“ভোগজৰা”ধেমাজিৰ এটা অতি আগশাৰীৰ আৰ্থ-সামাজিক অনুষ্ঠান । যিটো অনুষ্ঠানে বিগত কেইবা বছৰো ধৰি সামাজিক- সাংস্কৃতিক অনুষ্ঠানৰ হৈ কাম কৰি আহিছে। শিশুৰ সৰ্বাঙ্গীণ বিকাশৰ বাবে ইতিমধ্যে যথেষ্ট পদক্ষেপো গ্ৰহণ কৰিছে।অহা ২০জুনত বৰ্ষপূৰ্তি অনুষ্ঠানটো “ৰাভা দিৱস”ৰ লগত সংগতি ৰাখি অতি উলহ মালহেৰে আয়োজন কৰিবলৈ লোৱা হৈছে। উক্ত অনুষ্ঠানতেই অসমৰ সাহিত্য,সংস্কৃতি আৰু বৌদ্ধিক ক্ষেত্ৰখনলৈ বিশেষভাৱে বৰঙনি আগবঢ়োৱা ধেমাজিৰ প্ৰচাৰ বিমুখ এজন নমস্য ব্যক্তিক “ভোগজৰা”ৰ তৰফৰ পৰা “জীয়াঢল উপত্যকা বঁটা” প্ৰদান কৰা হ’ব। এই বঁটা অহা ২০জুনত ধেমাজিৰ ৰাজহুৱা প্ৰেক্ষাগৃহত বিশিষ্ট দিব্যাংগ শিল্পী,সাংস্কৃতিক কৰ্মী বুংশীধৰ বসুমতাৰী প্ৰদান কৰিব বুলি জানিব পৰা গৈছে। উক্ত অনুষ্ঠানতে বিভিন্ন প্ৰতিকূলতাৰ মাজতো স্থানীয় ৰাইজৰ সহযোগত অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়খন ধেমাজিৰ ভিতৰতে সৰ্বোকৃষ্ট বিদ্যালয় হিচাবে গঢ় দিয়াৰ বাবে অব্যাহত ৰখা চেষ্টাক সন্মান জনাই “বৰপথাৰ নৱজ্যোতি মধ্য ইংৰাজী বিদ্যালয়” খনক “বিশেষ শৈক্ষিক সন্মান বঁটা” প্ৰদান কৰা হ’ব। ধেমাজি জিলাৰ বিভিন্ন অঞ্চলৰ পৰা অহা কণ কণ ছাত্ৰছাত্ৰী সকলৰ বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান পৰিবেশিত হ’ব লগা এই অনুুষ্ঠানতেই ৰক্তদানেৰে মানুহৰ জীৱন ৰক্ষা কৰিবলৈ আগবাঢ়ি অাহি মহৎ কাম কাম কৰাৰ লগতে সমগ্ৰ অসমবাসীকে সজাগ কৰাৰ অহোপুৰুষাৰ্থ চেষ্টা কৰা জনহিতৈষী স্বেচ্ছাসেৱী অনুষ্ঠান “ৰক্তধাৰা’ক “জনকল্যানকামী বঁটা প্ৰদান কৰা হ’ব। ইয়াৰ উপৰিও ধেমাজি জিলাৰ আটাইতকৈ পৰিচন্ন গাঁও হিচাপে জনপ্ৰিয় হোৱা মাইছা গাৱঁলৈ “শুৱনি আমাৰ গাঁওখনি বঁটা” ৰ সন্মান প্ৰদান কৰা হ’ব।

জেৰেঙা পথাৰৰ সমাৱেশত মোদীয়ে কি ক`লে
ঐতিহাসিক শিৱসাগৰৰ জেৰেঙা পথাৰত আজি উপস্থিত হয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ অসমীয়াতে অসমবাসীক ইংৰাজী নৱবৰ্ষ আৰু ভোগালী বিহুৰ শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “মই অসমবাসীক নৱবৰ্ষ আৰু ভোগালীৰ শুভেচ্ছা জনাইছো আহিবলগীয়া দিনবোৰ সৌভাগ্যপূৰ্ণ হওক । অসমৰ প্ৰতি থকা মৰমে মোক বাবে বাৰে অসমলৈ টানি আনে । যোৱাবাৰ বড়ো সমস্যা সমাধানৰ সময়ত অসমলৈ অহাৰ পাছত এতিয়া ভূমিপুত্ৰ সকলৰ অধিকাৰ সুৰক্ষিত হোৱাৰ সময়ত আহিছো । আজিৰ দিন স্বাভিমান, স্বাধীনতা আৰু সুৰক্ষাৰ সমন্বয় । আনহাতে এই অনুষ্ঠান হৈছে ঐতিহাসিক জেৰেঙাত, যি জেৰেঙা জয়মতীৰ সাহস আৰু ত্যাগৰ কাৰণে জনাজাত ।
ইয়াৰোপৰি ভাষণ প্ৰসংগত মোদীয়ে কয়, “অসমৰ দ্ৰুত গতিৰ বিকাশ আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ। ‘আত্মনিৰ্ভৰ অসম’ সফল হৈছে ইয়াত বসবাস কৰা লোকসকলৰ মাজত ‘আত্মবিশ্বাস’ৰ জৰিয়তে। ৰাজ্যৰ ৪০ শতাংশ জনসংখ্যাই কেন্দ্ৰীয় চৰকাৰৰ ‘আয়ুষ্মান ভাৰত’ (Ayushmaan Bharat’) আঁচনিৰ দ্বাৰা লাভান্বিত হৈছে।”
প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয়, “নেতাজীৰ স্মৰণ আমাৰ বাবে আজিও সাহস । এই দিনটোত ৰাষ্ট্ৰীয় সংকল্প সমূহ পূৰণৰ অন্য এক দিন । আমাৰ সংস্কৃতিত মাটি নিৰ্জীৱ হয় । মাটি আমাৰ মাতৃ। ভূপেন হাজৰিকাই কোৱাৰ দৰে অ’ মোৰ ধৰিত্ৰী আই চৰণতে দিবা ঠাই, খেতিয়কৰ নিস্তাৰ নাই মাটি বিনে অসহায় এই গানৰ পংক্তি কৈ তেওঁ কয় আজিৰ দিনটোত এই ভূমিপুত্ৰ সকলক আইনী মৰ্যাদা প্ৰদান কৰা হৈছে । ২০১৬ চনত বিজেপি চৰকাৰ গঠন হওঁতে অসমৰ প্ৰায় ৬ লাখ থলুৱা লোকৰ পট্টা নাছিল । কিন্তু বিজেপি চৰকাৰে এই সকলৰ হিতৰ বাবে চিন্তা কৰি ভূমি আইন সংশোধনৰ জৰিয়তে লৈ লাখৰ ঘৰত মাটিপট্টা প্ৰদান কৰা হৈছে । এই মাটিৰ পট্টা কেৱল এখন কাগজ নহয়, কিন্তু এই পট্টাৰ দ্বাৰা এই সকল ভাৰত চৰকাৰৰ বিভিন্ন আঁচনিৰ অংশ হ’ব পাৰিব। ব্যৱসায়ৰ বাবে ঋণ পোৱা সহজ হ’ব।”
চাহ জনগোষ্ঠীৰ প্ৰসংগত মোদীয়ে কয়, “চাহ জনগোষ্ঠীৰ বিগত দিনত অৱস্থা শোচনীয় আছিল । এতিয়া ঘৰ, পানী, অনাময় আদি সকলো সুবিধা চাহ জনগোষ্ঠীয়ে লাভ কৰিছে । বেংকৰ সৈতে চাহ বনুৱা সকলক পোনপটীয়াকৈ সংলগ্ন কৰা হৈ গৈছে । বড়ো সকলৰ আতংকৰ সমস্যা ইতিমধ্যে চৰকাৰে শেষ কৰিছে । এতিয়া এই বৃহৎ অংশ উন্নয়নৰ পথত যাব । আজি অসম আৰু উত্তৰ পূৱৰ বিকাশ হৈছে । অসম লুক ইষ্ট পলিচিৰ অংশ হৈ পৰিছে । অসমক পূৱৰ সৈতে সাঙুৰি যাতায়তৰ উন্নয়ন হৈছে । দলং-পথ নিৰ্মাণ হৈছে । পূৱৰ দেশ সমূহৰ সৈতে সম্পৰ্ক স্থাপন হৈছে । যাতায়তৰ উন্নয়নৰ বাবে ঔদ্যোগিক বিকাশৰ পথ খোল খাইছে । আকাশী পথৰ জৰিত উন্নয়নৰ ফলত নতুন পথ খোল খাইছে । অসমত তেল-গেছ ক্ষেত্ৰত ৪০ হাজাৰ কোটি বিনিয়োগ হৈছে । নতুন নতুন সংস্থাপনৰ পথ মুকলি হৈছে । জৈৱিক ইন্ধন উৎপাদনত অসম অগ্ৰণী ৰূপে পৰিগণিত হ’ব ।”
আনহাতে ক’ৰোনা মহামাৰীৰ বিষয়ে উল্লেখ কৰি মোদীয়ে কয় যে, “অসম চৰকাৰে COVID19 মহামাৰী যেনেদৰে পৰিচালনা কৰিছিল সেইটো প্ৰশংসাৰযোগ্য। মই আত্মবিশ্বাসী যে অসমে এতিয়া টিকাকৰণ অভিযান আগুৱাই নিব। মই সকলোকে টিকাকৰণ কৰিবলৈ আবেদন জনাইছো।
ভিউৱাছৰ মতামত