অসম আৰু অসমীয়াৰ কৃষিজীৱী জনজীৱনৰ লগত অতীজৰেপৰা পৰম্পৰাগতভাবে উদযাপন কৰি অহা আঘোন মাহৰ ন-খোৱা উৎসৱ উপলক্ষে ১৫ ডিচেম্বৰৰ সন্ধিয়াৰ পৰা নিশালৈ উদুলি-মুদূলি পৰিবেশৰ সৃষ্টি হয় গুৱাহাটীৰ দীপৰ বিলৰ পাৰৰ দেউছটালৰ দীপৰ বিল ইক’ কেম্পৰ। অঞ্চলটোৰ সামাজিক, সাংস্কৃতিক আৰু অগ্ৰণী ক্ৰীড়া অনুষ্ঠান দেউছতাল নৱজ্যোতি সংঘৰ সভাপতি, বিশিষ্ট সমাজকর্মী বলেশ্বৰ ৰংপীৰ উদ্যোগত অনুষ্ঠিত ন-খোৱা উৎসৱত গুৱাহাটীৰ, গুৱাহাটী পৌৰ নিগমৰ প্ৰাক্তন মেয়ৰ মৃগেন শৰণীয়া, আজাৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী কবিতা বড়ো ৰংপী, সদস্যদ্বয় হীৰেণ ইংতি আৰু দীনেশ বড়ো , কাৰ্বি বাংঠে অসমৰ পশ্চিম গুৱাহাটীৰ কাৰ্যকৰী সভাপতি কেষ্টৰাম ৰংপী, বি.জে.পিৰ গুৱাহাটী জিলা সমিতিৰ সাধাৰণ সম্পাদকদ্বয় তপন দাস কলিতা আৰু অমৰজ্যোতি ডেকা, দেউছতাল নৱজ্যোতি সংঘৰ সাধাৰণ সম্পাদক বিজয় বড়োকে ধৰি বহু বিশিষ্ট লোকে ভাগ লয়। আনহাতে এই উপলক্ষে বলেশ্বৰ ৰংপীয়ে আঁতধৰা চমু অনুষ্ঠানত মৃগেন শৰণীয়াই ভাষণ প্রসংগত পুৰণি দিনৰ ন-খোৱা উৎসৱৰ স্মৃতি ৰোমন্থন কৰি উৎসৱে অসমৰ কৃষক ৰাইজৰ মাজত একতাৰ এনাজৰীডাল অধিক বৃদ্ধি কৰিছে বুলি ব্যক্ত কৰে। ইফালে ন-খোৱা উৎসৱৰ লগত সংগতি ৰাখি অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত কেবাটাও শিল্পীৰ দলে বিহুকে ধৰি জনগোষ্ঠীয় নৃত্য, জনপ্ৰিয় শিল্পী কুমাৰ ভবেশ , অসীম ৰঞ্জন, ৰিয়া কলিতাকে ধৰি কেবাজনো ন-পুৰণি শিল্পীয়ে সংগীত, বিপুল ৰাভাকে ধৰি কেবাজনেও কৌতুক পৰিবেশন কৰি উপস্থিত পাঁচ শতাধিক লোকক আপ্লুত কৰে। আনহাতে ন-খোৱা উৎসৱৰ লগত ৰাখি নিশা সমূহীয়া ভোজনত পৰম্পৰাগত খাদ্য সম্ভাৰেৰে সকলোকে আপ্যায়ন কৰা হয়।
Trending
- Brahmaputra Conclave on Balancing Development and Ecology Held in Guwahati
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY
- সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ
- সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তামুলপুৰ উন্নয়ন খণ্ড-দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান
- মালামাল বয়জৰ ট্ৰেইলাৰ মুকলি- মুক্তিপূৰ্বেই ব্যাপক চৰ্চা
- আন্তৰ্জাতিক ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস
- কাঁহিকুছিৰ উদ্যান শস্য গবেষণা কেন্দ্ৰৰ তত্বাবধানত পার্থেনিয়াম সজাগতা অভিযান