শিৱসাগৰ জিলাৰ বন সংগমণ্ডল বিষয়া (টেৰীটৰিয়েল) ৰ কাৰ্য্যালয়ৰ উদ্যোগত তথা ৱাইল্ড লাইফ ক্ৰাইম ছচাইটি (WCS) আৰু ৱাইল্ড লাইফ ক্ৰাইম কণ্ট্ৰল বিওৰো (WCCB) -ৰ সহযোগত কালি শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ চুকাফা সভাকক্ষত বন্যপ্ৰাণী সংৰক্ষণৰ আইন বলবৎকৰণ আৰু বন্যপ্ৰাণী সৰবৰাহৰ মোকাবিলা সন্দৰ্ভত দুদিনীয়া কৰ্মশালাৰ শুভাৰম্ভ কৰা হয়।কৰ্মশালা খনিৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি উপায়ুক্ত ডাঃ এছ লক্ষ্মণনে এই কৰ্মশালাৰ জৰিয়তে বন্যপ্ৰাণী সংৰক্ষণৰ আইন বলবৎ কৰাৰ ক্ষেত্ৰত ফলপ্ৰসু পদক্ষেপ গ্ৰহণত সুবিধা হোৱাৰ উপৰিও বন্যপ্ৰাণী সৰবৰাহৰ ঘটনা সমূহৰ মোকাবিলা কৰাতো সহায়ক হ’ব বুলি উল্লেখ কৰে। তেওঁ এই ক্ষেত্ৰত সংশ্লিষ্ট বিভাগ সমূহে এক্যবদ্ধ ভাৱে কাম কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। কৰ্মশালাৰ আজিৰ দিনটোৰ কাৰ্যসূচী সমূহত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে WCS-ৰ মৃদুলা বিজয় ৰাঘৱন, WCCB -ৰ ডঃ কে কে শৰ্মা, WCS-ৰ অনিৰ্বাণ চৌধুৰী আৰু WCS-ৰ ছাহিলা কোদালকৰে। কৰ্মশালা খনিত আৰক্ষী আৰু বন বিভাগৰ বিষয়া-কৰ্মচাৰীৰ উপৰিও বন সংগমণ্ডল বিষয়া (টেৰীটৰিয়েল) জয়শ্ৰী নাইডিং, অতিৰিক্ত আৰক্ষী অধীক্ষক বলিন দেউৰী, উপ- আৰক্ষী অধীক্ষক শুভলক্ষ্মী দত্তয়ো অংশগ্ৰহণ কৰে।খবৰ যুগুতালে শিৱসাগৰৰ পৰা দিল্লিস্তান খানে. .

পথৰুঘাটৰ ৰণক সুঁৱৰি শ্বহীদ দিৱস পালন
আজি ২৮ জানুৱাৰী । ১৮৯৮ চনৰ আজি দিনটোতে ব্ৰিটিছৰ অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি ইংৰাজৰ গুলিত মৃত্যুবৰণ কৰিছিল ১১৪ গৰাকী শ্বহীদে।এই কৃষক শ্বহীদ সকলক সুঁৱৰি পথৰুঘাটত দুদিনীয়াকৈ আয়োজন কৰা হৈছে শ্বহীদ দিৱস। ২৭ তাৰিখৰ পৰা আয়োজন হোৱা এই শ্বহীদ দিৱসত আজি মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী লগতে কৃষিমন্ত্ৰী অতুল বৰা,সাংসদ দিলীপ শইকীয়াকে ধৰি কেইবাগৰাকীও উচ্চপদস্থ বিষয়াই।
বুধবাৰে জিলা উপায়ুক্ত দিলীপ কুমাৰ বৰাই পতাকা উত্তোলনেৰে এই দুদিনীয়া অনুষ্ঠানৰ শুভাৰম্ভ কৰে।বিয়লি ৪ বজাৰ পৰা আৰম্ভ কৰা হয় কৃষি আৰু জীৱিকা সখী সকলে অনুষ্ঠিত কৰা প্ৰদৰ্শনী অনুষ্ঠানৰ। আনহাতে, বৃহস্পতি বাৰৰ দিনা পুৱা ৭ বজাত প্ৰভাত ফেৰীৰ পিছতে শ্বহীদ তৰ্পন ,সৰ্বধৰ্ম প্ৰাৰ্থনা আদি অনুষ্ঠিত কৰা হ’ব।ইয়াৰ পিছত পুৱা১১ বজাৰ পৰা আৰম্ভ হ’ব মুকলি সভা।উক্ত মুকলি সভাত কেইবাটাও আটক ধুনীয়া সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত কৰা ব্যৱস্থা কৰা হৈছে।ইয়াৰ উপৰিও সন্ধিয়া ৬ বজাৰ পৰা সাংস্কৃতিক সন্ধিয়া আয়োজন কৰা হৈছে।শ্বহীদ দিৱসত সমূহ কাৰ্যসূচীত ৰাইজৰ সহায়-সহযোগিতা দৰঙৰ জিলা প্ৰশাসনে কামনা কৰিছে।
ভিউৱাছৰ মতামত