অসমৰ প্ৰাক্তন আন্ত:ৰাষ্ট্ৰীয় বেডমিণ্টন খেলুৱৈ মাধুৰ্য্য বৰুৱাক বৃহস্পতিবাৰে গুৱাহাটীত সম্বৰ্ধনা জনায় অসম ইলেক্ট্ৰনিক মিডিয়া স্পৰ্টছ জাৰ্ণেলিষ্ট এচ’চিয়েছনে। ৰাজস্থান বেডমিণ্টন সন্থাৰ মুখ্য উপদেষ্টা তথা যোধপুৰ বেডমিণ্টনৰ ছিনিয়ৰ উপ সভাপতিৰ দায়িত্বত থকা মাধুৰ্য্য বৰুৱা অসম ক্ৰীড়া প্ৰাধিকৰণৰ সদস্য হিচাপে ৰাজ্য হিচাপে মনোনীত কৰে । প্ৰাক্তন অল ইংলেণ্ড বেডমিণ্টন, থাইলেণ্ড অপেন, মালয়েছিয়া অপেন, ইণ্ডোনেচিয়া অপেনৰ খেলুৱৈ গৰাকীয়ে গুৱাহাটীৰ মত বিনিময় অনুষ্ঠানতে ৰাষ্ট্ৰীয় ছাৱ জুনিয়ৰ, জুনিয়ৰ আৰু ছিনিয়ৰত চেম্পিয়নৰ অভিজ্ঞতা ৰোমন্থনৰ লগতে ৰাজস্থানৰ অভিজ্ঞতাৰ বিষয়ে উল্লেখ কৰে। বিধায়ক ডা: নোমল মমিনে মাধুৰ্য্য বৰুৱাক ৰাজস্থানৰ উপৰি অসম বেডমিণ্টন দায়িত্ব দিবলৈ বৃহস্পতিবাৰৰ সভাৰ জৰিয়তে অসম বেডমিণ্টনৰ মুৰব্বী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনায়। হোটেল গেটৱে গ্ৰেণ্ডৰ গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানতটোত জ্যোষ্ঠ সাংবাদিক তথা ইলেক্ট্ৰনিক ক্ৰীড়া সাংবাদিকৰ উপদেষ্টা প্ৰণয় বৰদলৈ, অসম অলিম্পিকৰ উপ সভাপতি দ্বয় বিধায়ক ডা: নোমল মমিন, বিষ্ণুৰাম নুনিছা, সভাপতি জয়ন্ত দাস, সাধাৰণ সম্পাদক বিপুল বৰ্মন, উপ সভাপতি কিশোৰ তালুকদাৰ উপস্থিত আছিল।

পবিত্ৰ ৰাম নৱমীৰ শুভেচ্ছা জ্ঞাপন কৰিলে ৰাষ্ট্ৰপতিয়ে
আজি ৰাম নৱমী।এই ৰাম নৱমী হিন্দু ধর্মৰ এক পবিত্ৰ উৎসৱ।এই উৎসৱ ভগৱান ৰামৰ জন্মৰ লগত জৰিত।ৰাম নৱমী উপলক্ষে বিভিন্ন ঠাইত পূজা অৰ্চনা কৰা হৈছে।এই ৰাম নৱমী শুক্লপক্ষৰ নৱমী তিথিত পালন কৰা হয়।
ৰাম নৱমী উপলক্ষে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক শুভেচ্ছা জনায় কয় যে ভগৱান ৰামৰ আৰ্শীবাদ দেশবাসীৰ প্ৰতি সদায় বৰ্তি থাকক।আনহাতে এই সম্পৰ্কত ৰাষ্ট্ৰপতি ৰামনাথ কবীন্দ্ৰে এনেদৰে কয় ৰামৰ ধৰ্মই আমাক সদায় অনুপ্ৰাণিত কৰি আহিছে।ন্যায় আৰু মানৱীয় গুণৰ বাবে ৰামৰ আদৰ্শই যুগ যুগ ধৰি সকলোকে অনুপ্ৰেৰণা যোগাব।
ভিউৱাছৰ মতামত