অসমীয়া কথাছবি দিঠকত হেৰাল সপোনলৈ আন এক সন্মান-ই মেইল যোগে জনালে পৰিচালকক

মুক্তিৰ পূৰ্বেই এটাৰ পাছত আনটো সন্মান আৰু বঁটা পাবলৈ সক্ষম হৈছে মাকনপ্ৰিয়া প্ৰডাকচনৰ বেনাৰত নিৰ্মিত অসমীয়া কথাছবি দিঠকত হেৰাল সপোনয়ে। “লিফ্ট অৱ গ্লোৱেল নেটৱৰ্ক” ইন্টাৰনেচনেল ফিল্ম ফেষ্টিভেল ২০২১ত মূখ্য শাখাত নমিনেচন লাভ কৰিছে দিঠকত হেৰাল সপোনে। ফেষ্টিভেল আয়োজক সমিতিয়ে ইমেইল যোগে এই খবৰ জনাইছে বুলি প্ৰযোজক অজিত বৰ্মনে জানিবলৈ দিয়ে। ইতিমধ্যে কথাছবিখনে টেগুৰ ইন্টাৰনেচনেল ফিল্ম ফেষ্টিভেলত শ্ৰেষ্ঠত্ব প্ৰমাণ কৰিছে। লগতে লাভ কৰিছে আন কেইবাটাও পুৰস্কাৰ। প্ৰসঙ্গক্ৰমে যোৱা ২৩ এপ্ৰিলত কথাছবিখনে অসমৰ দহটা ছবিগৃহত মুক্তি পোৱাৰ কথা আছিল ক`ভিড মহামাৰীৰ সংক্ৰমণৰ বাবে প্ৰদৰ্শন সাময়িক ভাবে বন্ধ ৰখা হৈছে। দিঠকত হেৰাল সপোনৰ কাহিনী ৰুদ্ৰকান্ত শৰ্মাৰ । চিত্ৰনাট্য সংলাপ আঅৰু পৰিচালনা পঙ্কজ পল্লৱ শৰ্মাৰ । কথাছবিখন প্ৰযোজনা কৰিছে অজিত বৰ্মনে ছবিখনৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিছে মুকুল দাস, পঙ্কজ পল্লৱ শৰ্মা, নিলোৎপল শৰ্মা, দিগন্ত কুমাৰ নাথ, দ্বিজেন্দ্ৰ শৰ্মা, প্ৰাণজিৎ শৰ্মা, দিপু কাকতি ,ৰুদ্ৰ শৰ্মা, জ্যোতিৰ্ময় কলিতা, ৰাজীৱ কাকতি, ৰীন্টু কলিতা, ৰিতুমনি, মোহন কলিতা, গোপাল, ৰাকেশ, প্ৰদীপ বৰা, বিদ্যাকান্ত , তীৰ্থৰঞ্জন,পৰেশ চন্দ্ৰ বৰদলৈ, মিৰাজুল ইছলাম, ফাৰুক হুছেইন, মজিবৰ ৰহমান, প্ৰনব কুমাৰ দত্ত, প্ৰনবজ্যোতি কলিতা, ইনামূল ইছলাম, দিপেন শৰ্মা, মদন বৰ্মন, নৃপাল বৰ্মন, ধৰনী বৰ্মন, কুলেন ডেকা, দিলজিত বৰ্মন, গঙ্গা ধৰ বৰ্মন, ডাঃ প্ৰনব কুমাৰ শৰ্মা, নিৰ্মল দাস, হৰিশ তালুকদাৰ, ৰামচৰণ ভড়ালী, কন্দৰ্পেশ্বৰ শৰ্মা, যাদব কলিতা, উজ্বল ডেকা, সঞ্জীৱ ভাগবতী, ৰাজেশ মৌৰ, বিপুল তালুকদাৰ, কৌশিক, ভবেশ ডেকা,মনি বৰা, কবিতা শইকীয়া, দিপালী তামুলী, ৰিমঝীম বৰা, ৰিমঝীম শইকীয়া, ইভলীনা, ময়ুৰী, জোনালী চক্ৰবৰ্তী, ভনিতা শৰ্মা, বৰষা, বৰ্ণালী, গীতাঞ্জলী, মিনু ভড়ালী, যমুনা ডেকা, দীপা ভট্ট, পঞ্চী বৰা, পল্লবী চহৰীয়া, লভিতা, আইজনী ডেকা জয়শ্ৰী, লিচা, পৰিস্মীতা, অনিন্দিতা, অশ্বনজয়া, ছন্দানিকা বৰ্মন, বৰ্ণালী ফুকন, ভায়োলিনা কাশ্যপ, বনশ্ৰী, ধনশ্ৰী, বৃতিষা, আৰিয়ন প্ৰীয়ম, হিমানজ্যোতি,ভৃতু বি কাশ্যপ, অৰ্পিত, প্ৰাচুৰ্য, জ্যোতিৰাদিত্য আৰু জৰ্জীয়া মেধী।
ছবিখনৰ সঙ্গীত আৰু গীতৰ কথা অপূৰ্ব বেজবৰুৱা আৰু অজিত বৰ্মনে। কন্ঠশিল্পী অনিমা চৌধুৰী সুকন্যা গোস্বামী, দেবৰ্চনা কাশ্যপ আৰু অজিত বৰ্মন। আৱহ সঙ্গীত অবনী ৰঞ্জন পাঠকৰ। কাহিনী ৰুদ্ৰকান্ত শৰ্মাৰ । চিত্ৰগ্ৰহণ কৰিছে লক্ষী নাথ আৰু সদা হালৈএ। মেক আপ অঞ্জু কলিতাৰ।
বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দিনেশ আগৰৱালাই..

Share on whatsapp
WhatsApp
Share on facebook
Facebook
Share on twitter
Twitter
Share on email
Email

গুৱাহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ ৰাষ্ট্ৰীয় কন্যা শিশু দিবস উদযাপন

আজাদী কা অমৃত মহোৎসবৰ অংশ হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি কোষে ২৪ জানুৱাৰীত এক বেবিনাৰৰ মাধ্যমত ৰাষ্ট্ৰীয় কন্যা শিশু দিবস উদযাপন কৰে। মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য প্ৰফেছৰ প্রতাপ জ্যোতি সন্দিকৈয়ে ৰাষ্ট্ৰীয় কন্যা শিশু দিবস উদযাপনৰ গুৰুত্ব সম্পৰ্কে বিস্তৃত আলোচনা কৰি কয় যে কন্যা শিশুৰ প্রতি শ্রদ্ধা প্রথমে ঘৰৰ পৰাই আৰম্ভ কৰা উচিত আৰু এনএছ এছ স্বেচ্ছাসেবকে মানুহৰ মাজলৈ এই বাৰ্তা প্ৰেৰণ কৰিবলৈ আহ্বান জনায় । উত্তৰ পূব এন এছ এছৰ আঞ্চলিক সঞ্চালক দীপক কুমাৰে কাৰ্য্যসূচী বিষয়া আৰু স্বেচ্ছাসেবক সকলক কন্যা শিশুৰ উন্নতি আৰু নিৰাপত্তাৰ বাবে উদ্যোগ লবলৈ আহ্বান জনায় । তেওঁ চৰকাৰী বিভিন্ন আঁচনি , গার্ল চাইল্ড আঁচনিসমূহ এন এছ এছ কাৰ্য্যসূচী বিষয়া আৰু স্বেচ্ছাসেবকসকলে আগুৱাই নিয়াত অৰিহণা যোগাব লাগিব বুলি উল্লেখ কৰে। অতিথি অৰু অংশগ্রহণকাৰীক আদৰণি জনায় বিশ্ববিদ্যালয়ৰ ছাত্ৰকল্যাণ সঞ্চালক তথা এন এছ এছৰ কাৰ্য্যসূচী সমন্বয়ক ডঃ ৰঞ্জন কুমাৰ কাকতিয়ে । তেওঁ কয় যে : কন্যা শিশুৰ অধিকাৰ ,শিক্ষাৰ গুৰুত্ব, স্বাস্থ্য আৰু লিংগ বৈষম্য আৰু শাৰীৰিক নিৰ্যাতনৰ দৰে সমস্যা সম্পৰ্কে সচেতনতাৰ বাবে ৰাষ্ট্ৰীয় কন্যা শিশু দিবস পালন কৰা হয় । স্বাধীনতাৰ ৭৫ বছৰ উদযাপনৰ বাবে ২০ বছৰৰ কম বয়সী ৭৫ জনী কন্যা শিশুক গুৱাহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ অধীনৰ বিভিন্ন কলেজ এন এছ এছ গোটৰ দ্বাৰা সমাজত অসামান্য অৱদানৰ বাবে স্মাৰক,গামোচা আৰু মানপত্ৰৰে সম্বৰ্ধনা জনায় । কলেজৰ অধ্যক্ষ, এনএছএছ প্রোগ্রাম অফিছাৰ আৰুস্বেচ্ছাসেবক সমন্বিতে প্রায় ৩০০ জন অংশগ্রহণকাৰী এই বেবিনাৰত অংশগ্ৰহণ কৰে।

কাহিলীপাৰাত কবি-লেখক ডা: শৰৎ চন্দ্র ৰাভাক সম্বৰ্দ্ধনা

ৰাভা লেখক মঞ্চ, অসমৰ সভাপতি, বিশিষ্ট কবি-লেখক, সংগঠক গুৱাহাটীৰ কাহিলীপাৰাৰ বাসিন্দা ডা: শৰৎ চন্দ্র ৰাভাক গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ৰাজ্যৰ অন্যতম প্ৰকাশন “পৰাগজ্যোতি প্ৰকাশন”ৰ পৰা সম্বৰ্দ্ধনা জ্ঞাপন কৰে। প্ৰকাশনৰ সচিব, সাংবাদিক, কবি দীপক শৰ্মাই আঁত ধৰা সভাত সংবাদকৰ্মী প্ৰাঞ্জল মহন্ত, প্ৰাণজিত বেজবৰুৱা, স্বপ্না শৰ্মাই অনুষ্ঠানত অংশ লয়। সম্বৰ্দ্ধনা গ্রহণ কৰি ৰাভা জনগোষ্ঠীটোৰ অন্যতম লেখক ডা: ৰাভাই কয়- আজি আৰু মই সাহস পালোঁ। কিবা এটা লেখাৰ, কিবা এটা কৰাৰ। স্বীকৃতিয়ে মানুহক মনোবল দিয়ে।

ৰাষ্ট্ৰীয় বাল পুৰস্কাৰে সন্মানিত হৈছে অসমৰ এইগৰাকী শিশু শিল্পী

ৰাষ্ট্ৰীয় বাল পুৰস্কাৰে সন্মানিত হৈছে নাজিৰাৰ এগৰাকী কণমানি শিল্পী।ধিতিস্মান চক্ৰৱৰ্তী নামৰ নাজিৰাৰ শিশুশিল্পীগৰাকীয়ে ব্লকচেইন পদ্ধতিৰে আজি ভাৰত চৰকাৰৰ পৰা মানপত্ৰ আৰু নগদ ধন লাভ কৰিছে।ধিতিস্মানে বৰ্তমানলৈকে ৮টা ভাষাত ৭০টাকৈ অধিক গীত বাণীবদ্ধ কৰিছে।মাত্ৰ ডেৰবছৰ বয়সৰ পৰা সংগীতৰ জগতত খোজ পেলোৱা ধিতিস্মানে অসমীয়া,হিন্দী,ইংৰাজীৰ উপৰিও বাংলা ভাষাতো গীত পৰিবেশন কৰিব পাৰে।কিছুদিন পূৰ্বে ধিতিস্মানে মাকৰ সৈতে পৰিবেশন কৰা ´তোমাৰ মৰমে মোৰ,দেহত তুলিলে ঢৌ `শীৰ্ষক গীতটোৱে চ`চিয়েল মেডিয়াত বেচ জনপ্ৰিয়তা লাভ কৰিছিল।ধিতিস্মান শিৱসাগৰৰ অ এন জি চিৰ আৱাসিক এলেকাৰ বাসিন্দা দেৱজিত চক্ৰৱৰ্তী আৰু সোনম চক্ৰৱৰ্তী পুত্ৰ।

ঢকুৱাখনা মহাবিদ্যালয়ৰ এন এছ এছ গোটৰ ১০ টা  দৰিদ্ৰ পৰিয়ালক স্নানাগাৰ নিৰ্মাণ

ঢকুৱাখনাৰ উপাৰ্জনহীন গ্ৰাম্য  দৰিদ্ৰ  পৰিয়ালৰ  নিত্য ব্যবহার্য সা সুবিধা  উপলব্ধ  নোহোৱা ১০তাৰো অধিক পৰিয়ালৰ প্ৰতি দুখৰ সমভাগী হৈ দেওবাৰে  থিয় দিলে ঢকুৱাখনা মহাবিদ্যালয় এন এছ এছ গোট।   ঢকুৱাখনা মহাবিদ্যালয়ৰ “ৰাষ্ট্ৰীয় সেৱা আঁচনি”(এন এছ এছ) গোটৰ  উদ্যোগত আঁচনি বিষয়া প্ৰবক্তা তবেন্দ্ৰ নাথ দাসৰ নেতৃত্বত অহা ২৮ জানুৱাৰী পৰ্যন্ত সপ্তাহজোৰা এলানি বিশেষ জনহিতকৰ কৰ্মসূচী গ্ৰহণ কৰিছে।  তাৰেই অংশ হিচাপে মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ  আঁচনি বিষয়া দাসৰ নেতৃত্বত দেওবাৰে ঢকুৱাখনা মহকুমাৰ ১নং পিঠিয়াল গাঁওৰ  দৰিদ্ৰ পৰিয়াল সমূহৰ মাজত  উপস্থিত হৈ  গোটৰ ভলণ্টিয়াৰ সকলৰ জৰিয়তে জৰীপ চলাই  স্নানাগাৰ , শৌচাগাৰ আদিৰ অস্থায়ী ভাবে নিৰ্মান কৰি দুৰ্ভগীয়া পৰিয়াল সমূহক উপকৃত কৰে । দেওবাৰে   আঁচনি বিষয়া গৰাকীৰ নেতৃত্বত মুঠ ৫০ গৰাকী ভলণ্টিয়াৰে গাঁওখনৰ অতি দৰিদ্ৰ মুঠ ১০ টা পৰিয়ালৰ  মাজত তামোলৰ ঢকুৱা, বাঁহ , বস্তা, কল মাৰলীৰে অস্থায়ী  স্নানাগাৰৰ বেৰা , শৌচাগাৰৰ বেৰা আদি নিৰ্মান কৰি গঞাৰ চৌহদ নিকাকৰণ কৰি এক সুস্থ আৰু স্বাস্থ্য সন্মত পৰিবেশ সৃষ্টি কৰি দিয়ে ।  ইয়াৰোপৰি গাঁওৰ  শিক্ষাৰ্থী  সকলৰ মাজত  সাহিত্য ,সংস্কৃতি প্ৰতিযোগিতাৰ লগতে  স্বাস্থ্য বিভাগৰ নিৰ্দেশনা অনুসৰি স্বাস্থ্য পৰীক্ষা, ভেকচিন প্ৰদান আদি কাৰ্যসূচী হাতত লোৱা বুলি আঁচনি বিষয়া দাসে জানিবলৈ দিছে । শনিবাৰৰ  পৰা অহা ২৮ জানুৱাৰীলৈ চলিব লগা এই সপ্তাহ জোৰা বিশেষ কাৰ্যসূচীৰ জৰিয়তে  গাঁওখনৰ গৰিষ্ঠ সংখ্যক দৰিদ্ৰ পৰিয়ালক উপকৃত কৰণৰ জনমুখী কৰ্মসূচী হাতত লব বুলি জানিবলৈ দিছে এন এছ এছ গোটৰ আঁচনি বিষয়া দাসে।
বাতৰি যুগুতালে অমৃত পৱন বৰাই।

পলাশবাৰীত ৰাষ্ট্ৰীয় স্বয়ং সংঘৰ পথ সঞ্চালন

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ‘পথ সঞ্চালন’ দক্ষিণ কামৰূপ জিলাৰ উদ্যোগত আজি পলাশবাৰী সমষ্টিৰ মিৰ্জাস্থিত নিজেশ্বৰী মন্দিৰ প্ৰাঙ্গণত এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত অনুষ্ঠিত হয়। উক্ত পথ সঞ্চালনত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰায় ডেৰ শতাধিক কৰ্মীয়ে অংশ গ্ৰহণ কৰে। এই পথ সঞ্চালন মিৰ্জাস্থিত নিজেশ্বৰী মন্দিৰ প্ৰাঙ্গনৰ পৰা উপৰহালী উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ প্ৰায় ৫ কি:মি: পথ যাত্ৰা কৰে। অনুষ্ঠানত পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, ৰাজ্যিক বিজেপি যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক হিমাংশু শেখৰ বৈশ্য অংশগ্ৰহণ কৰাৰ উপৰিও ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ দক্ষিণ কামৰূপ জিলাৰ কাৰ্যবাহ বিৰাজ মেধি, মুখ্য বক্তা হিচাপে সংঘ চালক বিশ্বনাথ গয়াৰী, কিষান সংঘৰ ৰাজ্যিক সাংগঠনিক সম্পাদক কৃষ্ণ কান্ত বৰা আৰু দক্ষিণ কামৰূপ জিলা বিজেপি সভাপতি ধনেশ্বৰ তালুকদাৰ উপস্থিত থাকে।

খানাজানৰ ওপৰত ফুকনৰপাৰ আৰু কেহেৰুবাৰীৰ মাজত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ দলং নিৰ্মাণৰ সিদ্ধান্তক ৰাইজৰ আদৰণি

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ দীপৰ বিল আৰু ব্ৰহ্মপুত্ৰ নদী সংযোগী খানাজানৰ ওপৰত পশ্চিম জালুকবাৰীৰ খানামুখৰ ফুকনৰপাৰ আৰু ধাৰাপুৰ গাঁও পঞ্চায়তৰ খানামুখৰ কেহেৰুবাৰীৰ মাজত স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই শেহতীয়াকৈ এখন লঘু বাহন চলাচল কৰিব পৰা কংক্ৰিটৰ দলং নিৰ্মাণৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তক আদৰণি জনাইছে বৃহত্তৰ খানামুখ অঞ্চলৰ ৰাইজে। আনকি যোৱা ২১ জানুৱাৰীত অসম চৰকাৰৰ লোক নিৰ্মাণ পথ বিভাগৰ গুৱাহাটী চক্ৰৰ অধীক্ষক অভিযন্তা ৰাতুল কুমাৰ বেজ আৰু পশ্চিম গুৱাহাটী ক্ষেত্ৰীয় পথ উপ সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা কুশল কলিতাই খানামুখ অঞ্চল ভ্ৰমণ কৰি কেহেৰুবাৰী আৰু ফুকনৰ মাজত দলং নিৰ্মাণ লবলগীয়া প্ৰস্তাৱিত স্থান পৰিদৰ্শন কৰি কোনফালে দলং নিৰ্মাণ কৰিলে ৰাইজৰ সুবিধা হ’ব তাৰ এক ক্ষেত্ৰ অধ্যয়ন কৰে। আনকি দুয়োজন অভিযন্তাই পৰিদৰ্শনৰ সময়ত অঞ্চলটোৰ উপস্থিত একাংশ ৰাইজৰ সৈতেও এই সন্দৰ্ভত মত বিনিময় কৰে। আনহাতে অঞ্চলটোৰ অগ্ৰণী সামাজিক – সাংস্কৃতিক আৰু ক্ৰীড়া সংগঠন খানামুখ মিলন সংঘৰ কৰ্মকর্তা সকলে স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাক যিফালে দলং নিৰ্মাণ কৰিলে অঞ্চলটোৰ একমাত্ৰ শিক্ষানুষ্ঠান খানামুখ প্ৰাথমিক বিদ্যালয়ত অধ্যয়নৰত কণ কণ ছাত্ৰ – ছাত্ৰী সকল অহা যোৱাৰ পথ চমু হয় তেনে সুবিধাজনক স্থানত দলং নিৰ্মাণৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। সংঘৰ কৰ্মকর্তা সকলে সদৰি কৰা খানাজানৰ পূব দিশত থকা ফুকনৰ পাৰত অৱস্থিত খানামুখ প্ৰাথমিক বিদ্যালয়ত কেহেৰুবাৰীকে ধৰি গাতে লগা নোৱাপাৰাসহ অঞ্চলটোৰ বেছিভাগ শিশুৱে অধ্যয়ন কৰে। তেনেদৰে বিদ্যালয়ৰ খেলপথাৰ খনেই হৈছে বৃহত্তৰ অঞ্চলটোৰ একমাত্ৰ খেলপথাৰ। তেনেদৰে খেলপথাৰৰ লগতে আছে শ্ৰী শ্ৰীলক্ষ্মী মন্দিৰ আৰু সভা-সমিতি অনুষ্ঠিত হোৱা এটা সামূহিক গৃহ । কিন্ত দলঙৰ অভাৱত কেহেৰুবাৰী, নোৱাপাৰা অঞ্চলৰ কণ কণ ছাত্ৰ ছাত্ৰী সকলে একৰ পৰা ডেৰ কিঃমিঃ ঘূৰি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰে অতি বিপদ সংকুলভাবে অহা যোৱা কৰিব লগা হয়। আনকি বিগত সময়চোৱাত তেনেকৈ অহা যোৱা কৰা কেবাজনো ছাত্ৰ ছাত্ৰী দুৰ্ঘটনাত পতিত হৈ মৃত্যুক আঁকোৱালি লব লগীয়া হৈছে। তেনেদৰে একমাত্ৰ খেলপথাৰখন ফুকনৰপাৰত থকা বাবে কেহেৰুবাৰী, নোৱাপাৰা চুবুৰীৰ কণ কণ শিশুকে ধৰি চেমনীয়া সকলৰো খেলা ধূলাত ব্যাঘাট জন্মাৰ লগতে তেওঁলোকৰ অনুশীলনো ব্যাহত হৈছে। কিয়নো অভিভাৱক সকলে ৰাষ্ট্ৰীয় ঘাইপথৰে স্বাভাৱিক কাৰণতেই নিজৰ সন্তানক পঠিয়াবলৈ ভয় কৰে। যাৰ বাবে অঞ্চলটোৰ ৰাইজেও কেহেৰুবাৰী আৰু ফুকনৰপাৰৰ মধ্যবৰ্তী স্থান হিচাপে পৰিচিত কেহেৰুবাৰীৰ ২ বা ৩ নং উপপথৰ সন্মুখত বা সমীপত সৰু দলং নিৰ্মাণ কৰিবলৈ স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাক আহ্বান জনাইছিল। বিধায়ক কলিতাই বিগত ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ সময়ত ৰাইজক পুনৰ বিধায়ক নিৰ্বাচিত হলে ফুকনৰপাৰ আৰু কেহেৰুবাৰীৰ মাজত দলং নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰা হব বুলি প্ৰতিশ্ৰুতি দিছিল। অৱশেষত প্ৰায় ৮ মাহ পূৰ্বে নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি অনুসৰি বিধায়ক কলিতাই দলং নিৰ্মাণৰ পদক্ষেপ গ্ৰহণ কৰি এইক্ষেত্ৰত চৰজমিন ক্ষেত্ৰ অধ্যয়ন কৰিবলৈ লোকনির্মাণ পথ বিভাগৰ দায়িত্ববাহী অভিযন্তাক কিছুদিন পূৰ্বে নিৰ্দেশ দিছিল। অৱশ্যে বৃহত্তৰ অঞ্চলটোৰ সকলো শ্ৰেণীৰ ৰাইজে কেহেৰুবাৰীৰ দিশৰ পৰা আহিলে যিফালে খানামুখ প্ৰাথমিক বিদ্যালয় , খেলপথাৰ আৰু শ্ৰী শ্ৰীলক্ষ্মী মন্দিৰসহ সামূহিক গৃহ সহজতে অহা যোৱা কৰিব পাৰিব তেনে প্ৰস্তাৱিত স্থানত দলংখন নিৰ্মাণ কৰিবলৈ অনুৰোধ জনাইছে। এইক্ষেত্ৰত কেহেৰুবাৰীৰ ২ নং বা ৩ নং উপপথৰ সমীপত তথা সন্মুখৰ স্থানখিনী সকলো ফালৰ পৰা সুবিধাজনক হব বুলি খানামুখ মিলন সংঘৰ একাংশ কৰ্মকর্তাই সদৰি কৰিছে। উল্লেখযোগ্য যে দলংখন নিৰ্মাণ হলে অঞ্চলটোৰ ৰাইজৰ যাতায়তৰ এটা বহুদিনীয়া সমস্যাৰ সমাধান হোৱাটো নিশ্চিত। আনহাতে আগন্তক বাৰিষাৰ আগতেই যাতে দলং নিৰ্মাণৰ কাম আৰম্ভ কৰিবলৈ লোকনির্মাণ পথ বিভাগ আৰু স্থানীয় বিধায়কক আহ্বান জনাইছে অঞ্চলটোৰ সকলো শ্ৰেণীৰ ৰাইজে।