নৰ্থ গুৱাহাটী জাৰ্ণেলিষ্ট ফ’ৰামৰ উল্লেখযোগ্য পদক্ষেপ


গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিক সকল সদায় উপেক্ষিত। আজি দিনটো সাংবাদিক সকলে সমাজ সেই বিশেষ মৰ্য্যাদা পোৱা নাই। যিমান খিনি পাব লাগিছিল, এই মন্তব্য জেষ্ঠ্য সাংবাদিক প্ৰণয় বৰদলৈৰ। উল্লেখযোগ্য যে বন্যপ্ৰাণী ক্ৰীড়া, সামাজিক, ক্ষেত্ৰত তথা সাংবাদিকতাৰ ক্ষেত্ৰত বিশেষ ভাবে যোগোৱা অৰিহণাৰ বাবে DY 365 ৰ পৰিচালন সঞ্চালক প্ৰণয় বৰদলৈ আৰু প্ৰতিদিন টাইম চেনেলৰ খগেন কৰিতাক সম্বৰ্ধনা জনোৱা হয়।

নৰ্থ গুৱাহাটী জাৰ্ণেলিষ্ট ফ’ৰামৰ উদ্যোগত আৰু নাৰায়ণা ছুপাৰ স্পেচিয়েলিটি হস্পিতালৰ সহযোগত আজি গুৱাহাটী প্ৰেছ ক্লাৱত এই অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানটোত ডাঃ অঞ্জন জ্যোতি চৌধুৰীয়ে গীত পৰিবেশন কৰে। শিক্ষাবিদ ডo অমৰ জ্যোতি চৌধুৰী, ফনীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী, সঞ্জীৱ কুমাৰ ফুকন আদি কৰি বহু কেইজন গণ্য মান্য ব্যক্তি উপস্থিত আছিল।

Comments (0)
Add Comment