গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ পৰা লখিমপুৰ জিলাৰ লীলাবাৰী বিমানবন্দৰলৈ পোনপটীয়া বিমান সেৱা আৰম্ভ হৈছে। ব্যক্তিগত খণ্ডৰ বিমান পৰিবহণ সংস্থা ফ্লাইবিগৰ ৭২ খন আসনযুক্ত বিমান গুৱাহাটীৰ পৰা লীলাবাৰীলৈ সপ্তাহত চাৰিদিনকৈ চলাচল কৰিব। আজি বিয়লি ৪.৪০ বজাত বৰঝাৰ বিমানবন্দৰত পতাকা জোকাৰি এই বিমান সেৱাৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। বিমানখনত আন আন যাত্ৰীৰ লগতে অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগু, লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, উত্তৰ লখিমপুৰৰ বিধায়ক মানৱ ডেকা, অৰুণাচল প্ৰদেশৰ কৃষি আৰু উদ্যান শস্য বিভাগৰ মন্ত্ৰী টাকী টেগো যাত্ৰীৰ ৰূপত লীলাবাৰীলৈ যাত্ৰা কৰে। আনহাতে এই উপলক্ষে বৰঝাৰ বিমানবন্দৰত আয়োজিত চমু অনুষ্ঠানত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ মুখ্য বিমানকোঠ বিষয়া উৎপল বৰুৱা, ফ্লাইবিগৰ পৰিচালন সঞ্চালক কেপ্তেইন সঞ্জয় মাণ্ডাডিয়াকে ধৰি কেবাজনো বিষয়া উপস্থিত থাকে। উল্লেখযোগ্য যে সপ্তাহৰ চাৰিদিন ক্ৰমে – মঙল , বৃহস্পতিবাৰ , শনিবাৰ আৰু দেওবাৰে গুৱাহাটী আৰু লীলাবাৰীৰ মাজত চলাচল আৰম্ভ হোৱা ৭২ খন আসনযুক্ত বিমানখন চাৰিওদিনতে গুৱাহাটীৰ পৰা বিয়লি ৪.৪০ বজাত যাত্ৰা কৰিব । সন্ধিয়া ৫.২৫ বজাত গৈ বিমানখন লীলাবাৰী বিমানবন্দৰত অৱতৰণ কৰিব। তেনেদৰে সেই চাৰিদিন বিমানখন সন্ধিয়া ৫.৫০ বজাত লীলাবাৰী বিমানবন্দৰৰ পৰা উৰা মাৰি ৬.৪০ বজাত বৰঝাৰ বিমানবন্দৰত অৱতৰণ কৰিব। উল্লেখযোগ্য যে গুৱাহাটী-লীলাবাৰীৰ মাজত পোনপটীয়া বিমান চলাচল আৰম্ভ হোৱাৰ পাছত উত্তৰ অসমকে ধৰি চুবুৰীয়া অৰুণাচল প্ৰদেশৰ এক বৃহৎ অঞ্চল উপকৃত হ`ব।
Trending
- NSE and India Habitat Centre Partner to Empower Citizens with Financial Literacy
- পথিকৰ উদ্যোগত যোৰহাটত চাইক্লাথন
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্যোগত মধুপুৰ সত্ৰত সাঁচিপতীয়া পুথি পঠন-সংৰক্ষণ শীর্ষক কর্মশালা সম্পন্ন
- জাপানৰ ওছাকাত অনুষ্ঠিত হোৱা ৱৰ্ল্ড এক্সপ’ ২০২৫ত অসম ৰাজ্যিক প্ৰেক্ষাগৃহ উদ্বোধন
- ৰোগৰ নিৰ্ণয়ৰ পৰীক্ষা সমূহৰ মাচুল নিয়ন্ত্রণৰ বাবে গণস্বাক্ষৰ অভিযানৰ আৰম্ভণি আৰু মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান
- India is Emerging as a Financial Powerhouse, Says NSE Chief
- ক্ৰীড়াৰ জৰিয়তে এইচ ডি এফ চি বেংক পৰিৱৰ্তনে আজিলৈকে ৫ হাজাৰ ব্যক্তিক প্ৰভাৱিত কৰিছে।
- BJP Government Committed to Reclaiming Land from Infiltrators: Amit Shah
- আজাৰা পাটগাঁৱত বি এছ এফৰ আন্তঃকমাণ্ড মহিলা ক্ৰীড়া সমাৰোহৰ সামৰণি
- চীন দূতাবাসৰ পাঁচজনীয়া কূটনীতিবিদৰ দলৰ কটন বিশ্ববিদ্যালয় পৰিদৰ্শন