এদিন আমাৰ এজন সম্পৰ্কীয় খুৰা গাড়ী দুৰ্ঘটনাত মৃত্যু হৈছিল।কিন্তু মৃত্যুৰ কাৰণ জানিব পৰা নগ’ল।খুৰাৰে ভুল আছিল নে বেলেগৰে ভুল আছিল সেইটো আজিও ৰহস্য হৈ থাকিল।খুৰাৰ মৃত্যুৰ খবৰ পাই বা আৰু মই স্কুটীত গৈ থাকোতে কথাৰ প্ৰসঙ্গত এনে এটা যন্ত্র উদ্ভাৱনৰ কথা মনলৈ আহিছিল।এই মন্তব্য হা টেডৰ।কালি আঞ্চলিক বিজ্ঞান কেন্দ্রত অনুষ্ঠিত উদ্ভাৱনী মহোৎসৱত তেওঁ বঁটা গ্রহণ কৰিবলৈ সক্ষম হয়।
অৰুণাচল ইটানগৰৰ ছিম্ফুৰ নেৰিষ্টৰ বি টেক’ৰ ছাত্র হা টেডে অতি কষ্ট আৰু পৰিশ্ৰমেৰে দুৰ্ঘটনাৰ কাৰণৰ উৎস উদঘাটন কৰিব পৰা যন্ত্ৰ চফ্ট ডট স্পাই উদ্ভাৱন কৰে।উল্লেখযোগ্য যে দেউতাকে কিতাপ কিনিবলৈ দিয়া পইচাৰে আৰু স্ক’লাৰশ্বিপৰ পইচাৰে হা টেডে এই যন্ত্রটো উদ্ভাৱন কৰে।হা টেডে দাবী কৰা মতে এই যন্ত্রটোৰ জৰিয়তে দুৰ্ঘটনাৰ কাৰণ অথবা উৎসৰ সম্পর্কে জ্ঞাত হ’ব পাৰি।ইয়াৰ উপৰিও দুচকীয়া অথবা চাৰিচকীয়া বাহনতো এই যন্ত্রটো সংলগ্ন কৰিব পাৰি।
প্ৰায় ছমাহ সময় ধৰি ১ লাখ টকা ব্যয় সাপেক্ষে এই যন্ত্রটো প্ৰস্তুত কৰি উলিয়াইছে।জানিব পৰা মতে যন্ত্রটোত ১২ বিধ সামগ্রী ব্যৱহৃত হৈছে।ইতিমধ্যে কিছু দিনৰ পিছতে এই যন্ত্রটো বজাৰত মুকলি কৰিব বুলি জানিব পৰা গৈছে।
সৰুৰে পৰা উদ্ভাৱক হোৱাৰ সপোন দেখা হা টেডে অনাগত দিনটো আৰু ন ন উদ্ভাৱনে উজলি উঠক,বিশ্ববাসীক দি যাওক বিৰল উপহাৰ।এন ই ফ’কাচ ডট কমৰ ফালৰ পৰা জনালো অলেখ শুভকামনা।
সংগীতা শইকীয়া ।
ভিউৱাছৰ মতামত