পৰিবেশ মিত্ৰতাৰ ক্ষেত্ৰত এখোজ আগবাঢ়ি থকাৰ স্বীকৃতি স্বৰূপে নুমলীগডৰ শোধনাগাৰ লিমিটেডে ১৩তম চি আই আই সংস্কৰণ জল ব্যৱস্থাপনা উৎকৃষ্টতাৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ ২০১৯ বঁটাৰে সন্মানীত হৈছে।ভাৰত চৰকাৰৰ জল শক্তি মন্ত্ৰালয়ৰ জল সম্পদ বিভাগৰ সচিব ইউ পি সিঙে নতুন দিল্লীত ৫ম জল নৱন্মেষ অধিবেশনত এই পুৰস্কাৰ প্ৰদান কৰে।এন আৰ এলৰ হৈ এই পুৰস্কাৰ গ্ৰহণ কৰে মিণ্টু বৰুৱাই।

অসমৰ ক্ৰীড়া প্ৰেমীলৈ সুনাম কঢ়িয়াই আনিলে ৰিংকু, বিকাশ, হিৰকজ্যোতিয়ে..
উত্তৰ প্ৰদেশৰ গাজিয়াবাদত যোৱা ১৬আৰু ১৭ জানুৱাৰীত অনুষ্ঠিত হোৱা অখিল ভাৰতীয় ৰাষ্টীয় টাইকোৱাণ্ড কাপ ২০২১ ত মহানগৰীৰ ধাৰাপুৰ টাইকোৱাণ্ড একাডেমীৰ হৈ সাত জন টাইকোৱাণ্ড খেলুৱৈয়ে অংশগ্ৰহণ কৰি বিজয়ী হৈ ধাৰাপুৰৰ লগতে অসমৰ নাম জিলিকাবলৈ সক্ষম হয় । উল্লেখ্য যে ধাৰাপুৰ টাইকোৱাণ্ড একাডেমীৰ হৈ ৰিংকু কৰোৱাই সোণৰ মেডেল,বিকাশ কলিতা, হিৰকজ্যোতি দাসে ৰূপৰ মেডেল, পৰশমণি কলিতাই ৰূপৰ মেডেল, গৌতম দাসে ৰূপৰ মেডেল, প্ৰিয়ম কলিতাই ব্ৰঞ্জৰ মেডেল আৰু গোকুল দাসে ব্ৰঞ্জৰ মেডেল লাভ কৰিবলৈ সক্ষম হয় । এই সকল খেলুৱৈ সুনাম অৰ্জন কৰি উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ পৰা উভতি অহাৰ পিছত ধাৰাপুৰত স্কুল খেল পথাৰত আজি ধাৰাপুৰ টাইকোৱাণ্ড একাডেমীৰ প্ৰশিক্ষক সঞ্জয় দাস, মুকুট বৈশ্য আৰু ধাৰাপুৰ মৌজাই বিপুল আদৰণী জনায়।
ভিউৱাছৰ মতামত