অসমত কল্পনা জল্পনা ওৰ পেলাই অসমে লাভ কৰিলে এগৰাকী নতুন মুখ্য মন্ত্ৰী। আজি আনুষ্ঠানিক ভাৱে ঘোষণা হ’ল অসমৰ মুখ্যমন্ত্ৰী। এই মুখ্য মন্ত্ৰী লাভ কৰিলে জালুকবাৰী সমষ্টিৰ বিধায়ক ডঃ হিমন্ত বিশ্ব শৰ্মাই। উল্লেখযোগ্য যে, বিধানসভা নিৰ্বাচন ঘোষণা হোৱা দিনাৰ পৰাই পৰৱৰ্তী মুখ্য মন্ত্ৰী কোন হ’ব, এই বিষয়ক লৈ এক উত্তেজনাই বিৰাজ কৰিছিল। অৱশেষত আজি ১২ বাজি ৩৫ মিনিটত অসম বিধানসভাৰ চৌহদত বিজেপিৰ বিধায়িনী দলৰ সৰ্বসন্মতিক্ৰমে ডঃ হিমন্ত বিশ্ব শৰ্মাক বিধায়িনী দলৰ নেতা হিচাপে বিবেচনা কৰা হয়। সদ্য পদত্যাগী মুখ্যমন্ত্ৰী সৰ্বানন্দ সােণােৱালে ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নাম বিধায়িনী দলৰ নেতা হিচাপে প্ৰস্তাৱ কৰে আৰু এই প্ৰস্তাৱক সমৰ্থন জনায় ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস আৰু বিধায়িকা নন্দিতা গাৰ্লােছাই। এই সিদ্ধান্তৰ ঘােষণা আনুষ্ঠানিকভাৱে কৰে পৰ্যবেক্ষক নৰেন্দ্ৰ সিং তােমাৰে। এই বৈঠকত অংশগ্ৰহণ কৰে বিজেপিৰ ৪ গৰাকীকৈ ৰাষ্ট্ৰীয় নেতা ক্ৰমে ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষ, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অৰুণ সিং, কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰ আৰু বিজেপিৰ অসম প্ৰভাৰী বৈজয়ন্ত জয়পাণ্ডা। নৰেন্দ্ৰ সিং তােমৰে বন্তি প্ৰজ্জ্বলনেৰে এই বিধায়িনী দলৰ বৈঠক আৰম্ভ কৰে। উল্লেখ্য যে ভাৰতীয় জনতা পাৰ্টীৰ কেন্দ্ৰীয় নেতৃত্বৰ সেউজ সংকেততে বিজেপিৰ বিধায়িনী দলে চূড়ান্ত কৰিলে অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে ডঃ হিমন্ত বিশ্ব শৰ্মাক।ৰবিবাৰে দিন ১১.৩੦ মান বজাত ৰাজভৱনত উপস্থিত হৈ ৰাজ্যপাল ডঃ জগদীশ মুখীক সাক্ষাৎ কৰি পদত্যাগ পত্ৰ অৰ্পণ কৰে সােণােৱালে। ইয়াৰ পাছতে একেখন বাহনত উঠি সৰ্বানন্দ সােণােৱাল আৰু ডঃ হিমন্ত বিশ্ব শৰ্মা অসম বিধানসভাত অনুষ্ঠিত বিজেপি দলৰ বিধায়িনী দলৰ বৈঠকত উপস্থিত হয়।
Trending
- On 79th Independence Day, NSE Chief Ashishkumar Chauhan Wishes the Nation Progress and Prosperity
- এন ই ফ’কাচ ডট কমৰ নৱম বৰ্ষপুৰ্তিৰ উদযাপন
- সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাৰ সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ ৮২সংখ্যক কেন্দ্ৰীয় অধিৱেশনত অংশগ্ৰহণ
- সৰুসজাই ষ্টেডিয়ামত ১১হেজাৰ শিল্পীয়ে পৰিবেশন কৰিব বড়ো লোক নৃত্যানুষ্ঠান ‘বাগৰুম্বা দ’হৌ
- আই আই টি গুৱাহাটী আৰু বালিপাৰা ফাউণ্ডেচনৰ মাজত বুজাবুজি চুক্তি-পূৱ হিমালয়ৰ পৰিৱেশ সংৰক্ষণ, শক্তি আৰু জল সুৰক্ষাৰ বাবে নতুন উদ্ভাৱন নীতিত কাম কৰাৰ লক্ষ্য
- স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি সন্দৰ্ভত কামৰূপ (ম)জিলা প্ৰশাসনৰ সভা
- টপচেম চিমেণ্ট আৰু ভাৰতীয় ৰেডক্ৰচ ছছাইটিয়ে যৌথভাবে ৰক্তদান শিবিৰ আয়োজন
- এইচডিএফচি বেংকে এপিকে জালিয়াতিৰ বিৰুদ্ধে নাগৰিক সুৰক্ষাৰ বাবে গুৰুত্বপূৰ্ণ সতৰ্কবাণী জাৰি কৰিছে
- ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈক সশ্ৰদ্ধ স্মৰণ কামৰূপ (ম) জিলা প্ৰশাসনৰ
- NSE CROSSES 230 MILLION INVESTOR ACCOUNTS, RETAIL PARTICIPATION SOARS