উত্তৰ পূবৰ অগ্ৰণীয় চিমেণ্ট প্ৰতিষ্ঠান টপচেম চিমেণ্টে সামাজিক দায়বদ্ধতা কাৰ্যসূচীৰ অংশস্বৰুপে কালিলৈ বিনামূলীয়া চকু পৰীক্ষণ তথা কেটেৰেক্ট অস্ত্ৰোপচাৰ শিবিৰ অনুষ্ঠিত কৰিব। চকু অস্ত্ৰোপচাৰ কেন্দ্র প্ৰতিষ্ঠান আই ডক্টৰচৰ চিকিৎসক ডাঃ বিন্দু সিংগলাৰ নেতৃত্বত এটা দলে যোৰাবাটত এই শিবিৰ অনুষ্ঠিত কৰিব।জানিব পৰা মতে ঔষধ আৰু চছমা বিতৰণ কৰাৰ উপৰিও অস্ত্ৰোপচাৰৰ বাবে প্ৰয়োজন হোৱা সকলো ঔষধ বিনামূলীয়াকৈ যোগান ধৰিব।এই সম্পর্কে আজি হোটেল প্ৰগতি মেনৰত অনুষ্ঠিত এক সংবাদমেলত টপচেম চিমেণ্টৰ বিপণন বিভাগৰ অধ্যক্ষ ড০ অনিল কাপুৰে কয় যে টপচেম চিমেণ্টে ২০১৮ চনৰ পৰা বিনামূলীয়াকৈ চকু পৰীক্ষণ শিবিৰ অনুষ্ঠিত কৰি আহিছে।কিছুমান নিৰ্বাচিত অঞ্চলৰ দুখীয়া ৰোগীক এই সেৱা প্ৰদান কৰি আহিছে ।কালিলৈ ৫০ গৰাকী ৰোগীৰ কেটেৰেক্ট অস্ত্ৰোপচাৰৰ ব্যয় বহন কৰিম।স্মৰ্তব্য যে অতিসৰণ বিসংগতি,গ্ল’কমা,কেটেৰেক্ট আদি সমস্যাৰ ৰোগীক চকু অস্ত্ৰোপচাৰ কৰিব।

পবিত্ৰ ৰাম নৱমীৰ শুভেচ্ছা জ্ঞাপন কৰিলে ৰাষ্ট্ৰপতিয়ে
আজি ৰাম নৱমী।এই ৰাম নৱমী হিন্দু ধর্মৰ এক পবিত্ৰ উৎসৱ।এই উৎসৱ ভগৱান ৰামৰ জন্মৰ লগত জৰিত।ৰাম নৱমী উপলক্ষে বিভিন্ন ঠাইত পূজা অৰ্চনা কৰা হৈছে।এই ৰাম নৱমী শুক্লপক্ষৰ নৱমী তিথিত পালন কৰা হয়।
ৰাম নৱমী উপলক্ষে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক শুভেচ্ছা জনায় কয় যে ভগৱান ৰামৰ আৰ্শীবাদ দেশবাসীৰ প্ৰতি সদায় বৰ্তি থাকক।আনহাতে এই সম্পৰ্কত ৰাষ্ট্ৰপতি ৰামনাথ কবীন্দ্ৰে এনেদৰে কয় ৰামৰ ধৰ্মই আমাক সদায় অনুপ্ৰাণিত কৰি আহিছে।ন্যায় আৰু মানৱীয় গুণৰ বাবে ৰামৰ আদৰ্শই যুগ যুগ ধৰি সকলোকে অনুপ্ৰেৰণা যোগাব।
ভিউৱাছৰ মতামত