কটন বিশ্ববিদ্যালয়ৰ নামভৰ্তিৰ দিন ঘোষণা

কটন বিশ্ববিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ নামভৰ্তিৰ দিন ঘোষণা কৰিছে।এই সন্দৰ্ভত ইতিমধ্যে জাননী প্ৰকাশ কৰিছে কৰ্তৃপক্ষই।

 

 

অহা ১৫জুলাইৰ পৰা ২৫জুলাই সন্ধিয়া ৭বজাৰ ভিতৰত শিক্ষাৰ্থীসকলে নামভৰ্তিৰ আবেদন জমা কৰিব পাৰিব। সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নামভৰ্তিৰ সমগ্ৰ প্ৰক্ৰিয়াটো অনলাইনৰ জৰিয়তে কৰা হ’ব।

 

 

শিক্ষাৰ্থী সকলে অনলাইন আৱেদন কৰাৰ বাবে ইতিমধ্যে ৱেবছাইট এটা মুকলি কৰা হৈছে। কটন বিশ্ববিদ্যালয়ৰ www.cottonuniversity.ac.in ৱেৱচাইটটোৰ জৰিয়তে অহা ১৫জুলাইৰ পৰা শিক্ষাৰ্থী সকলে আৱেদন কৰিব পাৰিব৷ উল্লেখযোগ্য যে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বিশ্ববিদ্যালয়ৰ ৱেৱচাইটযোগে অহা ৩০জুলাইত মেধাৰ তালিকা প্ৰকাশ কৰিব।

 

স্মৰ্তব্য যে যিহেতু আৱেদন প্ৰক্ৰিয়া অনলাইন প্ৰক্ৰিয়াৰে সম্পন্ন হ’ব সেয়েহে শিক্ষাৰ্থীসকলে কোনোধৰণৰ শৈক্ষিক মাছুল প্ৰদান কৰিব নালাগে। আনহাতে কটন বিশ্ববিদ্যালয়ত বিজ্ঞান শাখাৰ বাবে ৩২০ খন আসন আছে। কলা শাখাত ১২০ খন আসন আছে৷ সমান্তৰালভাৱে বিশেষভাবে সক্ষম শিক্ষাৰ্থীৰ বাবে ৩শতাংশ আসন সংৰক্ষিত থাকিব ৷

Share on whatsapp
WhatsApp
Share on facebook
Facebook
Share on twitter
Twitter
Share on email
Email

চলা সংৰক্ষিত বনাঞ্চল সংৰক্ষণৰ বাবে বিশেষ পদক্ষেপ সচেতন ৰাইজৰ

চৰাইদেউ জিলাৰ বনাঞ্চল সমূহৰ ভিতৰত অন্যতম এখন হ’ল চলা সংৰক্ষিত বনাঞ্চল। এই বনাঞ্চল খনৰ বন ধ্বংস কাৰ্য ৰোধ কৰিবলৈ কাষৰীয়া অঞ্চলৰ ৰাইজে কিছু বছৰৰ পৰা ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰি আহিছে।

 

সংৰক্ষিত বনাঞ্চল খনক চলা গ্ৰাম্য অভয়াৰণ্য হিচাপে ঘোষণা কৰি গাওঁবাসীয়ে ইয়াত গছপুলি ৰোপণ আৰু প্ৰতিপালন কৰাৰ লগতে বিভিন্ন সজাগতামূলক কাৰ্যসূচী ৰূপায়ন কৰি অহাৰ খবৰ বিভিন্ন সংবাদ মাধ্যমত প্ৰচাৰ হৈছিল।

 

চলা ভিলেজ চেনছুৱেৰী কনজাৰভেছন চ’ছাইটি নামেৰে এখন সমিতি গঠন কৰি বনাঞ্চলখনক সুৰক্ষাৰ বাবে স্থানীয় লোকসকল ওলাই অহা কাৰ্য ইতিমধ্যে প্ৰশংসিত হৈছে। কেৱল সেয়াই নহয় শেহতীয়াকৈ সোণাৰিৰ নাফুকস্থিত বনাঞ্চলিক বিষয়াৰ অনুমোদন সাপেক্ষে চলা সংৰক্ষিত বনাঞ্চলখনত নিশা পহৰা দিয়াৰো স্থানীয় লোকে ব্যৱস্থা কৰিছে। স্থানীয় যুৱকসকলক লৈ একোটা দল গঠন কৰি চলা ভিলেজ চেনছুৱেৰী কনজাৰভেছন চ’ছাইটিৰ সহযোগত ইতিমধ্যে পহৰা দিয়া আৰম্ভ কৰা হৈছে যাতে বনাঞ্চল খনৰ পৰা নিশা কোনো দুষ্কৃতিকাৰীয়ে কাঠৰ সৰবৰাহ কৰিব নোৱাৰে। চলা সংৰক্ষিত বনাঞ্চল সংৰক্ষণৰ বাবে চলা ভিলেজ চেনছুৱেৰী কনজাৰভেছন চ’ছাইটিয়ে গ্ৰহণ কৰা এই পদক্ষেপ এতিয়া জিলাখনত প্ৰশংসা লাভ কৰিছে।

 

ইফালে চলা ভিলেজ চেনছুৱেৰী কনজাৰভেছন চ’ছাইটিয়ে আজি দ্বিতীয় প্ৰতিষ্ঠা দিৱস উপলক্ষে সজাগতামূলক চাইক্লিং, জাংগল ট্ৰেকিং অনুষ্ঠিত কৰা লগতে এখন সজাগতা সভা অনুষ্ঠিত হয়। প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত বহুকেইজন প্ৰকৃতিপ্ৰেমীৰ লগতে প্ৰাকৃতিক পৰ্যটনৰ লগত জড়িত কাজিৰঙাৰ বিতুপন কলঙো উপস্থিত থাকে।

খবৰ যুগুতালে সোণাৰিৰপৰা অভিজিৎ ভূঞাই..

আজিৰে পৰা পৰ্যটকৰ বাবে মুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

আজিৰে পৰা পৰ্যটকৰ বাবে মুকলি কৰা হ’ব বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।এই উপলক্ষে অনুষ্ঠিত হ’বলগীয়া কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

 

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্তৃপক্ষই সদৰি কৰা  জানিবলৈ অনুসৰি প্ৰতিকূল বতৰ আৰু ৰাষ্ট্ৰীয় উদ্যান খনৰ ভিতৰভাগ বাট-পথৰ অৱস্থা প্ৰতি লক্ষ্য ৰাখি কাজিৰঙা বনাঞ্চল কঁহুৱা আৰু পশ্চিম বনাঞ্চল বাগৰিত কেৱল জীপ ছাফাৰি পৰ্যটকৰ বাবে মুকলি কৰা হ’ব।

পূজাৰ প্ৰাকক্ষণত দুৰ্গাদেৱীক দেখা গৈছে চিকিৎসকৰ ৰূপত,কিন্তু ক’ত

সমাগত দুৰ্গা পূজা। এইবাৰ দূৰ্গাপূজা উলহে মালহে উদযাপন কৰিবলৈ নোৱাৰিলেও বিভিন্ন জনে বিভিন্ন ধৰণৰ থিমলৈ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছে। এই খবৰ এন ই ফ’কাচ ডট কমৰ জৰিয়তে ইতিমধ্যে প্ৰকাশ পাইছে।

 

 

পূজাৰ প্ৰাকক্ষণত চ’চিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে দুৰ্গা দেৱী অন্য এক ৰূপত । চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা ফটোত দুৰ্গা দেৱীক দেখা গৈছে চিকিৎসকৰ ৰূপত, মহিসাসুৰক দেখা গৈছে ক’ৰণা ভাইৰাছৰ ৰূপত । গণেশক দেখা গৈছে পুলিচৰ ৰূপত।সমসাময়িক প্ৰতিছবি প্ৰতিফলিত কৰা এই মূৰ্তিৰ ছবিসমূহ প্ৰকৃততে ক’ত নিৰ্মাণ কৰা হৈছে তাক সঠিককৈ এতিয়ালৈ জানিব পৰা হোৱা নাই।

নাৰ্ছাৰী প্ৰতিষ্ঠা কৰিছে এজন অৱসৰপ্ৰাপ্ত শিক্ষকে

এজন অৱসৰপ্ৰাপ্ত শিক্ষকে নিজা প্রচেষ্টাৰে সাজি উলিয়াইছে এখন নাৰ্ছাৰী।নাৰ্ছাৰীখনৰ নাম বন্দনা। আজি এই বন্দনা নামৰ নাৰ্ছাৰীখন আনুষ্ঠানিকভাৱে মুকলি হয়।

 

 

নাৰ্ছাৰীখন আনুষ্ঠানিকভাৱে মুকলি কৰে অৱসৰপ্ৰাপ্ত শিক্ষক হেমেন শইকীয়াই।নাৰ্ছাৰীখন উদ্বোধন কৰি শিক্ষক হেমেন শইকীয়াই হিৰোজ শইকীয়াৰ প্ৰচেষ্টাক শলাগ লয়।উল্লেখযোগ্য যে নাৰ্ছাৰীখনৰ ১৫০ ৰো অধিক বিভিন্ন প্ৰজাতি ফুল আছে।আজি অনুষ্ঠিত অনুষ্ঠানত হিৰোজ শইকীয়াৰ পৰিয়ালবৰ্গ, বিভিন্ন আমন্ত্ৰিত ব্যক্তিৰ লগতে বালিপাৰাৰ বিভিন্ন ৰাইজ ,শুভাকাংক্ষী উপস্থিত থাকে।

খবৰ যুগুতালে বালিপাৰাৰ পৰা প্ৰাঞ্জল বৰাই..