শিৱসাগৰত আয়োজিত গাঁওৰক্ষী সংগঠনৰ ৭২ তম প্ৰতিষ্ঠা দিৱসত মুখ্যমন্ত্ৰীৰ অংশ গ্ৰহণ

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি শিৱসাগৰৰ ঐতিহাসিক তলাতল ঘৰৰ বাকৰিত আয়োজিত সদৌ অসম গাঁও ৰক্ষী সংগঠনৰ ৭২ তম্‌ প্ৰতিষ্ঠা দিৱসত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰে৷ অনুষ্ঠানৰ আৰম্ভণিতে মুখ্যমন্ত্ৰীয়ে গাঁওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠাপক হৰিনাৰায়ণ বৰুৱাৰ প্ৰতিচ্ছৱিত মাল্যাৰ্পণ কৰি গভীৰ শ্ৰদ্ধা নিবেদন কৰে৷
এই উপলক্ষে আয়োজিত সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে মহামানৱ মহাত্মা গান্ধীয়ে কৈছিল যে ভাৰতবৰ্ষৰ আত্মা গাঁৱতহে বাস কৰে৷ ভাৰতবৰ্ষৰ প্ৰায় ৮৪ শতাংশ লোক গাঁৱত বাস কৰে৷ ভাৰতবৰ্ষক শক্তিশালী কৰিব লাগিলে ৮৪ শতাংশ লোকে বসবাস কৰা গ্ৰামাঞ্চলক শক্তিশালী কৰিব লাগিব৷ ভাৰতবৰ্ষৰ প্ৰতিখন গাঁৱৰ গঞাই আজি একবিংশ শতিকাত শক্তিশালীভাৱে অৱতীৰ্ণ হোৱাৰ বাবে নিষ্ঠাসহকাৰে অৱতীৰ্ণ হৈছে৷ অসমৰ ২৬ হাজাৰ খন গাঁৱৰ সৰ্বাংগীন উন্নয়নৰ বাবে আমি সকলোৱে সন্মিলিত প্ৰচেষ্টা চলাব লাগিব৷ গ্ৰামাঞ্চলৰ সাৰুৱা মাটিত উৎপাদন বৃদ্ধিৰ বাবে আমি প্ৰচেষ্টা চলাব লাগিব৷ উঠি অহা প্ৰজন্মক আমাৰ পাঁচ হাজাৰ বছৰীয়া সভ্যতা সংস্কৃতিৰ উমান দিব লাগিব৷ মানৱীয় অনুভূতিৰে উঠি অহা প্ৰজন্মৰ মাজত মানৱতাবোধৰ সৃষ্টি কৰিব লাগিব৷ জাতিৰ পিতা মহাত্মা গান্ধীয়ে ভাৰতবৰ্ষক ৰাম ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰাৰ সপোন দেখিছিল৷ গাঁও ৰক্ষী বাহিনীৰ সদস্য সকলে নিজৰ নিজৰ গাঁৱক সুৰক্ষিত কৰি ৰাখিব লাগিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে গাঁৱসমূহত যাতে কোনো অপৰাধমূলক ঘটনা সংঘটিত নহয় তাৰ বাবে গাঁওৰক্ষী বাহিনীৰ জোৱান সকলক নিষ্ঠাৰে কাম কৰিব লাগিব৷
মুখ্যমন্ত্ৰীয়ে কয় যে ২০১৬ চনত দুৰ্নীতিমুক্ত, বিদেশীমুক্ত, সন্ত্ৰাসবাদমুক্ত আৰু প্ৰদূষণমুক্ত অসম গঢ়াৰ বাবে বৰ্তমানৰ চৰকাৰখনে সংকল্প লৈছিল৷ এই লক্ষ্য পূৰণৰ দিশত ৰাইজৰ সহযোগত চৰকাৰখনে বহুখিনি সফল হৈছে৷ এতিয়া অসমৰ সকলো শ্ৰেণীৰ জনসাধাৰণে সুৰিক্ষতভাৱে এক শান্তিপূৰ্ণ বাতাৱৰণত জীৱন যাপন কৰাৰ বাবে এক পৰিৱেশ নিৰ্মাণ হৈছে৷ এসময়ত অসমৰ সমাজ জীৱনত দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ দলৈকে শিপাই গৈছিল৷ শাসন ব্যৱস্থা দুৰ্বল হৈ পৰিছিল৷ দুৰ্নীতিপৰায়ণ ব্যক্তি, প্ৰভাৱশালী ব্যক্তিসকলে ন্যস্তস্বাৰ্থ পূৰণ কৰাৰ বাবে বিভিন্ন অপকৰ্মত লিপ্ত হৈছিল৷ অসমৰ ৰাইজৰ সহযোগত বৰ্তমানৰ ৰাজ্য চৰকাৰখনে দুৰ্নীতিৰ বিৰুদ্ধে যি শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিলে ইয়াৰ ফলশ্ৰুতিত আজি সমগ্ৰ ৰাজ্যখনতে এক সুন্দৰ আৰু শক্তিশালী ব্যৱস্থা প্ৰদান কৰাৰ দিশত চৰকাৰখন সফল হৈছে বুলিও তেওঁ কয়৷
অসমৰ জনসাধাৰণে শান্তি বিচাৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে পূৰ্বৰ চৰকাৰে যথোচিত পদক্ষেপ গ্ৰহণ নকৰা বাবে জনসাধাৰণে শান্তিৰ সন্ধান কৰিব লগা হৈছিল৷ সমগ্ৰ অসমৰ গণতান্ত্ৰিক বাতাবৰণ সেই সময়ত প্ৰদূষিত হৈ পৰিছিল৷ সেয়েহে সন্ত্ৰসবাদ মুক্ত অসম গঢ়াৰ লক্ষ্যৰে ২০১৬ চনত বৰ্তমানৰ ৰাজ্য চৰকাৰখনে যি যাত্ৰা আৰম্ভ কৰিলে ইয়াৰ ফলশ্ৰুতিত বহু কেইটা উগ্ৰপন্থী সংগঠনৰ বহু সদস্যই উগ্ৰপন্থা পৰিত্যাগ কৰি মূলসুঁতিলৈ উভতি আহিছে৷ ফলত ৰাজ্যখনত শান্তিৰ পৰিৱেশ বিৰাজ কৰাৰ বাবে জনসাধাৰণে যথেষ্ট সকাহ পাইছে৷ ইয়াৰ ফলতে অসমে সকলো দিশতে উন্নতিৰ জখলাত বগাবলৈ সক্ষম হৈছে৷ ইয়াৰ মূল কাৰণ শান্তি বুলিও মুখ্যমন্ত্ৰীয়ে কয়৷ সন্ত্ৰাসবাদমুক্ত অসম গঢ় দিয়াৰ বাবে ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তত অসমে এতিয়া সুকীয়া দৃষ্টি লাভ কৰিবলৈ সক্ষম হৈছে বুলিও তেওঁ কয়৷
মুখ্যমন্ত্ৰীয়ে কয় যে গাঁওৰক্ষী বাহিনীৰ জোৱান সকলে গাঁও সমূহ সুৰক্ষিত কৰি ৰাখিব লাগিব৷ গ্ৰাম্য সমাজত যাতে মিলাপ্ৰীতি আৰু সমন্বয় অটুত থাকে সেই দিশত গাঁওৰক্ষী বাহিনীয়ে প্ৰধান ভূমিকা ল’ব লাগিব৷ গাঁও সমূহত যদি কোনো অপশক্তিয়ে শান্তি-সম্প্ৰীতি বিনষ্ট কৰিবলৈ প্ৰচেষ্টা চলায় সেই প্ৰচেষ্টা গাঁওৰক্ষী বাহিনীয়ে মষিমূৰ কৰিব লাগিব৷ গাঁও সমূহক পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰাখিবলৈ সক্ষম হ’লে জাতিৰ পিতা মহাত্মা গান্ধীৰ ৰাম ৰাজ্যৰ সপোন বাস্তাৱায়িত হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে কয়৷ গাঁওৰক্ষী বাহিনীৰ প্ৰতিগৰাকী নিষ্ঠাৱান জোৱানে এই দৃষ্টিভংগীৰে আগন্তুক সময়ত কাম কৰি যাব বুলিও মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে৷ ঐতিহাসিক তলাতল ঘৰৰ এই প্ৰাঙ্গণত সমগ্ৰ অসমৰ জনসাধাৰণক বিভিন্ন প্ৰত্যাহ৩ান আহিলেও মিলাপ্ৰীতি আৰু সমন্বয় অটুত ৰখাৰ বাবে সংকল্পবদ্ধ হ’বলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়৷
আজিৰ এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে গাঁওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠাপক হৰিনাৰায়ণ বৰুৱাৰ এটা প্ৰতিমূৰ্তি গুৱাহাটীত স্থাপনৰ পদক্ষেপ ল’বলৈ আৰক্ষী সঞ্চালক প্ৰধানক নিৰ্দেশ দিয়াৰ লগতে গাঁঁওৰক্ষী বাহিনীৰ জোৱানসকলে স্মাৰক পত্ৰ প্ৰদানৰ জৰিয়তে উল্লেখ কৰা সমস্যাসমূহ সমাধানৰ দিশত চৰকাৰে ইতিবাচকভাৱে পদক্ষেপ ল’ব বুলিও আশ্বাস প্ৰদান কৰে৷ মুখ্যমন্ত্ৰীয়ে লগতে গাঁওৰক্ষী বাহিনীসমূহৰ মাননি বৰ্তমানৰ ২৫০০ টকাৰ পৰা বৃদ্ধি কৰাৰ দিশটো চৰকাৰে পদক্ষেপ ল’ব বুলি কয়৷ এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে বিশিষ্ট সেৱাৰ বাবে ৩৪ টা গাঁওৰক্ষী সংগঠন তথা মণ্ডল পৰ্যায়ৰ সংগঠনক মান পত্ৰ প্ৰদান কৰে৷
গাঁওৰক্ষী বাহিনীৰ মুখ্য নিয়ন্ত্ৰক দিগন্ত বৰাই আদৰণী ভাষণ প্ৰদান কৰা কালিৰ অনুষ্ঠানত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহন, যোৰহাট লোক সভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ আৰু আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তইও ভাষণ প্ৰদান কৰে৷ অনুষ্ঠানত বিধায়কসকল ক্ৰমে প্ৰদীপ হাজৰিকা, কুশল দুৱৰী, নৱনিতা সন্দিকৈ, গাঁওৰক্ষী বাহিনীৰ মুৰব্বী অঞ্জন কুমাৰ বৰা, শিৱসাগৰ জিলাৰ উপায়ুক্ত বিষ্ণুকমল বৰা, অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰমেন দত্ত প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে৷

Share on whatsapp
WhatsApp
Share on facebook
Facebook
Share on twitter
Twitter
Share on email
Email

এইবাৰ ব্যতিক্ৰমী ৰূপত দেখা যাব জনপ্রিয় অভিনেতা ৰাজকুমাৰ ঠাকুৰীয়াক

অসম বিধানসভাৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ জিলা প্ৰশাসনে ৰাজকুমাৰ ঠাকুৰীয়াক ‘ব্ৰেণ্ড এম্বেছাদৰ’ হিচাপে লৈছে।ৰাজকুমাৰ ঠাকুৰীয়াৰ এটা জনপ্ৰিয় গীতৰ আৰ্হিত প্ৰস্তুত কৰা ভিডিঅ’টােত এগৰাকী ছাত্ৰীক ভােটদানৰ প্ৰতি সজাগতা সৃষ্টিৰ বাবে তেওঁ অভিনয় কৰিছে।আন এটা ভিডিঅ’ত ৰাজকুমাৰক দেখা গৈছে ছুপাৰমেনৰ ৰূপত। এজন ভােটাৰক ছুপাৰমেনৰ দৰে প্ৰতীকাত্মক ৰূপত দেখুৱাবলৈ প্ৰয়াস কৰিছে।

উল্লেখ্য যে জিলা প্ৰশাসনে বাটৰ নাটৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিছে।উল্লেখযোগ্য যে কামৰূপ জিলাৰ পলাশবাৰী সমষ্টিত মিৰ্জাৰ স্থায়ী বাসিন্দা ৰাজকুমাৰ ঠাকুৰীয়াৰ আছে বহু সংখ্যক অনুগামী।তেওঁ অভিনয় কৰা বহু গানে ইতিমধ্যে চ’চিয়েল মিডিয়াত ব্যাপক জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে।

নাৰী দিৱসত নাৰীসকলে প্ৰেমৰ সৌধত বিনামূলীয়াকৈ প্ৰৱেশ কৰিব পাৰিব

কালি ৮ মাৰ্চত।সমগ্ৰ দেশজুৰি উদযাপিত হ’ব নাৰী দিৱস।এইবাৰ নাৰী দিৱসত নাৰী সকলক বিশেষ সন্মান প্ৰদৰ্শন কৰিছে ভাৰতীয় পুৰাতত্ত্ব সৰ্বেক্ষণে।উল্লেখযোগ্য যে কালি দিনটোত তাজমহল, লালকিল্লা আৰু কুটুব মিনাৰত মহিলাৰ বিনামূলীয়া প্ৰৱেশ কথা ঘোষণা কৰিছে। কালি দিনটোত মহিলা সকলে দেশৰ এই তিনি পৰ্যটন ক্ষেত্ৰত বিনামূলীয়াকৈ প্ৰৱেশ কৰিবলৈ সুযোগ পাব।উল্লেখযোগ্য যে সমগ্ৰ দেশতে নাৰীৰ স্ব অধিকাৰ আৰু মৰ্যাদা প্ৰতিষ্ঠাৰ হকে এই দিৱস পালন কৰি আহিছে।

ৰজা ধৰ্মনাৰায়ণৰ পূৰ্ণ অৱয়ব মূৰ্তি প্ৰতিষ্ঠা

দৰং ৰাজ্যৰ প্ৰতিষ্ঠাপক ৰজা ধৰ্মনাৰায়ণৰ পূৰ্ণ অৱয়ব মূৰ্তি দেওবাৰে ঐতিহাসিক মঙলদৈ চহৰৰ বৰপুখুৰীৰ পাৰত প্ৰতিষ্ঠা কৰা হয়। ১৬০৬ চনতেই দৰং জিলাৰ হাউলীত ৰাজধানী স্থাপন কৰি দৰঙী ৰাজ্য প্ৰতিষ্ঠা কৰা ৰজা ধৰ্মনাৰায়ণ আছিল মহাবীৰ চিলাৰায়ৰ নাতি। যুদ্ধ বিগ্ৰহৰ পৰিৰ্ৱতে প্ৰজা হিতকৰ কামত আত্ম নিয়োগ কৰা ধৰ্মনাৰায়ণে দৰঙত বৃহৎ বৃহৎ পুখুৰী খন্দাইছিল।

দৰঙৰ মঠ মন্দিৰ নিৰ্মাণৰ লগতে সাহিত্য সংস্কৃতি পৃষ্ঠপোষকতা কৰা ৰজা ধৰ্মনাৰায়ণৰ পূৰ্ণ অৱয়ব মূৰ্তি মঙ্গলদৈ চহৰৰ সোঁমাজত বৰপুখুৰীৰ পাৰত স্থাপন কৰা হৈছে। প্ৰখ্যাত ভাস্কৰ্য তথা সুকুমাৰ কলা শিল্পী বীৰেণ সিংহই সাজি উলিওৱা ২২ ফুট উচ্চতাৰ পূৰ্ণ অৱয়ব মূৰ্তিটো উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি,বিশিষ্ট সাংবাদিক কনকসেন ডেকাই।

ঘোষণা হ`ল কংগ্ৰেছৰ প্ৰথম পৰ্য্যায়ৰ তালিকা

প্ৰকাশ পালে কংগ্ৰেছৰ ৪০জনীয়া প্ৰাৰ্থীৰ তালিকা।সেই অনুসৰি প্ৰাৰ্থীত্ব লাভ কৰিলে তালিকাত উল্লেখ কৰা সকলে।
ঢেকীয়াজুলি:বেণুধৰ নাথ
বৰচলা:ৰাম প্ৰসাদ শৰ্মা
তেজপুৰ:ড° অনুজ কুমাৰ মেজ
ৰঙাপাৰা:অভিজিত হাজৰিকা
চতিয়া:প্ৰাণেশ্বৰ বসুমতাৰী
বিশ্বনাথ:অঞ্জন বৰা
গহপুৰ:ৰিপুন বৰা
বটদ্ৰবা:চিবামনি বৰা
ৰূপহীহাট:নুৰুল শুদা
চামুগুৰি:ৰুকিবুল হুছেইন
কলিয়াবৰ:প্ৰশান্ত কুমাৰ শইকীয়া
সৰুপথাৰ:ৰজিলিনা তিৰকী
গোলাঘাট:বিতোপন শইকীয়া
খুমতাই:বিস্মিতা গগৈ
দেৰগাঁও:বাণী হাজৰিকা
যোৰহাট:ৰানা গোস্বামী
মাজুলী:ৰাজীৱ লোচন পেগু
মৰিয়নি:ৰূপজ্যোতি কুৰ্মী
টীয়ক:পল্লৱী গগৈ
আমগুৰি:অঙ্কিত দত্ত
নাজিৰা:দেৱব্ৰত শইকীয়া
মাহমৰা:সুৰুজ দিহিঙীয়া
সোনাৰি:সুশীল কুমাৰ চুৰী
থৌৰা:সুশান্ত বৰগোহাঁই
শিৱসাগৰ:শুভ্ৰমিতা গগৈ
বিহপুৰীয়া:ভূপেন কুমাৰ বৰা
লখিমপুৰ:ড° জয় প্ৰকাশ
ধেমাজি:শৈলেন সোণোৱাল
জোনাই:ড° হেম হৰি প্ৰসন্ন পেগু
মৰাণ:প্ৰাঞ্জল ঘটোৱাৰ
ডিব্ৰুগড়:ৰাজকুমাৰ নিলত্ৰা নেওগ
লাহোৱাল:মনোজ ধনৱাৰ
দুলিয়াজান:ধ্ৰৱ গগৈ
টিংখং:অটুৱা মুণ্ডা
নাহৰকটীয়া:প্ৰণতি ফুকন
চাবুৱা:অজয় ফুকন
ডিগবৈ:শিৱনাথ চেতিয়া
মাৰ্ঘেৰিটাৰ:মনোৰঞ্জন বৰগোহাঁই
ডুমডুমা :দুৰ্গা ভূমিজ
শদিয়া:লক্ষ্মী চন্দ্ৰ চেতিয়া

এবছৰৰ বিৰতিৰ অন্তত বৰঝাৰত এন চি চি ৰ বায়ু শাখাৰ কেডেটৰ উৰণ প্ৰশিক্ষণ আৰম্ভ

ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ (এন.চি.চি) বায়ু শাখাৰ গুৱাহাটীস্থিত ৫০ আছাম এয়াৰ স্কুৱাদ্ৰোণ ফ্লায়িং এন.চি.চি ইউনিটে লকডাউন কেন্দ্ৰীক পৰিস্থিতিৰ উন্নতি হোৱাৰ পাছত ৫ মাৰ্চৰ পৰা কেডেটৰ উৰণ অৰ্থাৎ ফ্লায়িং প্ৰশিক্ষণ কাৰ্য আৰম্ভ কৰিছে। ইউনিটৰ কমাণ্ডিং অফিচাৰ তথা ভাৰতীয় বায়ু সেনাত এজন অভিজ্ঞ পাইলট হিচাপে পৰিচিত গ্ৰুপ কেপ্তেইন ৰৱীন বিষ্ণয়ৰ তৎপৰতাত বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ এয়াৰ ট্রেফিক কন্ট্ৰলৰ (এ.টি.চি) সহযোগত আৰম্ভ কৰা উৰণ প্ৰশিক্ষণ কাৰ্যসূচীত প্ৰথম দিনটোত তিনিজনী গাৰ্লছ আৰু এজন বয়সহ মুঠ চাৰিজন কেডেটক উৰণৰ প্রাৰম্ভিক প্ৰশিক্ষণ দিয়া হয়। গ্ৰুপ কেপ্তেইন ৰৱীন বিষ্ণয়ে চাৰিওজন কেডেটক পেট্ৰল চালিত অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মিত দ্বি-আসনযুক্ত মাইক্রলাইট এয়াৰ ক্ৰাফট “ভাইৰাছ এছ ডব্লিউ-৮০” লঘু বিমানত উৰণ প্ৰশিক্ষণ আগবঢ়ায়। সম্প্ৰতি বৰঝাৰ বিমানবন্দৰৰ এ.টি.চিৰ সেউজ সংকেত পালেই মাজে সময়ে কেডেটৰ এই উৰণ প্ৰশিক্ষণ কাৰ্যসূচী চলি থাকিব বুলি গ্ৰুপ কেপ্তেইন ৰৱীন বিষ্ণয়ে জানিবলৈ দিছে। উল্লেখযোগ্য যে বিগত বৰ্ষৰ ২৪ মাৰ্চত দেশজুৰি আৰম্ভ হোৱাৰ সময়ৰে পৰা এন.চি.চিৰ বায়ু শাখাৰ কেডেটৰ উৰণ প্ৰশিক্ষণ কাৰ্যসূচী বন্ধ হৈ আছিল।

অচিৰেই ৰাজ্যজুৰি শুভমুক্তি অর্জুনৰ

শীঘ্রে ৰাজ্যজুৰি মুক্তিলাভ কৰিব এখন বহুপ্রত্যাশিত ব্যতিক্রমী অসমীয়া ছবি ‘অর্জুন’৷ বিদ্যা ফিল্মছৰ বেনাৰত গণেশ তামুলীয়ে প্রযোজনা কৰা ছবিখনৰ পৰিচালনা ৰজনী বর্মন (ৰাজ)ৰ৷ মানৱ আৰু অৰণ্যৰ পটভূমিত ৰজনী বর্মনৰ কাহিনী, চিত্র্যনাট্য আৰু সংলাপেৰে নির্মাণ কৰা অর্জুন ছবিখনত দর্শকে সকলো ফালৰ পৰা এক নতুনত্বৰ সোৱাদ পাব৷ অৰণ্য আৰু এশিঙীয়া গঁডৰ সুৰক্ষাৰ স্বার্থত গণেশ তামুলী আৰু ৰজনী বর্মনে নির্মাণ কৰা ছবিখনৰ মূল বিষয়বস্তুSafe Rhino Safe Forest…৷

চিনেমাখনৰ নায়ক হৈছে এটা হাতী৷ যাৰ নাম অর্জুন৷ মহাভাৰতৰ অর্জুনে যেনেকৈ কুৰুক্ষেত্র যুদ্ধ কৰি শত্রুক বিনাশ কৰিছিল, ঠিক তেনেকৈ অর্জুন নামৰ হাতীটোৱে অৰণ্যৰ চোৰাং চিকাৰীসকলক বধ কৰি অৰণ্যখন ৰক্ষা কৰাৰ এক গধুৰ দৃষ্টান্ত দাঙি ধৰা হৈছে ছবিখনত৷ ছবিখনৰ সহঃ প্রযোজক গণেশ প্রসাদ৷ সংগীত পৰিচালনা কৰিছে অনন্ত বেজবৰুৱাই৷ ছবিখনৰ সম্পাদনা শ্যামল দাস আৰু প্রডাকচন কণ্ড্র’লাৰৰ দায়িত্ব পালন কৰিছে জয়ন্ত বৰুৱাই৷

ইতিমধ্যে ছবিখনে প্রিমিয়াৰ শ্ব’ত দর্শকৰ পৰা ভূয়সী প্রশংসা লাভ কৰিবলৈ সক্ষম হৈছে৷ অহা ১৪ মার্চত ছবিখনে অসমৰ সকলো প্রান্ততে মুক্তি লাভ কৰিব৷ অতি সূক্ষ্ম আৰু সুনিপুণ অভিনয়েৰে ছবিখনত আত্মপ্রকাশ কৰিব বৰেণ্য অভিনেতা নিপন গোস্বামী, অতুল পাচনী, পৰাণ কমল, বিকি, পল ফুকন, হিৰণ্য দাস, টুনটুন শইকীয়া বর্মন, যতীন খনিকৰ, কৃষ্ণা কল্যাণী, প্রকাশ মেধি, তপন শইকীয়া, তৰুণ বৰুৱা, ইন্দ্রজিত কোঁৱৰ, নিতিশৰঞ্জন দাস, অজিত ৰাজবংশী, ৰাহুল শর্মা, জিতা গগৈ, পুষ্প মিচং, আমজেদ হুছেইন, চিৰাজুল হক, অৱনী বর্মন, মাইনু গগৈ, অজন্তা বৰুৱা, তনয়া নন্দী, দীপ্তি তামুলী শর্মা, পাপৰি বৰা, মনীষা শইকীয়াৰ লগতে শিশুশিল্পী দিয়া বর্মন, শ্রেয়া বর্মন, দিছাশ্রী বর্মন আৰু বৰষা দাসে৷ কেৱল চিত্রগৃহতেই নহয়, অসমৰ ৰাইজৰ সুবিধার্থে ছবিখন গাঁৱে–ভূঞে সকলোতে প্রদর্শন কৰাৰ সু–ব্যৱস্থা ৰাখিছে বিদ্যা ফিল্মছ পৰিয়ালৰ তৰফৰ পৰা৷ ইয়াৰ বাবে আহ্বায়ক সমিতিয়ে যোগাযোগ কৰিব লাগিব ৮৮৯৭৩–৩৭৯৫৩, ৯৯৫৭৬–৫৯১৯৮ নম্বৰত৷