শোণিতপুৰৰ অসম অৰুণাচল সীমান্তৱৰ্তী চাৰিদুৱাৰৰ সীমান্ত মিলন সংঘত আজি ভাৰতীয় সেনাবাহিনীৰ ১০৬ নং ৰেজিমেন্টৰ উদ্যোগত অঞ্চলটোৰ যুৱকসকলৰ মাজত দুমহীয়া সামৰিক বাহিনীত মকৰল বিষয়ত প্ৰশিক্ষণ কাৰ্যসূচী শুভাৰম্ভ কৰা হয় । অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে চতিয়া বিধানসভা সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা, অসম সেনাৰ জিলা সংগঠক ৰাজনীশ শইকীয়া, চাৰিদুৱাৰ বালিপৰা জিলা পৰিষদৰ বিষয়ববীয়া, চাৰিদুৱাৰ আৰু লোক্ৰা গাঁও পঞ্চায়তৰ জনপ্ৰতিনিধি, ভালেমান সমাজকৰ্মী, ভাৰতীয় সেনাবাহিনীৰ অৱসৰপ্ৰাপ্ত বিষয়া, সৈন্য, একাংশ শিক্ষক শিক্ষয়িত্ৰী, শিক্ষাৰ্থী, অনুষ্ঠান অনুষ্ঠিত কৰা সেনা বেটেলিয়ানটোৰ সেনা বিষয়া, সেনা জোৱান , অঞ্চলটোৰ ভালেমান যুৱক-যুৱতী উপস্থিত থাকে । অনুষ্ঠানত উপস্থিত থাকি চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই সংবাদ মাধ্যমক কয় যে সেনাবাহিনীয়ে কৰ্ম সন্ধানী যুৱক-যুৱতীসকলৰ বাবে সামৰিক বাহিনীত মকৰল বিষয়ত জ্ঞানবৰ্ধক তথা প্ৰস্তুতি বিষয়ক এনেধৰণৰ প্ৰশিক্ষণ কাৰ্যসূচীয়ে যুৱক-যুৱতীসকলক যথেষ্ট পৰিমাণে লাভান্বিত কৰিব । লগতে, এনেধৰণৰ পদক্ষেপে যুৱক-যুৱতী আৰু ৰাইজৰ মাজত সংস্থাপন আৰু স্বাস্থ্য সচেতনতাও বৃদ্ধি কৰিব । উল্লেখ্য যে, সামৰিক বাহিনীয়ে চাৰিদুৱাৰত এনেদৰে বিগত পাঁচ বছৰ ধৰি অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে ।
Trending
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা