১৮ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ’বলগীয়া শিল্পগ্ৰাম মহোৎসৱৰ সম্পৰ্কত আজি গুৱাহাটী পাঞ্জাবাৰীস্থিত শিল্পগ্ৰামত উত্তৰ পূৱ ক্ষেত্ৰ সাংস্কৃতিক কেন্দ্ৰ এখনি সংবাদমেল আয়োজন কৰি শিল্পগ্ৰাম, ভাৰপ্ৰাপ্ত বিষয়া গুৱাহাটীৰ অলিভাৰ টি পংগেন, গাননিক বিষয়া থমাছ কছি আৰু শিল্পগ্ৰাম মহোৎসৱৰ মুখ্য সমন্বয়ক নৱ কুমাৰ ভৰালীয়ে সাংবাদিক সম্বোধন কৰে। সংবাদমেলত জনোৱা মতে, ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয় অধীনৰ উত্তৰ পূৱ ক্ষেত্ৰ সাংস্কৃতিক কেন্দ্ৰ, ডিমাপুৰ হৈছে উত্তৰ পূবাঞ্চলৰ আঠ ভগ্নি ৰাজ্যৰ লোক সংস্কৃতি বিকাশ, সংৰক্ষণ, সংবৰ্ধন, প্ৰসাৰ আৰু উজ্জ্বীৱিত কৰাৰ এক এক চৰকাৰী স্বতন্ত্ৰৰীয় কেন্দ্ৰ । ২০০৬ চনৰ ১৭ জানুৱাৰীত ভাৰত চৰকাৰৰ দ্বাৰা এই কেন্দ্ৰৰ শাখা সাংস্কৃতিক প্ৰকল্প হিচাপে গুৱাহাটীৰ পাঞ্জাবাৰীত ‘শিল্পগ্ৰাম’ প্ৰতিষ্ঠা হয়। উত্তৰ পূবাঞ্চলৰ অগ্ৰণী সাংস্কৃতিক প্ৰকল্প চৌহদ হিচাপে জনাজাত হোৱা এই শিল্পগ্ৰামৰ ১৫ তম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে প্ৰতিবছৰে অনুষ্ঠিত হৈ আহিছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাংস্কৃতিক উৎসৱ-শিল্পগ্ৰাম মহোৎসৱ। কিন্তু সাম্প্ৰতিক সময়ৰ মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ কেৱল সীমিত সংখ্যক শিল্পীৰ অংশগ্ৰহণেৰে এইবাৰৰ শিল্পগ্ৰাম মহোৎসৱ অনুষ্ঠিত হ’ব। উল্লেখ্য যে, উত্তৰ পূৱ ক্ষেত্ৰ সাংস্কৃতিক কেন্দ্ৰ, ডিমাপুৰ উদ্যোগত আয়োজন কৰা ২০২১ বৰ্ষৰ শিল্পগ্ৰাম মহোৎসৱ অহা ১৮ পৰা ২১ ফেব্ৰুৱাৰীৰ লৈ চাৰিদিনীয়াকৈ শিল্পগ্ৰামৰৰ প্ৰাংগনত অনুষ্ঠিত হ’ব। বাৰেৰহনীয়া লোক কলা-শিল্প প্ৰদৰ্শনী আৰু পৰম্পৰাগত জনগোষ্ঠীয় খাদ্যমেলা আৰু বিশেষ আকৰ্ষণ মাটিৰ গোন্ধ থকা লোকসংগীত-নৃত্যৰ অমিয়া সুৰেৰে উৎসৱস্থলী উখল মাখল হ’ব। উত্তৰ পূৱৰ আঠ ৰাজ্য- অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মিজোৰাম, মেঘালয়, নাগালেণ্ড, ছিকিম আৰু ত্ৰিপুৰাৰ বিভিন্ন জনগোষ্ঠীয় লোক নৃত্য আৰু সংগীত শিল্পীৰ উপৰিও অসমৰ কেইবাগৰাকী বিশিষ্ট সংগীত শিল্পীয়ে কেওদিনতে সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰিব। উল্লেখ্য যে, মহোৎসৱৰ লগত সংগতি ৰাখি অসমৰ এটি “জনগোষ্ঠীয় লোক নৃত্য প্ৰতিযোগিতা”ও অনুষ্ঠিত হ’ব। নৱ প্ৰজন্মৰ মাজত লোক শিল্পৰ প্ৰতি আকৰ্ষণ বৃদ্ধি কৰা আৰু প্ৰতিযোগিতামুলক মনোভাৱ পৰিচয় কৰাই দিয়াৰ লক্ষ্যৰে এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। য’ত সৰ্বমুঠ ১৫ টা অসমৰ বাৰেৰহণীয়া লোক আৰু জনগোষ্ঠীয় নৃত্যৰ দলে অংশগ্ৰহণ কৰিবলৈ এক বাচনি যোগে ইতিমধ্যেই নিৰ্বাচিত হৈছে। মন কৰিব লগীয়া যে, কাৰ্যসূচী অনুসৰি ১৮ ফেব্ৰুৱাৰীৰ আবেলি ৪.৩০ বজাত শুভাৰম্ভ হ’ব লগা মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি ড০ কুলধৰ শইকীয়াই মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। উল্লেখ্য যে, সৰ্বমুঠ ৮ ৰাজ্যৰ পৰা ১৫ জনকৈ লোকনৃত্যৰ শিল্পী, ১০ জনকৈ লোক সংগীত শিল্পীৰ দল সহ সৰ্বমুঠ ২১৬ গৰাকী লোকশিল্পীয়ে মহোৎসৱত প্ৰতক্ষ্যভাৱে অংশগ্ৰহণ কৰিব। মহোৎসৱৰ কেওদিন শিল্প কলা প্ৰদৰ্শনী আৰু পৰম্পৰাগত খাদ্যমেলা দিনৰ ১১ বজাৰ পৰা আৰু আবেলি ৪ বজাৰ পৰা মুখ্য সাংস্কৃতিক অনুষ্ঠানসমূহ আৰম্ভ হ’ব। উদ্যোক্তা সকলে ৰাইজৰ সহযোগিতা কামনা কৰিছে।

শিৱসাগৰত উপস্থিত হ`ল নিৰ্বাচনী ব্যয় পৰ্যবেক্ষক
শিৱসাগৰ নিৰ্বাচনী জিলাৰ অধীনস্থ ১০৩ আমগুৰি, ১০৭ থাওৰা আৰু ১০৮ নং শিৱসাগৰ বিধানসভাৰ বাবে নিয়োজিত নিৰ্বাচন ব্যয় পৰ্যবেক্ষক ২০০৯ বর্ষৰ ভাৰতীয় ৰাজহ সেৱাৰ বিষয়া মেহফুজুৰ ৰহমান আজি শিৱসাগৰ জিলাত উপস্থিত হয়।
নিৰ্বাচন ব্যয় পৰ্যবেক্ষক গৰাকীয়ে জিলাখনত উপস্থিত হৈ জিলা নির্বাচন বিষয়া বিষ্ণু কমল বৰাকে প্ৰমুখ্য কৰি আগন্তুক বিধানসভা নিৰ্বাচনৰ কাম-কাজ সুচাৰুভাৱে সম্পন্ন কৰাৰ বাবে ইতিমধ্যে গঠন কৰা নির্বাচনী কোষ সমূহৰ বিষয়-ববীয়াৰ সৈতে এক বৈঠকত মিলিত হয়। তেওঁ বৈঠকত নিৰ্বাচনী কোষসমূহৰ কাম-কাজৰ বিষয়ে বুজ লোৱাৰ লগতে বিভিন্ন পৰামৰ্শ আগবঢ়ায়।
আগন্তুক বিধান সভা নিৰ্বাচন সন্দৰ্ভত নিৰ্বাচনী ব্যয় বা নিৰ্বাচনী আচৰণ বিধি সম্পৰ্কীয় কিবা ওজৰ-আপত্তি বা কিবা জানিবলৈ থাকিলে ৰাইজে নিৰ্বাচন ব্যয় পৰ্যবেক্ষক গৰাকীক আজিৰ পৰা ৪ মাৰ্চ তাৰিখলৈ স্থানীয় আৱৰ্ত ভৱনৰ ৪ নং কক্ষত দিনৰ ১০:০০ বজাৰ পৰা বিয়লি ৪:০০ বজাৰ ভিতৰত যোগাযোগ কৰিব পাৰিব। ইয়াৰ উপৰিও নিৰ্বাচন ব্যয় পৰ্যবেক্ষক গৰাকীক মোবাইল নম্বৰ ৯৩৯৪১২৫৮৯৮ -ত যোগাযোগ কৰিব পাৰিব। অধিক তথ্যৰ বাবে জিলা পৰ্যটক তথ্য বিষয়া তথা নিৰ্বাচন ব্যয় পৰ্যবেক্ষক গৰাকীৰ প্ৰট’কল বিষয়া মাধৱ দাসৰ লগত মোবাইল নম্বৰ ৮১৩৩০৮৯৯৯৩ -ত যোগাযোগ কৰিব পাৰিব।
ভিউৱাছৰ মতামত