বটদ্ৰৱাত মহাপুৰুষ গুৰুজনাই কীৰ্তন ঘৰৰ দক্ষিণে সাত বৈকুন্ঠৰ শক্তি স্থাপনৰ উদ্দেশ্যে পঞ্চদশ শতিকাতে সাত থাক কৰি দৌলৰ ভেটি বন্ধাইছিল। শংকৰ গুৰুজনাই তাৰাৰ জন্মস্থান বটদ্ৰৱা আলিপুখুৰীত মাঘৰ পূৰ্ণিমাত চিহ্নযাত্ৰা ভাওনা কৰি ফাল্গু পূৰ্ণিমাত এই দৌলতেই পোন প্রথম বাৰৰ বাবে ফাল্গু উৎসৱ অৰ্থাৎ ৰঙৰ উৎসৱ ফাকুৱা পাতি গোবিন্দ গোসাঁই মুৰত ফাকু দি অনুপম আনন্দদায়ক ফল্গুোৎসৱৰ পাতনি মেলিছিল। তাহানিতে গুৰুজনে দেখুৱাই যোৱা মহান ঐতিহ্যক সাৰোগত কৰি পৰম্পৰাগত ধৰ্মীয় সাংস্কৃতিক ৰীতি নীতিক মূল ভেটি হিচাপে লৈ প্রতি বছৰে বটদ্রৱাত মহাআড়ম্বৰপূৰ্ণ ভাৱে দৌল উৎসৱ বা ফাকুৱা উৎসৱ উদযাপন কৰা হয়। এইবাৰো শ্রীশ্রী বটদ্রৱা ধামত পৰম্পৰাগত ৰীতি নীতিৰে ৮ মাৰ্চৰ পৰা পাঁচ দিনীয়া বৰ্নাঢ্য কাৰ্যসূচীৰে আড়ম্বৰপূৰ্ণ ভাৱে চলি আছে দৌল উৎসৱ। ৫ দিনীয়া দৌল উৎসৱৰ এই মহা আনন্দ উৎসৱত অসমৰ ভিন ভিন ঠাইৰ পৰা লক্ষ লক্ষ ভক্তপ্ৰাণ ৰাইজ উপস্থিত হৈ ভকতি অমিয়া ৰসৰ আনন্দ পান কৰিছে। সমগ্ৰ দেশ জুৰি “কৰোনা” ভাইৰাছে ভয়াবহ ৰূপ ধাৰন কৰাক লৈ ৰাজ্য প্ৰশাসনেও সতৰ্কতা অৱলম্বন কৰি জনসমাগমৰ পৰা আতৰি থাকিবলৈ আহ্বান জনাইছে যদিও বটদ্ৰৱা এই কেইদিন দ্বিতীয় বৈকুণ্ঠপুৰিত পৰিণত কৰিছে ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিয়ে। দৌল উৎসৱৰ বিভিন্ন পৰম্পৰাগত কাৰ্যসূচীৰ উপৰিও এখনি ৰঙৰ হাত অনুষ্ঠিত কৰি ৰাইজৰ মনোৰঞ্জন পূৰণৰ ব্যৱস্থা কৰিছে থান পৰিচালনা সমিতিয়ে।
খবৰ যুগুতালে নগাঁৱৰ পৰা ৰাহুল দেৱ বৰদলৈয়ে..

নেতাজীৰ কিছু অপ্ৰকাশ্য কথাৰে…
দেশৰ স্বতন্ত্ৰ সেনানীৰ তালিকাত শীৰ্ষত থকা অন্যতম বীৰ যোদ্ধা হ’ল সুভাষ চন্দ্ৰ বসু। তেখেতে ১৮৯৭ চনৰ ২৩ জানুৱাৰীত উৰিষ্যাৰ কটকত জন্ম গ্ৰহণ কৰিছিল।সুভাষ চন্দ্ৰ বসু আছিল একেধাৰে বীৰ যোদ্ধা , সৈনিক আৰু দক্ষ ৰাজনীতিবিদ। তেতিয়াৰে দিনতে দেশৰ লগতে বিদেশতো তেখেতে বেচ সমাদৰ লাভ কৰিছিল।
আজাদ হিন্দ ফৌজ গঠন কৰি দেশবাসীক দেশৰ স্বাধীনতা বাবে উদ্বুদ্ধ কৰি তুলিছিল। সুভাষ চন্দ্ৰ বসুয়ে দেশবাসীক উদ্দেশ্যে কৈছিল মনত ৰাখিব সকলোতকৈ ডাঙৰ অপৰাধ হ’ল অন্যায় সহা আৰু ভুল বুলি জানিও সহমত প্ৰদান কৰা।
সৰুৱে পৰা নেতাজী আছিল অত্যন্ত মেধাসম্পন্ন। এবাৰ কলেজত এগৰাকী ইংৰাজ অধ্যাপকে ভাৰতীয় বিষয়ে আপত্তিজনক মন্তব্য কৰিছিল। তেতিয়া নেতাজীয়ে সেই মন্তব্যক বিৰোধিতা কৰাৰ বাবে শাস্তি ভুগিব লগা হৈছিল।নেতাজীয়ে মহামানৱক জাতিৰ পিতা বুলি সম্বোধন কৰিছিল।যদিও মহামানৱ মহাত্মা গান্ধী দৰ্শনৰ লগত সুভাষ চন্দ্ৰ বসুৰ দৰ্শন অমিল আছিল তথাপিও দুগৰাকীয়ে দেশৰ স্বাধীনতা আন্দোলনৰ বাবে আহোপুৰুষাৰ্থ কৰিছিল।ইংৰাজৰ দিনতে ভাৰতীয় প্ৰশাসনীয় সেৱাত উত্তীৰ্ণ হৈও এজন সমাজসেৱক অথবা ৰাজনীতিবিদৰ হিচাপেহে দেশৰ সেৱা আগবঢ়াইছিল।
তেখেতে কৈছিল কাম কৰি যোৱা ফলাফল দাতাই দিব।এইগৰাকী বীৰক সন্মান জনাই তেখেতৰ জন্মদিনটোৰ পৰাক্ৰম দিৱস হিচাপে পালন কৰা হয়।নেতাজীৰ মৃত্যু আজিও ৰহস্য হৈয়ে থাকিল। প্ৰাপ্ত তথ্য অনুসৰি ১৯৪৫ চনৰ ১৮ আগষ্টত এক প্লেন দুৰ্ঘটনাত মৃত্যু হয়।নেতাজী জীৱিত থকা হ’লে ভাৰতীয় ৰাজনীতিয়ে অন্য মাত্ৰা লাভ কৰিলে হেতেন!এইগৰাকী মহান মনিষীৰ শুভ জন্মদিনত শ্ৰদ্ধাৰে সুঁৱৰিছো।
ভিউৱাছৰ মতামত