এন আৰ এল শোধনাগাৰ ২০০০বৰ্ষৰ অক্টোবৰ মাহত উৎপাদন কাৰ্য আৰম্ভ হোৱাৰে পৰা কোম্পানীটোৱে আনুসাংগিক নিম্নমুখী ব্যৱসায়বোৰ শক্তিশালী কৰাত মনোনিবেশ কৰি আহিছে ।কোম্পানীটোৱে বৰ্তমান উৰ্দ্ধমুখী ব্যৱসায়ত মনোনিবেশ কৰি অনুসন্ধান আৰু উৎপাদনৰ অভিযান আৰম্ভ কৰিবলৈ লৈছে । ভাৰত চৰকাৰৰ পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে অসমৰ দুটা অনুসন্ধান খণ্ড নামৰুপ আৰু মেচাকী খণ্ডক অংশীদাৰী ৰুপত অনুসন্ধানৰ বাবে অনুমতি প্ৰদান কৰিছে।জানিব পৰা মতে অইলে এই দুটা খণ্ডতে অইলৰ অভিযান অব্যাহত ৰাখিব।

পুৰণিগুদামৰ বিহু তলিত অ ৪ ব`হাগৰ দিনটোক ‘গছ বিহু’ হিচাপে পালনৰ আহ্বান অৰণ্য মানৱৰ
ৰাজ্যৰ সৰ্বত্ৰে এতিয়া ৰঙালীৰ উখল মাখল পৰিৱেশ। নগাঁও পুৰণিগুদামত ‘নাট্যম গোষ্ঠী’য়ে অনুষ্ঠিত কৰিছে বিহু নৃত্য আৰু ঢোল বাদনৰ কৰ্মশালাৰ । অলপতে নাট্যম গোষ্ঠীয়ে অনুষ্ঠিত কৰা মুকলি বিহু চাবলৈ পাৰঘাটৰ বিহু তলিত উপস্থিত হয় অৰণ্য মানৱ যাদৱ পায়েং।
উল্লেখযোগ্য যে তেখেতে পুৰণিগুদামৰ বিহু তলিত উপস্থিত হৈ ৪ ব’হাগৰ দিনটো পৰম্পৰাগত ভাৱে গছ বিহু হিচাপে পালন কৰিবলৈ নগাঁওবাসীক আহ্বান জনায়।গছৰ তলত বিহু পাতিলে নাচিবলৈ নজনা গছজোপায়েও হাঁহিব পাৰে বুলি তেখেতে মন্তব্য কৰে।
অৰণ্য মানৱ যাদৱ পায়েঙক এখনি গামোচা, এখন চেলেং চাদৰ আৰু এখন ফলকৰ জৰিয়তে ৰাজহুৱাভাৱে সম্বৰ্দ্ধনা জ্ঞাপন কৰে।অনুষ্ঠানত উপস্থিত থাকি প্ৰকৃতি তথা মানুহৰ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ অৰ্থে কৰিবলগীয়া কৰ্ম সম্বন্ধেও পায়ঙে মন্তব্য কৰে।
ভিউৱাছৰ মতামত