ঐতিহ্যমণ্ডিত পলাশবাৰী ৰাস মহোৎসৱৰ কালি দিনৰ ১২ বজাত মাঙ্গলিক কাৰ্যসূচীৰে ৭৩ তম্ ৰাস মহোৎসৱৰ আনুষ্ঠানিকভাৱে লাইখুটা স্থাপন কৰে। লাইখুটা স্থাপন অনুষ্ঠানত মহোৎসৱৰ বিষয়ববীয়াসকলৰ লগতে অঞ্চলটোৰ বিশিষ্ট লোকসকল উপস্থিত থাকে। অহা ১২ নৱেম্বৰৰ পৰা ২২ নৱেম্বৰলৈ এঘাৰ দিন ধৰি চলিবলগিয়া ৰাস মহোৎসৱৰ এইবেলি প্ৰায় ৪৫ লাখ টকা ব্যয় সাপেক্ষে বিভিন্ন কাৰিকৰী দিশ তথা আলোকসজ্জাৰ ন ন চমকেৰে ভক্তপ্ৰাণ লোকক আকৰ্ষিত কৰিব পৰাকৈ ৰাসক্ষেত্ৰ সজোৱা হ’ব বুলি জানিবলৈ দিয়ে মহোৎসৱৰ সভাপতি অনিল কলিতাই। উল্লেখ্য যে, যোৱা ১৮ আগষ্টত অনুষ্ঠিত হৈ যোৱা সাধাৰণ সভাত অনিল কলিতাক সভাপতি, ৰবিন্দ্ৰ কুমাৰ দাসক কাৰ্যকৰী সভাপতি, বলেন কলিতা আৰু জীতেন কলিতাক উপ-সভাপতিদ্বয়, মণিময় কৰ আৰু দেৱজিৎ দাসক সাধাৰণ সম্পাদকদ্বয়, দীপেন দাস, অৰূপ দাস আৰু মুনীন্দ্ৰ কলিতাক সহ-সাধাৰণ সম্পাদকত্ৰয়, বিপুল দাসক কোষাধ্যক্ষ হিচাপে লৈ মুঠ ৪৩ জনীয়া এখন ৰাস মহোৎসৱ সমিতি গঠন কৰা হয়। ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি প্ৰকাশ পাবলগীয়া স্মৃতিগ্ৰন্থ “ৰাসক্ৰীড়া”ৰ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰে কমল কুমাৰ আৰু দেৱব্ৰত দাসে। এঘাৰ দিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া ৰাস মহোৎসৱখনি সাফল্যমণ্ডিত কৰাৰ উদ্দেশ্যৰে দিনে-নিশাই সকলো দিশত কাম কৰি আছে বুলি উদ্যোক্তাসকলে জনাইছে।

গুৱাহাটীত উপস্থিত হ’ল নিৰ্বাচন আয়োগৰ দল
সমাগত ২০২১ চনৰ বিধানসভা নির্বাচন৷ৰাজ্যত ইতিমধ্যে নিৰ্বাচনৰ প্ৰৰস্তুতি আৰম্ভ হৈছে।ইয়াৰ সমান্তৰালভাৱে নির্বাচন যাতে সুকলমে আৰু শান্তিপূর্ণভাৱে সৰ্মাপন হয় তাৰ বাবে দেশৰ নির্বাচন আয়োগে যাৱতীয় প্রস্তুতি অব্যাহত ৰাখিছে৷ শেহতীয়াকৈ নির্বাচন আয়োগৰ এটা উচ্চস্তৰীয় দলে অসমত উপস্থিত হৈ নির্বাচনৰ প্রাৰম্ভিক প্রস্তুতিৰ বিভিন্ন দিশৰ বুজ লৈছিল৷ ইয়াৰ পাছতেই আজি তিনিদিনীয়া ভ্রমণসূচীৰে গুৱাহাটীত উপস্থিত হয় মুখ্য নির্বাচন আয়ুক্ত সুনীল আৰোৰাৰ নেতৃত্বত সম্পূর্ণ আয়োগ৷ মুখ্য নির্বাচন আয়ুক্ত আৰোৰাৰ সৈতে দুই নির্বাচন আয়ুক্ত সুশীল চন্দ্র আৰু ৰাজীৱ কুমাৰ।
ৰাজ্য চৰকাৰৰ নির্বাচন বিভাগৰ এক সূত্রই জানিবলৈ দিয়া মতে নির্বাচন আয়োগে তিনিদিনীয়া ভ্রমণসূচীৰে অসমত থকাৰ সময়ছোৱাত গুৱাহাটীৰ হোটেল ৰেডিছন ব্লু’ত নির্বাচনৰ প্রস্তুতি সন্দর্ভত মুখ্য সচিব, অসম আৰক্ষীৰ সঞ্চালকপ্রধান, মুখ্য নির্বাচনী বিষয়া, জিলা উপায়ুক্ত অথবা নির্বাচনী বিষয়া, আৰক্ষী অধীক্ষককে ধৰি সংশ্লিষ্ট বিষয়া লগত গুৰুত্বপূর্ণ আলোচনাত অংশগ্রহণ কৰিব৷
ভিউৱাছৰ মতামত