বিশ্ব ঐতিহ্য সপ্তাহ উদ্বোধনী অনুষ্ঠান সম্পন্ন

ঐতিহাসিক কীৰ্তিচিহ্নসমূহ হৈছে সভ্যতা সংস্কৃতিৰ আৰু জাতীয় দাপোন।পূৰ্ব পুৰুষে এই থৈ যোৱা এই ঐতিহ্য সংৰক্ষণৰ বাবে সকলোৰে গধুৰ দায়িত্ব আছে।অসম চৰকাৰে বিশ্ব বুকুত ৰাজ্য মানচিত্ৰ জিলিকাই তোলাৰ যি লক্ষ্য স্থিৰ কৰিছে।

 

 

সেয়া বাস্তৱিক কৰাৰ বাবে ঐতিহ্য সংৰক্ষণৰ দিশত নিৰবিছিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। অসম চৰকাৰে সংস্কৃতিৰ পৰিক্ৰমা বিভাগৰ অধীনস্থ প্ৰন্ততত্ব সঞ্চালকালয় উদ্যোগত আৰু শিৱসাগৰ জিলাৰ প্ৰশাসনৰ সহযোগত শিৱসাগৰ ন-পুখুৰী প্ৰত্নতাত্বিক স্থানত আয়োজিত বিশ্ব ঐতিহ্য সপ্তাহ-২০২০ৰ উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে এইদৰে কয়।

 

 

মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে শিৱসাগকে ধৰি দেশৰ ৫ খন স্থানত আইকনিক স্থান হিচাপে ঘোষণা কৰিছে আৰু এই স্থানৰ ঐতিহ্য সংৰক্ষণ আৰু সংবৰ্ধন বাবে পদক্ষেপ লৈছে।মুখ্যমন্ত্ৰীয়ে কয় যে শিৱসাগৰ জিলাই ৰাজ্য পৰিচয় বিশ্বৰ বুকুত সগৌৰৱে উজলাই তুলিছে। পূৰ্বপুৰুষে গঢ় দিয়া ঐতিহাসিক কীৰ্তিচিহ্নসমূহ শক্তিশালী সমল হিচাপে লৈ একবিংশ শতিকাত ৰাজ্য খনক বিকশাই তোলাৰ বাবে চৰকাৰে সংকল্প লৈছে।এই কীৰ্তিচিহ্ন সমূহৰ সংৰক্ষণৰ বাবে সকলোৱে উমৈহতীয়া দায়িত্ব ল’ব লাগিব।ৰাজ্যৰ ঐতিহাসিক সম্পদৰাজিৰ সম্পৰ্কে বিশ্ব সমাজক অৱগত কৰিবলৈ সকলোৱে সহযোগিতাৰে কাম কৰিব লাগিব।

 

মুখ্যমন্ত্ৰীয়ে কয় যে ৪২ গৰাকী আহোম স্বৰ্গদেউৰ স্মৃতি জাউতিযুগীয়া কৰাৰ লগতে শিৱসাগৰ জিলা তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তত সিঁচৰতি হৈ থকা কীৰ্তিচিহ্ন সমূহ সংৰক্ষণ আৰু সংবৰ্দ্বনৰ বাবে ৰাজ্যৰ প্ৰত্নতাত্বিক বিভাগে দায়বদ্ধতাৰে পদক্ষেপ গ্ৰহণ কৰিছে।ৰাজ্য চৰকাৰে সৰু বৰ সকলো জাতি-জনগোষ্ঠীৰ প্ৰবাদপুৰুষ সকলৰ স্মৃতি সংৰক্ষণ জৰিয়তে প্ৰতিটো জাতি জনগোষ্ঠীৰ মান-সন্মান, স্বভিমান বৃদ্ধিৰ বাবে নিৰলস প্ৰয়াস অব্যাহত ৰাখিছে।

 

 

উঠি অহা প্ৰজন্মক ৰাজ্যৰ গৰিমামণ্ডিত ইতিহাসৰ সম্পৰ্কে গভীৰভাৱে অধ্যয়ন কৰিবলৈ আহ্বান জনায় কয় যে জিলা প্ৰশাসন তথা জনপ্ৰতিনিধিসকলে এই ক্ষেত্ৰত গঠনমূলক পদক্ষেপ গ্ৰহণ কৰিব লাগিব।শেহতীয়া কৈ অসম চৰকাৰে বিধানসভাত অনুমোদন জনোৱা ঐতিহ্য সুৰক্ষা সংক্ৰান্তীয় বিধেয়ক খনৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ইয়াৰ কাৰ্যকৰীকৰনে ঐতিহ্য সংৰক্ষণৰ দিশত বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিব।

 

তদুপৰি ছাত্ৰ ছাত্ৰীসকলে নিজ জিলাৰ কীৰ্তিচিহ্নসমূহ অধ্যয়ন বাবে উপযুক্ত সুযোগ লাভ কৰে।তাৰ বাবে প্ৰশাসন আৰু জনপ্ৰতিনিধিসকলে দায়িত্ব সহকাৰে পদক্ষেপ গ্ৰহন কৰিব লাগিব বুলি মুখ্যমন্ত্ৰীয়ে কয়।এই সভাত মুখ্যমন্ত্ৰীয়ে ঐতিহাসিক সম্পদ সংৰক্ষণ ,নতুন প্ৰজন্মৰ মাজত ইতিহাস চেতনা জাগ্ৰত কৰি ইতিহাস অধ্যয়ন আৰু বিশ্লেষণ প্ৰতি সকলো শ্ৰেণীৰ লোকক উৎসাহিত কৰাৰ প্ৰচেষ্টা ব্ৰতী হোৱা হোজাইৰ কৃষ্ণ কুমাৰ সিংহ,শিৱসাগৰ জিলাৰ নবীন বুঢ়াগোহাঁই আৰু ধেমাজি ঘুগুহা দল সংৰক্ষণ সমিতি ঐতিহ্য মিত্ৰ সন্মান প্ৰদান কৰি তেওঁলোকক প্ৰশস্তিপত্ৰ ,অংগবস্ত্ৰ,স্মৃতিপট আৰু ৫০ হাজাৰ টকাকৈ আৰ্থিক সাহায্যৰ চেক আগবঢ়ায়।অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে ঐতিহাসিক সম্পদৰাজি সংৰক্ষণৰ দিশত কাম কৰি অহা ৫ গৰাকী বিশিষ্ট ব্যক্তি ক্ৰমে গড়গাঁও মহাবিদ্যালয় অৱসৰপ্ৰাপ্ত অধ্যক্ষ দিলীপ বুঢ়াগোহাঁই, নামৰূপ মহাবিদ্যালয় অৱসৰপ্ৰাপ্ত অধ্যাপক জীতেন বৰপাত্ৰগোঁহাই, চৰাইদেউ চফ্ৰাইৰ চিকিৎসক ডাক্তক অতুল বুঢ়াগোহাঁই,শিৱসাগৰ ডিমৌ অৱসৰপ্ৰাপ্ত শিক্ষক পূৰ্ণ গগৈ আৰু চৰাইদেউ বৰহাটৰ অৱসৰপ্ৰাপ্ত শিক্ষক তুলসী নেওগক সম্বৰ্ধনা জ্ঞাপন কৰে।

 

অনুষ্ঠানৰ লগত সংগতি ৰাখি মুখ্যমন্ত্ৰীয়ে তিনিখনকৈ গ্ৰন্থ ক্ৰমে আৰ্কিঅ’লজিকেল হেৰিটেজ অৱ চাউথ এছিয়া,হেণ্ডবুক অন আৰ্কিঅ’লজি অৱ আছাম আৰু এক্সপ্ল’বেশ্যন ৰিপৰ্ট অৱ বেষ্ট কাৰ্বিআলং ডিষ্ট্ৰিক্ট নামৰ তিনিখন গ্ৰন্থ উন্মোচন কৰে।

অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত ,আয়ুক্ত সচিব প্ৰীতম শইকীয়া,মুখ্য সচিব জিষ্ণু বৰুৱা,দুৰ্যোগ প্ৰশমন বিভাগৰ ৰাজ্যিক মন্ত্ৰী যোগান মহন্ত,ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা,বিধায়ক সকল ক্ৰমে প্ৰদীপ হাজৰিকা, কুশল দুৱৰী,নৱনীতা সন্দিকৈ আৰু ঋতুপৰ্ণ বৰুৱা।সোনোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দীপুৰঞ্জন মাক্ৰাৰী,শিক্ষা সংসদৰ অধ্যক্ষ দয়ানন্দ বুঢ়াগোহাঁই,প্ৰত্নতত্ত্ব বিভাৰ সঞ্চালিকা দীপিৰেখা কুলী,শিৱসাগৰ জিলাৰ উপায়ুক্ত লক্ষ্মীনন্দন গগৈ প্ৰমুখ্য কৰি বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

Share on whatsapp
WhatsApp
Share on facebook
Facebook
Share on twitter
Twitter
Share on email
Email

তিনিচুকীয়াৰ বাৰেকুৰিত বিশ্ব হলৌ দিৱস উদযাপন

তিনিচুকীয়াৰ বাৰেকুৰি অঞ্চলৰ দীঘল সাঁকো ন মতাপুং পুৰণি বিহুখোলা প্ৰেক্ষাগৃহত শনিবাৰৰ পৰা অনুষ্ঠিত হৈছে বিশ্ব হলৌ দিৱস-২০২১ । বিশ্বৰ বিলুপ্তপ্ৰায় প্ৰাণী হলৌ বান্দৰ সংৰক্ষণ আৰু বন্যপ্ৰাণীৰ প্ৰতি মানুহৰ মাজত সজাগতা অনাৰ উদ্দেশ্যৰে বৃহত্তৰ বাৰেকুৰি অঞ্চলৰ ৰাইজে আয়োজন কৰা হৈছে বিশ্ব হলৌ দিৱস ২০২১ ৰ ৷ অইল ইণ্ডিয়া লিমিটেডৰ তত্বাৱধানত, বাৰেকুৰি পৰিৱেশ উন্নয়ন সমিতি, মৰাণ জাতীয় মহিলা পৰিষদ বাৰেকুৰি আঞ্চলিক সমিতি, গ্ৰীণ ভিজন এন-ইৰ উদ্যোগত আৰু তিনিচুকীয়া মহাবিদ্যালয়, দীঘলসাঁকো নৱজ্যোতি যুৱ সংঘ আৰু ন-মতাপুং সুৰুযজ্যোতি যুৱ সংঘৰ সহযোগত দুদিনীয়াকৈ অনুষ্ঠিত কৰা বিশ্ব হলৌ দিৱসৰ কাৰ্যসূচী মুখ্য অতিথি হিচাপে উপস্থিত থাকে অৰণ্য মানৱ যাদৱ পায়েং । মহোৎসৱৰ লগত সংগতি ৰাখি পুৱা আয়োজন কৰা বিভিন্ন ধৰণৰ বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে কলা-নৃত্য প্ৰদৰ্শনেৰে মুখৰিত হৈ পৰে সমগ্ৰ বাৰেকুৰি অঞ্চল ।

ডিব্রুগড়ৰ বগীবিলৰ সমীপৰ দক্ষিণ পাৰটো পৰিদৰ্শন কৰি প্ৰস্তাৱিত কার্গ টার্মিনেল তথা পর্যটনঘাটৰ প্ৰকল্পস্থলীৰ বুজ লয় কেন্দ্রীয় মন্ত্রী সর্বানন্দ সােণােৱালে

কেন্দ্রীয় বন্দৰ, জাহাজ, পৰিবহণ আৰু জলপথ মন্ত্রী তথা কেন্দ্রীয় আয়ুষ মন্ত্রী সর্বানন্দ সােণােৱালে আজি ডিব্রুগড়ৰ বগীবিলৰ সমীপৰ দক্ষিণ পাৰটো পৰিদৰ্শন কৰে আৰু ইয়াত প্রস্তাৱিত কার্গ টার্মিনেল তথা পর্যটনঘাটৰ প্রকল্পস্থলীৰ সৈতে জড়িত বিভিন্ন দিশৰ বুজ লয়।এই প্রসংগত তেখেতে কয় যে- এসময়ত ডিব্রুগড় ভাৰতৰ মানচিত্রত এক গুৰুত্বপূর্ণ নদী বন্দৰ হিচাপে খ্যাত আছিল। এই অঞ্চলৰ মােহনাঘাটৰপৰা থলুৱাভাৱে উৎপাদিত বিভিন্ন সা সামগ্রী ব্ৰহ্মপুত্ৰয়েদি বংগােপ সাগৰৰ জৰিয়তে দেশ বিদেশৰ বিভিন্ন প্রান্তলৈ প্ৰেৰণ কৰা হৈছিল আৰু লগতে ইয়ালৈ আমদানিও হৈছিল। অসমৰ অর্থনৈতিক বুনিয়াদ গঢ় দিয়াত ডিব্রুগড়ৰ নদী বন্দৰৰ ভূমিকা ঐতিহাসিকভাৱে তাৎপর্যপূর্ণ। কিন্তু পৰৱর্তী সময়ত এই ধাৰা স্তব্ধ হৈ পৰিছিল। সেয়ে উক্ত দিশত ডিব্রুগড়ৰ পূৰ্বৰ গৰিমা পুনৰ ঘূৰাই অনাৰ বাবে আমি লক্ষ্য নির্ধাৰণ কৰিছো।

তদুপৰি তেখেতে কয় যে- মাননীয় প্রধানমন্ত্রী নৰেন্দ্র মােদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত “এক্ট ইষ্ট প’লিচীৰ জৰিয়তে অসম তথা উত্তৰ পূর্বাঞ্চলত এতিয়া যাতায়াত-যােগাযােগ ব্যৱস্থা সুগম হৈ পৰিছে, যাৰ যােগেদি সমগ্র অঞ্চলটোত সূচনা হৈছে উন্নয়নৰ এক ন দিগন্তৰ।জলপথে বেপাৰ-বাণিজ্য, আমদানি-ৰপ্তানি কৰাৰ ক্ষেত্ৰত সদায়েই অগ্রণী ভূমিকা পালন কৰি আহিছে। ই এক সহজসাধ্য আৰু তুলনামূলকভাৱে কম খৰচী মাধ্যম। মােদী ডাঙৰীয়াৰ দূৰদৃষ্টিপূর্ণ নেতৃত্বত ৰাষ্ট্ৰীয় জলপথ নং ২ অর্থাৎ ব্রহ্মপুত্র নদ আৰু ৰাষ্ট্ৰীয় জলপথ নং ১৬ অর্থাৎ বৰাক- এই দুয়ােখন নদীৰ যােগেদি বাংলাদেশৰ
মংলা আৰু চিটাগং বন্দৰৰ জৰিয়তে বিভিন্ন সা-সামগ্ৰীৰ আমদানি ৰপ্তানিকৰণৰ ক্ষেত্ৰত ভাৰত বাংলাদেশৰ মাজত ইতিমধ্যে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছে। ইয়াৰ ফলত আমাৰ থলুৱা সামগ্রীসমূহে বিশ্ব বজাৰত স্থিতি সবল কৰিব পাৰিব। তদুপৰি ব্ৰহ্মপুত্ৰৰ দাঁতিত মাল্টিমডেল লজিটিক্স পার্ক স্থাপন কৰাৰ বাবেও ব্যৱস্থা গ্রহণ কৰা হৈছে। ইতিমধ্যে যােগীঘােপাত ইয়াৰ কাম পূর্ণগতিত চলি আছে। সমান্তৰালভাৱে গুৱাহাটী, পান্ডু, ধুবুৰী আদিত ব্ৰহ্মপুত্ৰৰ যাতায়াত ব্যৱস্থা সুচল কৰাৰ বাবে নদী বন্দৰ নিৰ্মাণ কৰাৰ পদক্ষেপ গ্রহণ কৰা হৈছে।
আগন্তুক দিনত কাৰ্গ আৰু যাত্রী পৰিবহণ উভয়ৰে সুবিধাৰ বাবে ডিব্রুগড়তাে তেনে এটা বন্দৰ নিৰ্মাণৰ প্রয়াস কৰা হৈছে- এইবুলি সােণােৱালে উল্লেখ কৰে।
প্রধানমন্ত্রী গতি শক্তিৰ অধীনত প্রস্তাৱিত উক্ত পদক্ষেপসমূহ ৰূপায়ণ হ’লে অসমৰ অর্থনৈতিক গতি অধিক ত্বৰান্বিত হােৱাৰ লগতে যুৱপ্ৰজন্মৰ বাবে সংস্থাপনৰ পথে প্রশস্ত হ’ব। সেয়েহে এইক্ষেত্ৰত যাৱতীয় আন্তঃগাঁথনি গঢ় দিয়াত আমি অগ্রাধিকাৰ দিছোঁ। তদুপৰি, ব্ৰহ্মপুত্ৰৰ বুকুত মজুত থকা বিভিন্ন পর্যটন সম্ভাৱনীয়তাৰ প্রতি লক্ষ্য ৰাখি ইয়াৰ অত্যাধুনিক অন্বেষণৰদ্বাৰা অনাগত দিনত উপযুক্ত ব্যৱস্থাও গ্রহণ কৰা হ’ব- সােণােৱালে লগতে উল্লেখ কৰে। লগতে তেখেতে কয় যে- সাগৰ মালা প্রকল্পৰ যােগেদি মাল্টিমডেল সংযােগ উন্নয়ন সাধি বিভিন্ন আন্তঃগাঁথনি আৰু পর্যটন উন্নীতকৰণৰ বাবেও ব্যৱস্থা লােৱা হৈছে।
আজিৰ পৰিদর্শনকালত কেন্দ্রীয় মন্ত্রীগৰাকীক সংগ দিয়ে কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ বিষয়াসকলে, অসম চৰকাৰৰ অভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ প্ৰধান সচিব শ্রী কে কে দ্বিবেদী তথা বিষয়াসকলে, উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধক শ্রী অনশুল গুপ্তা আৰু বিষয়াসকলে।

শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্তশঙ্কৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত সঙ্গীত সত্ৰ পৰীক্ষা পৰিষদৰ সমাবৰ্তন সম্পন্ন

মহানগৰীৰ চানমাৰিস্থিত সঙ্গীত সত্ৰ পৰীক্ষা পৰিষদৰ সপ্তম সমাবৰ্তন-২০২১খন কালি ২৩ অক্টোবৰ শনিবাৰে শঙ্কৰদেৱ কলাক্ষেত্ৰৰ “শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয়(আন্তৰ্জাতিক) প্ৰেক্ষাগৃহত দিনৰ ১১বজাৰ পৰা অনুষ্ঠিত হয়৷সম্পূৰ্ণ ক’ভিড বিধি মানি আয়োজন কৰা সমাবৰ্তনখনৰ কাৰ্যসূচীৰ আৰম্ভণিতে ১৯৬৮ চনতে প্ৰতিষ্ঠা হোৱা সঙ্গীত সত্ৰৰ উল্লেখযোগ্য -স্মৰণীয় কিছুমান দৃশ্য পৰ্দাযোগে প্ৰদৰ্শন কৰা হয়৷ইয়াৰ পাছতে নৃত্যাচাৰ্য পদ্মশ্ৰী যতীন গোস্বামীয়ে কৰা বন্তি প্ৰজ্বলনৰে সঙ্গীত সত্ৰৰ প্ৰতিষ্ঠাপক অধ্যক্ষ প্ৰয়াত ৰসেশ্বৰ শইকীয়া বৰবায়নক প্ৰতিষ্ঠা লাভ কৰাত সহায় কৰা বিশিষ্ট সমাজসেৱক দ্ৰোণ কান্ত ভাগৱতীৰ সোৱঁৰণত সঙ্গীত সত্ৰই উছৰ্গা কৰা মঞ্চখন মুকলি হয়৷ সঙ্গীত সত্ৰৰ দ্বাৰা আয়োজিত অনুষ্ঠানটিত ভাৰ্চুৱেলি প্ৰদৰ্শিত হয় সঙ্গীত সত্ৰৰ প্ৰতিষ্ঠাৰ দিনা প্ৰয়াত নিকুঞ্জলতা মহন্তই পৰিবেশন কৰা এটি বৰগীত৷ সমাবৰ্তনখনত বিশিষ্ট অতিথি হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বৰ্তমানৰ উপাচাৰ্য ড° প্ৰতাপ জ্যোতি সন্দিকৈ ,অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ বৰ্তমানৰ সচিব মাধুৰীমা বৰুৱা সেন আৰু সন্মানীয় অতিথি ৰূপে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰক ড° ধ্ৰুৱজ্যোতি চৌধুৰী৷ সমাবৰ্তনখনত সঙ্গীত সত্ৰৰ সাধাৰণ সম্পাদক ৰঞ্জুমণি শইকীয়াৰ আদৰণি ভাষণৰ পাছতে সঙ্গীত সত্ৰৰ কাৰ্যকৰী সভাপতি অতুল্য মাধব গোস্বামীয়ে বক্তব্য প্ৰদান কৰে৷সত্যজিত গগৈয়ে আঁতধৰা অনুষ্ঠানটিত অৰুণাভ জ্যোতি মালাকাৰ,কংকন জ্যোতি শইকীয়া,বিশ্বজিত বৰদলৈয়ে কৰা খোল বাদন নিবিড় দেৱ শৰ্মাৰ বাঁহী আৰু জুৰি দাসৰ তাল সংগতৰে পৰিবেশিত হয়৷
অনুষ্ঠানৰ মাজতে সঙ্গীত সত্ৰ পৰীক্ষা পৰিষদৰ আচাৰ্য মূল কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ ভৱকান্ত দেৱগোস্বামীৰ এটি আশীষবাণী ভিডিঅ’যোগে সম্প্ৰচাৰো কৰা হয়৷ সঙ্গীত সত্ৰৰ সহকাৰী সম্পাদক গোপাল চন্দ্ৰ বৰদলৈয়ে সম্পাদনা কৰা সঙ্গীত সত্ৰৰ পুস্তিকাখনৰ শুভ উন্মোচন কৰে অসম চৰকাৰৰ
সাংস্কৃতিক সঞ্চালকালয়ৰ সচিব মাধুৰীমা বৰুৱা সেনে৷গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° প্ৰতাপ জ্যোতি সন্দিকৈয়ে আগবঢ়োৱা দীক্ষান্ত ভাষণয়ে উপস্থিত ছাত্ৰ-ছাত্ৰীসকলক যথেষ্ট অনুপ্ৰেৰণা যোগায়৷ অনুষ্ঠানটিত ৰঞ্জুমণি শইকীয়াই সম্পাদকীয় প্ৰতিবেদনখনো পাঠ কৰে৷চাৰিশৰো অধিক শিক্ষাৰ্থীৰ প্ৰ পত্ৰ প্ৰদানকো সামৰি অনুষ্ঠিত এই সমাবৰ্তনখনত ইতিমধ্যেই দুটাকৈ ক’ভিড ভেক্‌চিন লোৱাৰ প্ৰমাণপত্ৰসহ উপস্থিত থকা শিক্ষাৰ্থীসকলক সঙ্গীত সত্ৰৰ তৰফৰ পৰা মাস্ক-চেনিটাইজাৰৰো যোগান ধৰা হয়৷উল্লেখ্য যে সঙ্গীত সত্ৰ পৰীক্ষা পৰিষদৰ অন্তৰ্গ প্ৰায় ৩০০খন বিদ্যালয়ৰ ১৭২টা পৰীক্ষা কেন্দ্ৰৰ বিগত দুটা বৰ্ষৰ ‘গুণীন’ শিক্ষাৰ্থীসকলক উত্তীৰ্ণৰ প্ৰমাণপত্ৰ আৰু একোখন অংগবস্ত্ৰ প্ৰদান কৰাৰ লগতে ইয়াৰে ডিচ্‌টিংচন লাভ কৰা ৬৩ গৰাকী প্ৰশিক্ষাৰ্থীক এটি বিশেষ স্মাৰক প্ৰদান কৰা হয়৷অনুষ্ঠানটিত সংগীত নাটক একাডেমীৰ বিছমিল্লা খাঁ যুৱবঁটা প্ৰাপক অঞ্জলী বৰবৰা বৰঠাকুৰ,মনোজ কুমাৰ দাস,কুলদীপ পাটগিৰীক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়৷ইয়াৰ উপৰিও সঙ্গীত সত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে সঙ্গীত সত্ৰৰ যুটীয়া সম্পাদক পাৰ্থপ্ৰতীম বৰুৱাৰ লগতে মঃ ছাইফুল ইছলামকো সম্বৰ্ধিত কৰা হয়৷ অসমৰ লগতে ভাৰতৰ আন ৰাজ্যতো প্ৰশিক্ষণ কেন্দ্ৰ থকা সঙ্গীত সত্ৰ পৰীক্ষা পৰিষদৰ পৰীক্ষা নিয়ন্ত্ৰক পদ্মশ্ৰী,সংগীত নাটক অকাডেমী বঁটাপ্ৰাপ্ত বায়নাচাৰ্য ঘনকান্ত বৰায়ো সমাবৰ্তনখনত ভাষণ প্ৰদান কৰে৷আজিৰ এই অনুষ্ঠানত সঙ্গীত সত্ৰৰ অধ্যক্ষ ৰিঞ্জুমণি শইকীয়া, সঙ্গীত সত্ৰ পৰীক্ষা পৰিষৰ সচিব নৱদেৱ কৃষ্ণশংকৰ ভাৰতী,দেৱশংকৰ বৰ্মন প্ৰমুখ্যে সংগীত সত্ৰৰ সদস্য তথা বহু গণ্য মান্য ব্যক্তি,শিক্ষাৰ্থী উপস্থিত থাকে৷

সোণাৰি মহাবিদ্যালয়ত কেৰিয়াৰ কাউঞ্চেলিঙৰ কৰ্মশালা

সোণাৰিৰ যুৱক যুবতীসকলক প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সাজু কৰি তুলিবলৈ ব্যবস্থা লোৱা প্ৰশিক্ষণ প্ৰতিষ্ঠান ড্ৰীমছ জ’ন আই এ এছৰ উদ্যোগত আজি সোণাৰি মহাবিদ্যালয়ত এটা কেৰিয়াৰ কাউঞ্চেলিঙৰ কৰ্মশালা সম্পন্ন হয়।সোণাৰি মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰ্মশালাটোত সমল ব্যক্তি হিচাপে উপস্থিত থাকে চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষক সুধাকৰ সিঙ। প্ৰশাসনিক সেৱা তথা প্ৰতিযোগিতা মূলক পৰীক্ষাৰ প্ৰস্তুতি সন্দৰ্ভত অনুষ্ঠিত হোৱা এই কৰ্মশালাটো উদ্বোধন কৰে সোণাৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বিমল চন্দ্ৰ গগৈয়ে।ক’ভিড প্ৰট’কল মানি অনুষ্ঠিত হোৱা এই কৰ্মাশালাত মহাবিদ্যালয় খনৰ যথেষ্ট সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। এই কৰ্মশালাত ছাত্ৰ ছাত্ৰীসকলক কেনেদৰে প্ৰশাসনিক সেৱা পৰীক্ষাৰ বাবে সাজু হব লাগে সেই সম্পৰ্কে বিভিন্ন ধৰণৰ প্ৰশিক্ষণ দিয়া হয় ।

ঢকুৱাখনাৰ মেধাবী ছাত্ৰ নিৰঞ্জন গগৈলৈ  ডিম্বেশ্বৰ কোঁৱৰ স্মাৰক বঁটা 

ঢকুৱাখনাৰ বিদ্যায়তনিক ইতিহাসৰ  অন্যতম সমুজ্জ্বল নক্ষত্ৰ স্বৰূপ  , ৰাজ্য চৰকাৰৰ এগৰাকী সুদক্ষ আৰু  নিষ্ঠাবান শিক্ষা বিষয়া প্ৰয়াত ডিম্বেশ্বৰ কোঁৱৰৰ সশ্ৰদ্ধ স্মৰণত কোঁৱৰৰ পৰিয়ালবৰ্গই  প্ৰদান কৰি অহা প্ৰয়াত ডিম্বেশ্বৰ কোঁৱৰ স্মাৰক বঁটা শনিবাৰে দ্বিতীয় বাৰৰ  বাবে  ঢকুৱাখনাত প্ৰদান কৰা হয় ।  ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত শনিবাৰে এই সম্পৰ্কত অনুষ্ঠিত কৰা হয় এক মনোজ্ঞ সভা । বিদ্যালয়খনৰ  পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি ডিম্বেশ্বৰ গগৈৰ সভাপতিত্বত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰে  বিদ্যালয়ৰ অধ্যক্ষ কল্পনা গগৈয়ে। বিদ্যালয়খনৰ প্ৰাক্তন  মেধাবী ছাত্ৰ , এই বিদ্যালয়ৰে প্ৰশিক্ষণ প্ৰাপ্ত  প্ৰাক্তন শিক্ষক তথা অৱসৰ প্ৰাপ্ত  সুদক্ষ শিক্ষা বিষয়া প্ৰয়াত ডিম্বেশ্বৰ কোঁৱৰ স্মাৰক বঁটা প্ৰদান পৰ্ব  যোৱা বছৰৰ পৰা আৰম্ভ কৰি তেওঁৰ স্মৃতি যুগমীয়া কৰাৰ প্ৰয়াস কৰি আহিছে কোঁৱৰৰ পৰিয়ালবৰ্গই।  বিদ্যালয়খনৰ পৰা  হাইস্কুল শিক্ষান্ত পৰীক্ষাত ইংৰাজী বিষয়ত সৰ্বোচ্চ নম্বৰ ( ৭৫ শতাংশৰ অধিক ) প্ৰাপক গৰাকীক  প্ৰদান কৰি অহা দ্বিতীয় বৰ্ষৰ এই বঁটা  লাভ কৰিছে বিদ্যালয়খনৰ মেধাবী ছাত্ৰ ঢকুৱাখনা দীঘলা গাঁওৰ  প্ৰণৱ গগৈৰ পুত্ৰ  নিৰঞ্জন গগৈয়ে। কৃতিমান ছাত্ৰ নিৰঞ্জন গগৈয়ে ইংৰাজী  বিষয়ত ৯৩ ,গণিত বিষয়ত ৯৬ ,সাধাৰণ বিজ্ঞান বিষয়ত ৯৫ ,সমাজ বিজ্ঞান  বিষয়ত ৯৫ , অসমীয়া বিষয়ত  ৯২আৰু ঐচ্ছিক বিষয়ত  ৯৪ নম্বৰ সহ সৰ্বমুঠ ৫৬৫ নম্বৰ ( ৯৪’১৬ শতাংশ ) লাভ  কৰিবলৈ সক্ষম হৈছে। এইগৰাকী কৃতিমান শিক্ষাৰ্থীক বঁটা প্ৰদান কৰিবলৈ  অনুষ্ঠিত  সভাত  উপস্থিত থাকে প্ৰয়াত চেতিয়াৰ  কন্যা তিনিচুকীয়া জিলাৰ ডুমডুমা নিবাসী অঞ্জু কোঁৱৰ মজিন্দাৰ  ,মামণি  কোঁৱৰ আৰু পুত্ৰ বিকাশ কোঁৱৰ , অবসৰী শিক্ষক সৰ্বেশ্বৰ বৰুৱা , অবসৰী অধ্যক্ষ লিখন চন্দ্ৰ বৰগোঁহাই , চেনিৰাম বৰৱা, ধ্ৰুৱ জ্যোতি  কোঁৱৰ , বঁটা প্ৰাপক নিৰঞ্জন গগৈৰ  পিতৃ প্ৰণৱ গগৈ।  বঁটা প্ৰদানৰ পূর্বে  প্ৰয়াত শিক্ষাবিদ  চেতিয়াৰ জ্যেষ্ঠ কন্যা অঞ্জু কোঁৱৰ মজিন্দাৰে দেউতাকৰ সশ্ৰদ্ধ স্মৰণ কৰি ছাত্ৰ জীৱনৰ পৰা  আৰম্ভ কৰি শিক্ষা বিষয়া হিচাপে অৱসৰ গ্ৰহণ পৰ্যন্ত  সকলো দিশ সামৰি বক্তব্য ৰাখে। ১৯৪৮ চনত মেট্ৰিকুলেট পৰীক্ষাত দ্বিতীয় বিভাগত আৰু  কটন মহাবিদ্যালয়ৰ পৰা  আইএচচি পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ এই বিদ্যালয়ত ৪ বছৰ শিক্ষকতা কৰাৰ পৰৱৰ্তী সময়ত বিটি প্ৰশিক্ষণ  গ্ৰহণ কৰি “অসম শিক্ষা সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হৈ শিক্ষা বিষয়া হিচাপে ৰাজ্যখনৰ বিভিন্ন জিলাত সেৱা আগবঢ়াই তিনিচুকীয়া জিলাৰ পৰা বিদ্যালয় সমূহৰ পৰিদর্শক হিচাপে  অৱসৰ গ্ৰহণ কৰা আৰু  অৱসৰৰ পাছতো ২৯ বছৰ কৰ্ম ব্যস্ততাৰে দিন কটোৱা কৰ্মব্যস্ততাপূৰ্ণ জীৱন শৈলী সন্দৰ্ভত  চমু অবলোকন কৰে । প্ৰয়াত শিক্ষাব্ৰতী  ডিম্বেশ্বৰ কোঁৱৰৰ জীৱন আৰু কৰ্মৰাজি সম্পৰ্কে চমু বক্তব্য আগবঢ়াই  কোঁৱৰৰ প্ৰাক্তন ছাত্ৰ ,প্ৰবীণ শিক্ষাবিদ সৰ্বেশ্বৰ বৰুৱাই চেতিয়াৰ  নিখুঁত শিক্ষণ শৈলী আৰু ব্যক্তিত্বই  ছাত্ৰ অভিভাৱক  সকলোকে সন্মোহিত কৰিছিল বুলি কৈ অংক আৰু ইংৰাজী বিষয়ত অগাধ পাণ্ডিত্যৰ গৰাকী  কোঁৱৰে  পৰৱৰ্তী সময়ত সুশাসক তথা সুদক্ষ শিক্ষা বিষয়া  হিচাপে সেৱা আগবঢ়াই যোৱা বুলি মন্তব্য কৰি কোঁৱৰৰ গুণানুকীৰ্তন কৰে ।   বিদ্যালয়ৰ  সমূহ শিক্ষক শিক্ষাৰ্থী , শিক্ষানুৰাগী ৰাইজ  উপস্থিত থকা গাম্ভীৰ্যপূৰ্ণ সভাত বঁটা প্ৰাপক নিৰঞ্জন গগৈক ফুলাম গামোচা , গ্ৰন্থ সম্ভাৰ আৰু ৭  হাজাৰ টকাৰ চে’ক  প্ৰদান কৰে অধ্যক্ষ কল্পনা গগৈৰ সহযোগিতাত জ্যেষ্ঠ কন্যা অঞ্জু কোঁৱৰ মজিন্দাৰ আৰু পুত্ৰ বিকাশ কোঁৱৰে। সভাত অৱসৰ প্ৰাপ্ত অধ্যক্ষ চেনিৰাম বৰুৱা , লিখন  বৰগোহাঁই ,শিক্ষয়িত্ৰী মৌচুমী গগৈ হাতীবৰুৱাই বক্তব্য ৰাখি  প্ৰাক্তন শিক্ষাগুৰু গৰাকীৰ শিক্ষানুষ্ঠানখনৰ  সতে সম্পৃক্ত স্মৃতি সজীৱ কৰি ৰাখিবলৈ পৰিয়ালবৰ্গই হাতত লোৱা এনে প্ৰশংসনীয় পদক্ষেপৰ একেমুখে শলাগ লয়।
বাতৰি যুগুতালে অমৃত পৱন বৰাই।

কাহিলীপাৰাৰ চেনেহ বৃদ্ধাবাসৰ আবাসীলৈ গাৰ্লছ এন চি চি কেডেটৰ সহায়ৰ হাত

গুৱাহাটীৰ ভৱদা দেৱী মেমৰিয়েল হোমৰ উদ্যোগত পৰিচালিত কাহিলীপাৰাস্থিত “চেনেহ ” বৃদ্ধাবাসৰ আবাসীলৈ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ গুৱাহাটীস্থিত ৬০ আসাম গাৰ্লছ এন চি চি বেটেলিয়ানে সহায়ৰ হাত আগবঢ়াইছে । ২২ অক্টোবৰৰ বিয়লি ৬০ আসাম গাৰ্লছ এন চি চি বেটেলিয়ানৰ কমাণ্ডিং অফিচাৰ , কৰ্ণেল অনিল কুমাৰৰ নেতৃত্বত এটা কেডেটৰ দল চেনেহ বৃদ্ধাবাসত উপস্থিত হৈ আবাসী সকলৰ মাজত খাদ্যকে ধৰি নিত্য ব্যৱহাৰ্য সামগ্ৰী , এটা আলমাৰী প্ৰদান কৰে । এই উপলক্ষে আয়োজিত অনুষ্ঠানত এন চি চিৰ উত্তৰ পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্রধান মেজৰ জেনেৰেল ভাস্কৰ কলিতাই ভাগ লৈ এন চি চিৰ কেডেটৰ দলটোক উৎসাহিত কৰাৰ লগতে আবাসত থকা প্ৰায় ২৫ জনী আইতাৰ সৈতেও কুশল বার্তা বিনিময় কৰে আৰু তেওঁলোকক একো একোজন সমাজৰ পথ প্ৰদৰ্শক স্বৰূপ বুলি সদৰি কৰে । অনুষ্ঠানত এন চি চিৰ গুৱাহাটী গ্রুপৰ গ্রুপ কমাণ্ডাৰ ব্ৰিগেডিযাৰ যোগেশ কুমাৰ তালুকদাৰে ভাগ লৈ পৰিবেশ – পৰিস্থিতিৰ বাবে বৃদ্ধাবাসত থাকিবলৈ বাধ্য হোৱা আবাসী সকলৰ সুস্বাস্থ্য কামনা কৰে আৰু আগন্তক দিনটো এনেদৰে এন চি চিৰ ফালৰ পৰা সহায়ৰ হাত আগবঢ়াব বুলি ঘোষণা কৰে । অনুষ্ঠানত চেনেহ বৃদ্ধাবাসৰ ন্যাসৰক্ষী ক্ৰমে ডঃ পদ্মপানী মহন্ত , অভিযন্তা পৰেশ দেৱচৌধুৰী , উইং কমাণ্ডাৰ উমাকান্ত মহন্ত আৰু যুতিকা দেৱী উপস্থিত থাকে আৰু আবাসী সকলক সহায়ৰ হাত আগবঢ়োৱা বাবে বাহিনীটোৰ শলাগ লয় ।