উত্তৰ পূৰ্বাঞ্চলৰ ভ্ৰমণ লৈ অহা দেশৰ উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে বৃহস্পতিবাৰে এদিনীয়া ভ্ৰমণেৰে নাগালেণ্ডৰ ডিমাপুৰত উপস্থিত হয় । উপ-ৰাষ্ট্ৰপতি গৰাকীয়ে বৃহস্পতিবাৰে পুৱা ত্ৰিপুৰাৰৰ ভ্ৰমণ সামৰি আগৰতলাৰ পৰা বিশেষ বিমানেৰে আহি ডিমাপুৰত উপস্থিত হোৱাৰ সময়ত উপ-ৰাষ্ট্ৰপতি নাইডুক ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখী , মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ আৰু উপ-মুখ্যমন্ত্ৰী ৱাই পাট্টনে উষ্ণ আদৰণি জনায় ।ইয়াৰ পিছত উপ-ৰাষ্ট্ৰপতি গৰাকীয়ে পোনে পোনে ডিমাপুৰৰ জৰাপানীত থকা ৰাষ্ট্ৰীয় মেঠন গৱেষণা কেন্দ্ৰটো পৰিদৰ্শন কৰে । মেঠন গৱেষণাগাৰটো পৰিদৰ্শন কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে অভিভূত হৈ পৰে । পৰিদৰ্শন কালত গৱেষকসকলৰ সৈতে হোৱা বাৰ্তালাপত এম ভেংকায়া নাইডুৱে উত্তৰ পূৰ্বৰ সমৃদ্ধময় জৈৱ সম্পদ আৰু প্ৰাণীসম্পদৰ সুৰক্ষা আৰু সংৰক্ষণৰ বিজ্ঞানীসকলক উদ্ভাৱনী গৱেষণাৰ বাবে আহবান জনায় ।উপ-ৰাষ্ট্ৰপতি গৰাকীয়ে আৰু কয় যে আমাৰ বৈজ্ঞানিক প্ৰতিষ্ঠান বিলাকে ভৌগোলিক স্থানৰ নিৰ্দিষ্ট প্ৰযুক্তি বিকাশ সাধন কৰিব লাগিব। যাতে সেই অঞ্চলৰ জনজাতীয় সংস্কৃতিৰ জলবায়ুৰ স্থিতিস্থাপকতাৰ সামঞ্জস্য থকা উচিত । ইয়াৰ পিছত উপ-ৰাষ্ট্ৰপতি নাইডুৱে ডিমাপুৰৰ ছুমুকেডিমাৰ আৰক্ষী নিবেশৰ ৰ’ডডেনড্ৰন হলত ৰাজ্যপাল জগদীশ মুখী, মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ আৰু উপ-মুখ্যমন্ত্ৰী ৱাই পাট্টনসহ মন্ত্ৰী পৰিষদৰ সৈতে বিশেষ আলোচনাত মিলিত হয়।উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰ্চুৱেল পদ্ধতিৰে কহিমাত অৱস্থিত নাগালেণ্ডৰ প্ৰথমখন আই টি পাৰ্কৰ তথ্য প্ৰযুক্তিৰ সঞ্চালকালয়ৰ কাৰ্যালয়, কহিমা চৰকাৰী হাইস্কুল আৰু মন্ত্ৰী আৱাস ভৱন উদ্বোধন কৰে । উল্লেখযোগ্য যে উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে তিনিদিনীয় ভ্ৰমণ উদ্দেশ্য নাগালেণ্ডলৈ আহিছিল যদিও বিশেষ কাৰণ তেওঁৰ সেই ভ্ৰমণ বাতিল কৰি এদিনীয়ালৈ সলনি কৰে। শুক্ৰবাৰে উপ-ৰাষ্ট্ৰপতি নাইডু অৰুণাচল প্ৰদেশত উপস্থিত হ’ব।
Trending
- গুৱাহাটী প্ৰেছ ক্লাবত সাপ্তাহিক কবচৰ ২৯ তম্ বৰ্ষপূৰ্তি উদযাপন
- ধাৰাপুৰত ১৫ দিনীয়া গ্ৰীষ্মকালীন নাট কৰ্মশালা আৰম্ভ
- Brahmaputra Conclave on Balancing Development and Ecology Held in Guwahati
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY
- সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ
- সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তামুলপুৰ উন্নয়ন খণ্ড-দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান
- মালামাল বয়জৰ ট্ৰেইলাৰ মুকলি- মুক্তিপূৰ্বেই ব্যাপক চৰ্চা