অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদৰ সুৰজিৎ একাডেমীৰ জৰিয়তে অন্ধবিশ্বাসৰ বিৰুদ্ধে অভিযান সামাজিক অশুভ শক্তি নিৰ্মূলৰ প্ৰচাৰ

0 165

অসম চৰকাৰৰ বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ অধীনৰ অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদ”ৰ প্ৰকল্পৰ অধীনত সজাগতা কাৰ্যসূচীত গুৱাহাটীৰ অন্যতম শৈক্ষিক সাংস্কৃতিক অনুষ্ঠান সুৰজিৎ একাডেমীয়ে ১৫ জুলাইৰ পৰা গোৱালপাৰাৰ বিভিন্ন অঞ্চলত আৰাম্ভ কৰিছে “অন্ধবিশ্বাসৰ বিৰুদ্ধে অভিযান সামাজিক অশুভ শক্তি নিৰ্মূলৰ প্ৰচাৰ”ৰ বাবে বাটৰ নাট, পুতলা নাচ, কলা যাত্ৰা, সম্প্ৰদায় সংবেদনশীলতা সভা, মহিলাৰ সাবলীকৰণৰ সভা। গোৱালপাৰাৰ ধুপধাৰা, ৰংজুলি, দুধনৈ, মাতিয়া আদি বিভিন্ন অঞ্চলৰ জনসাধাৰণৰ সহযোগিতা উল্লেখনীয়। বাটৰ নাট, পুতলা নাচ, সম্প্ৰদায় সংবেদনশীলতা সভা, মহিলাৰ সাবলীকৰণৰ সভা কৰাত সম্পুৰ্ণ সহযোগিতা আগবঢ়ায় গোৱালপাৰাৰ জনসাধাৰণে। সুৰজিৎ একাডেমীয়ে আয়োজন কৰা “সম্প্ৰদায় সংবেদনশীলতা সভা আৰু মহিলাৰ সাবলীকৰণৰ সভা”ত মুখ্য অতিথি মাতিয়া মডেল হস্পিতালৰ চিকিৎসক ডা: মনোৰমা গুপ্তা আৰু বিশিষ্ট অতিথি মাতিয়া মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰমেশ কলিতা, শিক্ষয়িত্ৰী লেখা ৰাণী কাকতি আৰু সুৰজিৎ একাডেমীৰ অধ্যক্ষা বিনীতা দেৱী উপস্থিত থাকে। প্ৰায় শতাধিক মহিলাই সভাত অংশগ্ৰহন কৰি মাতিয়া মডেল হস্পিতালৰ চিকিৎসক ডা: মনোৰমা গুপ্তাৰ তত্ত্ব গধুৰ বক্তব্য “সম্প্ৰদায় সংবেদনশীলতা আৰু মহিলাৰ সাবলীকৰণৰ” বিষয় বস্তু গুৰুত্ব সহকাৰে লয়। চিকিৎসক ডা: মনোৰমা গুপ্তাই কয় “মহিলাই কৈশৰী অবস্থাৰ পৰাই ঋতুস্ৱাব মাহেকীয়াই কি দৰে দৈনন্দিন কাৰ্য্যত সংগ্ৰাম কৰিব লাগে, বহু অন্ধ বিশ্বাসত বসবৰ্তি হৈ মহিলাই নিজৰ শৰীৰ ঘুনীয়া কৰিব লাগে। অস্পৃশ্য জ্ঞান কৰে সমাজত এই সকলোবোৰ মষিমূৰ কৰি মহিলাই আগবাঢ়ি যাব লাগে। শৰীৰ সুন্দৰ সুঠাম কৰি ৰাখিবলৈ চিকিৎসকৰ পৰামৰ্শ লব লাগে। পৰিষ্কাৰ পৰিছন্ন ভাৱে নিজকে ৰাখিব লাগে। শিক্ষিত হোৱা প্ৰয়োজন প্ৰতি গৰাকী মহিলা। তেতিয়া এই অন্ধ বিশ্বাস সমূহ দূৰীকৰণত সহায়ক হব।” বিশিষ্ট অতিথি মাতিয়া মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰমেশ কলিতা, শিক্ষয়িত্ৰী লেখা ৰাণী কাকতি আৰু সুৰজিৎ একাডেমীৰ অধ্যক্ষা বিনীতা দেৱীয়ে ও “সম্প্ৰদায় সংবেদনশীলতা আৰু মহিলাৰ সাবলীকৰণৰ” ৰ ওপৰত সুন্দৰ বক্তব্যৰে মহিলা সকলক জনজাগৰণ কৰি আত্মবিশ্বাসী হবলৈ গঢ়ি তোলে। “অন্ধবিশ্বাসৰ বিৰুদ্ধে অভিযান সামাজিক অশুভ শক্তি নিৰ্মূলৰ প্ৰচাৰ”ৰ বিষয় বস্তুলৈ ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা চিনিয়ৰ ফেল’শ্বিপ প্ৰাপ্ত সীমান্ত শৰ্মাৰ ৰচনা আৰু পৰিচালনাত বাটৰ নাট “অন্ধবিশ্বাস” আৰু এণ.চি.ই.আৰ.টি, চি.চি.আৰ.টি , এছ চি আৰ টি, বিজ্ঞান প্ৰসাৰৰ সমল ব্যক্তি তথা ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা ৰাষ্ট্ৰীয় টেগৰ ৰিচাৰ্ছ স্কলাৰ প্ৰাপ্ত বিনীতা দেৱীৰ ৰচনা আৰু পৰিচালনাত “নাৰীৰ সবলীকৰণ” পুতলা নাট গোৱালপাৰাৰ বিভিন্ন অঞ্চল গাঁওৰ বজাৰ, মহিলা সমিতি, বিদ্যালয়, মহাবিদ্যালয়ৰ সন্মুখ আদিত পৰিৱেশন প্ৰায় দীঘলীয়া কাৰ্য্য সূচীৰে চলি আছে। বাটৰ নাট আৰু পুতলা নাট সমূহত অভিনয় কৰিছে ধ্ৰুজ্যোতি কলিতা, হাৰ্দিক শৰ্মা, বিনীতা দেৱী, লনী কাকতি, কৰিশ্মিতা তালুকদাৰ, সীমান্ত শৰ্মা, গণেশ বড়ো। এই “অন্ধবিশ্বাসৰ বিৰুদ্ধে অভিযান সামাজিক অশুভ শক্তি নিৰ্মূলৰ প্ৰচাৰ” যাত্ৰাই জনসাধাৰণৰ সমাজ জীৱন যথেষ্ট সাৰ্থকতা লাভ কৰিব। অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদ আৰু সুৰজিৎ একাডেমীৰ এই পদক্ষেপ প্ৰসাশনীয়। সুৰজিৎ একাডেমীয়ে জানিবলৈ দিয়া মতে অসম চৰকাৰৰ অধীনৰ বিদ্যালয় সমূহত গ্ৰীষ্মবন্ধ খোলাৰ পিছত বিদ্যালয় সমূহত কলা যাত্ৰা অনুষ্ঠিত কৰিব বুলি জনাইছে ।

Leave A Reply

Your email address will not be published.