আগ্ৰাৰ তাজমহল সকলোৰে পৰিচিত।ছাহজাহানে মমতাজৰ স্মৃতিত গঢ়া তাজমহলৰ সৌন্দর্য্য চালে চকুৰুৱা।সেয়া এক প্ৰেমৰ আৰ্হি।এতিয়া গুৱাহাটী মহানগৰীৰ হাতীগাঁৱ সিজুগুৰিতো এটা সৰু তাজমহল গঢ়ি তুলিলে তিনিজন ভাতৃয়ে।এয়া অৱশ্যে কোনো ছাহজাহান মমতাজৰ প্ৰেমৰ নিদৰ্শন নহয়,এয়া তিনি পুত্ৰৰ পিতৃ মাতৃৰ প্ৰতি থকা মৰমৰ নিদৰ্শন ।হজৰত মুৰ্ত্তাজা আলি শ্বাহ ছফবীৰ স্মৰণত তাজমহলৰ আৰ্হিত নিৰ্মাণ কৰা এই মাঝাৰ এতিয়া সৰ্বত্ৰ চৰ্চিত।পচন্দৰ আৰ্হিত বনাবলৈ এই তাজমহলটো তিনিবাৰকৈ ভঙা হৈছিল।ডা: জাকিৰ হুছেইনৰ নেতৃত্বত আৰ্থিক দান বৰঙণিৰে নিৰ্মাণ কৰি থকা তাজমহলটোত বৰ্তমানলৈকে ৪০ লাখৰো অধিক টকা খৰচ হৈছে।স্থানীয় লোকৰ সহযোগিতাত প্ৰায় তিনিবছৰ ধৰি গঢ়ি তোলা এই মাঝাৰৰ কাম এতিয়াও সম্পূৰ্ণ হৈ উঠা নাই।২০১৮ বৰ্ষৰ ২৫ নৱেম্বৰত মুকলি কৰা এই সুউচ্চ তাজমহলটো এতিয়া আকৰ্ষণৰ কেন্দ্ৰ।তাজমহলটোৰ চোৱা চিতা কৰিবলৈ মানুহো ৰখা হৈছে।২৪ঘণ্টাই খোলা থকা এই মিনি তাজমহল চাবলৈ আপোনালোকো আহিব পাৰে।পৰ্যটকৰ সুবিধাৰ্থে শৌচালয়ো নিৰ্মাণ কৰা হৈছে।অনাগত দিনত পাৰ্কো হোৱাৰ সম্ভাৱনা আছে বুলি জানিবলৈ দিয়ে মিনি তাজমহলত কৰ্মৰত ব্যক্তিয়ে।খবৰ যুগুতালে গীতাঞ্জলি গগৈয়ে।

ভেকচিন প্ৰদানৰ ক্ষেত্ৰত জনসচেতনতা সৃষ্টিৰ ওপৰত মুখ্যমন্ত্ৰীৰ গুৰুত্ব আৰোপ
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি লখিমপুৰ জিলাৰ নাৰায়ণপুৰস্থিত দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ অতিথিশালাত অনুষ্ঠিত এক বৈঠকত লখিমপুৰ আৰু ধেমাজি সাম্প্ৰতিক ক’ভিড পৰিস্থিতি বিষয়ে সবিশেষ পৰ্যালোচনা কৰে।পৰ্যালোচনা কালত মুখ্যমন্ত্ৰীয়ে জিলা উপযুক্ত তথা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ সৈতে মত-বিনিময় কৰি সাম্প্ৰতিক ক’ভিড সংক্ৰমণৰ সবিশেষ বুজ লয়।বৈঠকত দুয়োখন জিলাৰ উপযুক্ত সৈতে মত-বিনিময় কৰি সাম্প্ৰতিক ক’ভিড সংক্ৰমণ প্ৰতিৰোধ কৰাৰ দিশত গ্ৰহণ কৰা ব্যৱস্থা ৰাজিৰ লগতে ভেকচিন প্ৰদান, সংক্ৰমণৰ হাৰ,হাস্পতাল থকা সা-সুবিধা সমূহ বিষয়ে মুখ্যমন্ত্ৰীক সবিশেষ অৱগত কৰে।আনহাতে, দুয়োগৰাকী স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকে চিকিৎসা বিভাগে গ্ৰহণ কৰা পদক্ষেপ সমূহ বিষয়ে মুখ্যমন্ত্ৰীক অৱগত কৰে।
বৈঠকত মুখ্যমন্ত্ৰীয়ে জিলা দুখনত ভেকচিন প্ৰদানৰ ক্ষেত্ৰত জন সচেতন সৃষ্টিৰ বাবে প্ৰশাসনক নিৰ্দেশ দিয়ে।ৰাজহুৱা স্থানত জনসাধাৰণ যাতে মাস্ক পৰিধান কৰা লগতে সামাজিক দূৰত্ব বৰ্তাই ৰাখে সেই দিশটো নজৰ ৰাখিবলৈ মুখ্যমন্ত্ৰীয়ে কয়।মুখ্যমন্ত্ৰীয়ে লগতে ক’ভিড পজিটিভ ৰোগীৰ ক্ষেত্ৰত মাইক্ৰ কণ্টেইমেণ্ট এলেকাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে।লগতে প্ৰয়োজনীয় অক্সিজেন চিলিণ্ডাৰ আৰু আই চি ইউ বেডৰ ব্যৱস্থা মজুত ৰখাৰ বাবেও নিৰ্দেশ দিয়ে।ক’ভিড ৰোগীৰ বাবে হাস্পতাল সমূহত যাতে বিচনাৰ অভাৱ নহয় সেই সম্পৰ্কে যথোচিত পদক্ষেপ লোৱাৰ বাবেও মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে।আনহাতে ক’ভিড পৰীক্ষা ব্যাপক হাৰত কৰাৰ ওপৰতো মুখ্যমন্ত্ৰী য়ে গুৰুত্ব আৰোপ কৰে।বিহু অনুষ্ঠান সমূহত যাতে ক’ভিড প্ৰট’কল মানি চলা হয় তাৰ বাবেও বিশেষ লক্ষ্য ৰাখিবলৈ কয়।
আজিৰ এই পৰ্যালোচনা বৈঠকত লখিমপুৰ জিলাৰ উপায়ুক্ত খৰ্গেশ্বৰ পেগু আৰু ধেমাজি জিলাৰ উপায়ুক্ত ডাঃ জীৱন বি,দুয়ো খন জিলাৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালককে ধৰি স্বাস্থ্য বিভাগ তথা প্ৰশাসনৰ উচ্চপদস্ত বিষয়া সকল উপস্থিত থাকে।
ভিউৱাছৰ মতামত