অম্বুবাচী মেলালৈ অহা ভক্তৰ মাজত আহাৰ বিতৰণ সন্দৰ্ভত আলোচনা-বেচৰকাৰী সংস্থাৰ প্ৰতিনিধিৰে জিলা প্ৰশাসনৰ বৈঠক

0 151

সমাগত অম্বুবাচী মেলালৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আহিবলগীয়া ভক্তসকলৰ মাজত আহাৰ বিতৰণ ব্যৱস্থা সন্দৰ্ভত আলোচনাৰ বাবে আজি কামৰূপ (মহানগৰ) জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অতিৰিক্ত উপায়ুক্ত ড。ধ্ৰুৱজ্যোতি হাজৰিকাৰ অধ্যক্ষতাত এখন বৈঠক অনুষ্ঠিত হয়৷ অতিৰিক্ত উপায়ুক্ত বিক্ৰম ছেত্ৰী আৰু যোগান বিভাগৰ উপ-সঞ্চালকৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত বিগত বৰ্ষবোৰত ভক্তক শিবিৰত আহাৰ যোগান ধৰি অহা বেচৰকাৰী সংস্থাসমূহৰ প্ৰতিনিধিসকল উপস্থিত থাকে৷ সংস্থাসমূহে জিলা প্ৰশাসনে ভগাই দিয়া অনুসৰি শিবিৰতে আহাৰ প্ৰস্তুত কৰি ভক্তৰ মাজত বিতৰণ কৰিব৷ ভক্তৰ বাবে আহাৰ প্ৰস্তুত কৰোতে পৰিস্কাৰ- পৰিচ্ছন্নতাৰ দিশটোক সৰ্বাধিক গুৰুত্ব দিবলৈ আৰু খাদ্যৰ উচ্চ মান ৰক্ষা কৰিবলৈ জিলা প্ৰশাসনে আহ্বান জনায়৷ ভক্তসকলক শিবিৰতে পুৱা, দুপৰীয়া আৰু নিশাৰ আহাৰৰ লগতে পুৱা আৰু সন্ধিয়াৰ চাহ যোগান ধৰা হ’ব৷ ইয়াৰোপৰি সংস্থাসমূহে ভক্তক বিশুদ্ধ খোৱাপানীও যোগান ধৰিব৷ ভক্তক আহাৰ আৰু খোৱাপানী যোগান ধৰাৰ সময়ত প্লাষ্টিকৰ প্লেট, গ্লাছ আদি পৰিহাৰ কৰিবলৈ জিলা প্ৰশাসনে নিৰ্দেশ দিয়ে৷ পৰিচ্ছন্নতাৰ স্বাৰ্থত আহাৰ যোগানৰ পিছতে ব্যৱহৃত প্লেট, গ্লাছ আদি পৌৰনিগমৰ কৰ্মীয়ে সহজে লৈ যাব পৰাকৈ গোটাই ৰখাৰ ব্যৱস্থা কৰিবলৈও জিলা প্ৰশাসনে বেচৰকাৰী সংস্থাসমূহক আহ্বান জনায়৷

Leave A Reply

Your email address will not be published.