অসম আৰু অসমীয়াৰ কৃষিজীৱী জনজীৱনৰ লগত অতীজৰেপৰা পৰম্পৰাগতভাবে উদযাপন কৰি অহা আঘোন মাহৰ ন-খোৱা উৎসৱ উপলক্ষে ১৫ ডিচেম্বৰৰ সন্ধিয়াৰ পৰা নিশালৈ উদুলি-মুদূলি পৰিবেশৰ সৃষ্টি হয় গুৱাহাটীৰ দীপৰ বিলৰ পাৰৰ দেউছটালৰ দীপৰ বিল ইক’ কেম্পৰ। অঞ্চলটোৰ সামাজিক, সাংস্কৃতিক আৰু অগ্ৰণী ক্ৰীড়া অনুষ্ঠান দেউছতাল নৱজ্যোতি সংঘৰ সভাপতি, বিশিষ্ট সমাজকর্মী বলেশ্বৰ ৰংপীৰ উদ্যোগত অনুষ্ঠিত ন-খোৱা উৎসৱত গুৱাহাটীৰ, গুৱাহাটী পৌৰ নিগমৰ প্ৰাক্তন মেয়ৰ মৃগেন শৰণীয়া, আজাৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী কবিতা বড়ো ৰংপী, সদস্যদ্বয় হীৰেণ ইংতি আৰু দীনেশ বড়ো , কাৰ্বি বাংঠে অসমৰ পশ্চিম গুৱাহাটীৰ কাৰ্যকৰী সভাপতি কেষ্টৰাম ৰংপী, বি.জে.পিৰ গুৱাহাটী জিলা সমিতিৰ সাধাৰণ সম্পাদকদ্বয় তপন দাস কলিতা আৰু অমৰজ্যোতি ডেকা, দেউছতাল নৱজ্যোতি সংঘৰ সাধাৰণ সম্পাদক বিজয় বড়োকে ধৰি বহু বিশিষ্ট লোকে ভাগ লয়। আনহাতে এই উপলক্ষে বলেশ্বৰ ৰংপীয়ে আঁতধৰা চমু অনুষ্ঠানত মৃগেন শৰণীয়াই ভাষণ প্রসংগত পুৰণি দিনৰ ন-খোৱা উৎসৱৰ স্মৃতি ৰোমন্থন কৰি উৎসৱে অসমৰ কৃষক ৰাইজৰ মাজত একতাৰ এনাজৰীডাল অধিক বৃদ্ধি কৰিছে বুলি ব্যক্ত কৰে। ইফালে ন-খোৱা উৎসৱৰ লগত সংগতি ৰাখি অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত কেবাটাও শিল্পীৰ দলে বিহুকে ধৰি জনগোষ্ঠীয় নৃত্য, জনপ্ৰিয় শিল্পী কুমাৰ ভবেশ , অসীম ৰঞ্জন, ৰিয়া কলিতাকে ধৰি কেবাজনো ন-পুৰণি শিল্পীয়ে সংগীত, বিপুল ৰাভাকে ধৰি কেবাজনেও কৌতুক পৰিবেশন কৰি উপস্থিত পাঁচ শতাধিক লোকক আপ্লুত কৰে। আনহাতে ন-খোৱা উৎসৱৰ লগত ৰাখি নিশা সমূহীয়া ভোজনত পৰম্পৰাগত খাদ্য সম্ভাৰেৰে সকলোকে আপ্যায়ন কৰা হয়।
Trending
- ৰাণী অঞ্চলত বনৰীয়া হাতীৰ তাণ্ডৱ সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ অঞ্চলবাসী ৰাইজৰ
- ওস্তাদ বিছমিল্লাহ খাঁ যুৱ পুৰস্কাৰ বিজয়ী হীৰকজ্যোতি শৰ্মাক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত উষ্ম সম্বৰ্ধনা
- কৃষি কৰ্মৰে নিদৰ্শন দেখুৱাইছে ধাৰাপুৰ ধোপৰতলৰ সাতজনীয়া শিক্ষিত যুৱকৰ দলে
- উত্তৰ-পূৰ্বাঞ্চলৰ স্বাস্থ্যসেৱাত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি স্বাস্থ্য মন্ত্ৰী অশোক সিংহল
- Union Minister Reviews Schemes, Inaugurates Ziro Handloom Hub
- দক্ষিণ কামৰূপৰ ৰামপুৰৰ সন্তান মেজৰ ভাৰ্গৱ কলিতাক শৌর্যচক্র সম্মান ৰাষ্ট্ৰপতিৰ
- গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ৭ আসাম বেটেলিয়ান এন চি চিৰ সামূহিক বাৰ্ষিক শিবিৰ
- APRINS Marks World Environment Day 2026 with Expert Round Table on Agroforestry Roadmap for Northeast India
- Governor administers oath of office and secrecy to Council of Ministers
- অসম মন্ত্রীসভা সম্প্ৰসাৰণ-১২ গৰাকী নতুন মন্ত্রীৰ নাম তালিকাত প্ৰকাশ