হৈছে, “কোঁৱৰপুৰৰ কোঁৱৰ” “দুৰ”, “চাকিৰা আহিব বকুল তলৰ বিহুলৈ”। আনহাতে “তুমি আহিবানে”, “ৰাফ এণ্ড টাফ”, “বিউটিফুল লাইফে ফেব্ৰুৱাৰী মাহত মুক্তি পাব। মাৰ্চমাহত ছবি গৃহলৈ আহিব লগা চিনেমা কেইখন হৈছে, “মৃগনাভী”, “চাণক্য”, “গেং অফ নৰ্থ ইষ্ট” আৰু মিচন চাইনা। “লোকেল কংফু-২”, “অথেলো”, “অন্তৰীণ”, শেষ অংগীকাৰ আদিয়ে মে’ জুন মাহত মুক্তি লাভ কৰিব। ইফালে চন্দ্ৰ মুদৈৰ পৰিচালনাৰে “এপাহ ফুলিল এপাহ সৰিল” শীৰ্ষক চিনেমা খনে ১১ আগষ্টত মুক্তি লাভ কৰিব। দুৰণিৰ নিৰলা পজাঁ, সোন বৰণৰ পক্ষী, “অজানিতে” নামৰ ছবি কেইখনে কেতিয়া মুক্তি লাভ কৰিব দিন নিৰ্দ্ধাৰণ হোৱা নাই। উল্লেখযোগ্য যে ২০০৭ চনৰ পৰাই UFO য়ে অসমত সেৱা আগবঢ়াই আহিছে। UFO ৰ দ্বাৰা স্বীকৃতি পোৱা প্ৰথমখন অসমীয়া চিনেমা হ’ল “জোন দা ইমান গুণ্ডা”।

 

প্ৰিয় পাঠক, এই বৰ্ষত আহিবলগীয়া চিনেমা কেইখনৰ বিষয়ে জানিব পাৰি নিশ্চয়কে সুখী হ’ল নহয়নে? অসমীয়া চিনেমা তথা চিনেমা গৃহলৈ সুদিন আকৌ আহিব। মাথো অপেক্ষা কৰক,কেইখনমান ছবিৰ মুক্তিৰ বাবে।
Comments (3)
Add Comment
  • DEEPEN RAJKONWAR

    UFO কেতিয়াৰ পৰা অসমত ?

    • admin

      ২০০৭ চনৰ পৰা

  • Sangeetasaikia

    2007chanar pora.