প্ৰকৃতিপ্ৰেমীৰ বাবে সুখবৰ।বিলুপ্তপ্ৰায় হলৌ বান্দৰৰ সন্ধান চানডুবিত পোৱা গৈছে।এই কথা প্ৰকাশ কৰিছে গোৱালপাৰাৰ ফটোগ্রাফী চ’ছাইটিৰ বেঞ্জামিন কামানে।জানিব পৰা মতে হলৌ বান্দৰৰ মাত চানডুবিত আগৰেপৰা শুনিবলৈ পোৱা গৈছিল।মাতৰ উৎসৰ পম খেদি ফটোগ্রাফী দলটোৱে চানডুবিত ২০১৮ চনৰ পৰা উমান লৈছিল যদিও ২০১৯ বৰ্ষৰ ৮ ডিচেম্বৰত সন্ধান পায়।এই সম্পর্কে বেঞ্জামিন কামানে কয় যে যোৱা ৮ ডিচেম্বৰত আমি ৫ জন সহযোগীয়ে হলৌ বান্দৰ প্ৰত্যক্ষ কৰিছিলো।সম্ভৱত এই বান্দৰৰ ৩ পৰিয়াল চানডুবিত আছে।উল্লেখযোগ্য যে বেঞ্জামিন কামানৰ দলটোত আছিল সাৰাংগ ধৰ ,অভিলাষ ৰাভা,বিশ্বজিৎ ৰাভা আৰু অজয় ৰাভা নামৰ ফটোগ্ৰাফাৰ কেইজন।স্মৰ্তব্য যে হলৌ বান্দৰক ফটো তোলাটো এক দু:সাধ্য কাম।কিয়নো হলৌ বান্দৰে মানুহৰ উপস্থিতিলৈ বৰ ভয় কৰে।শেহতীয়াকৈ চানডুবিত সন্ধান পোৱা হলৌ বান্দৰ কেইটায়ে প্ৰকৃতি প্ৰেমীলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে।সহযোগ কৰিলে দুধনৈৰ পৰা অৰূপ কুুুুমাৰ নাথে..

মিছেছ লিডাৰশ্বীপ খিতাপ অৰ্জন পলাশবাৰী সৰপাৰাৰ অনামিকা ডেকাৰ
দক্ষিণ কামৰূপৰ পলাশবাৰী সৰপাৰাৰ এগৰাকী বিউটিচিয়ান তথা মেকাপ আৰ্টিছ অনামিকা ডেকাই জগত জিনাৰ সপোন ৰচিছে। মিৰ্জাৰ সমীপৱৰ্তী সৰপাৰা চন্দ্ৰধৰ ডেকা আৰু সৰলা ডেকাৰ জীয়ৰী অনামিকা ডেকাই মহানগৰীৰ জিলা পুথিভড়াঁলত যোৱা ২৩ জানুৱীত ‘ইণ্টাৰনেচনেল গ্লোবেল ষ্টাৰ আইকন’ৰ উদ্যোগত মিচেছ, মিষ্টাৰ আৰু শিশুৰ বাবে অনুষ্ঠিত এখন ব্যয় বহুল প্ৰতিযোগিতাত সৰপাৰাৰ অনামিকাই ডেকাই মেকআপ আৰ্টিছৰ গ্ৰুপৰ ভিতৰত ইণ্টাৰনেচনেল লিডাৰশ্বীপ এৱাৰ্ড চুড়ান্ত খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে। উক্ত প্ৰতিযোগিতাত প্ৰায় শতাধিক প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰিছিল। ডেকাৰ এনে সাফল্যত উৎফুলিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজৰ লগতে পলাশবাৰীবাসী ৰাইজে। উল্লেখ্য যে, অনামিকা ডেকাই ইয়াৰ পূৰ্বে ৰাজ্যৰ লগতে ৰাজ্যৰ বাহিৰত অনুষ্ঠিত এনেধৰণৰ প্ৰতিযোগিতাত বহুবাৰ সন্মান লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল। মিৰ্জাত যুৱতীগৰাকীয়ে এখন লেডিছ বিউটি পাৰ্লাৰ যোগেদি নিজৰ অৰ্থ উপাৰ্জন কৰাৰ উপৰিও বহুকেইখন চিনেমা আৰু ভিডিঅ’ গীতত মেকআপৰে অভিনেতা-অভিনেত্ৰীসকলৰ সৌন্দৰ্য বৰ্ধন কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে।অনামিকা ডেকাৰ এনে সাফল্যত দক্ষিণ কামৰূপৰ বিভিন্ন দল-সংগঠনে শুভেচ্ছা জ্ঞাপন কৰি উজ্বল ভৱিষ্যত কামনা কৰিছে।
ভিউৱাছৰ মতামত