গুৱাহাটীৰ আৰ্টিষ্ট গীল্ডত যোৱা ২৫ ডিচেম্বৰৰ পৰা ৩০ ডিচেম্বৰলৈকে চিত্ৰশিল্পী চিৰঞ্জীৱ বৰুৱাৰ একক চিত্ৰ প্ৰদৰ্শনী অনুষ্ঠিত হয়।প্ৰদৰ্শনীত চিত্ৰশিল্পী গৰাকীয়ে মুঠ ২৪ খন ডিজিটেল পেইণ্টিঙ প্ৰদৰ্শন কৰে।প্ৰকৃতি,সংগীত,মহাকাব্য,হিন্দুৰ পৌৰাণিক ঐতিহ্য কাহিনী,মহাকাশ,নিজস্ব চিন্তা আৰু সৃষ্টি,অনুভৱৰ এক অপূৰ্ব নিদৰ্শন দাঙি ধৰিছে।এই প্ৰদৰ্শনীখন মুকলি কৰে চিত্ৰশিল্পী,কাৰ্টুনিষ্ট চম্পক বৰবৰা আৰু শিক্ষাবিদ নীলিমা ভাগৱতীয়ে।আবেলি ২ বজাৰ পৰা সন্ধিয়ালৈকে এই প্ৰদৰ্শনী খোলা থাকে।এই সম্পর্কে চিত্ৰশিল্পী চিৰঞ্জীৱ বৰুৱাই কয় যে তেওঁ সৰুৰে পৰাই ছবি আঁকি আহিছে।এইখন তেওঁৰ প্ৰথম প্ৰদৰ্শনী।বিভিন্ন কিতাপ পঢ়ি তেওঁ এইসমূহ চিত্ৰ অংকন কৰি আহিছে।ইয়াৰ জৰিয়তে তেওঁ ডিজিটেল পেইণ্টিঙৰ এক সুকীয়া মাত্ৰা দিবলৈ প্ৰয়াস কৰিছে।খবৰ যুগুতালে গীতাঞ্জলি গগৈয়ে..
Trending
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী
- নগাঁৱৰ ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত “ব’হাগৰ এদিন” শীর্ষক উৎসৱ
- ঢকুৱাখনা চেইণ্ট থমাছ স্কুলত ব’হাগৰ এদিন