পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰতিখন আঁচনিৰ সুফল সম্পূৰ্ণ ভাৱে প্ৰকৃত হিতাধিকাৰীয়ে লাভ কৰিব লাগিব-মন্ত্ৰী ৰণজিৎ কুমাৰ দাস

0 346

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰতিখন আঁচনিৰ সুফল সম্পূৰ্ণভাৱে প্ৰকৃত হিতাধিকাৰীয়ে লাভ কৰিব লাগিব।পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আজি এই মন্তব্য কৰে।গুৱাহাটীৰ খানাপাৰাস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী প্ৰশিক্ষণ মহাবিদ্যালয়ত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ উদ্যোগত আয়োজিত বিভাগটোত খণ্ড উন্নয়ন বিষয়া হিচাপে নতুনকৈ যোগদান কৰা অসম অসামৰিক সেৱা আৰু অসম ভূমি আৰু ৰাজহ সেৱাৰ বিষয়া সকলৰ এক প্ৰশিক্ষণ কাৰ্যসূচী আজি আনুষ্ঠানিক ভাৱে উদ্বোধন কৰি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী গৰাকীয়ে কয় যে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আঁচনি সমূহৰ সুফল যাতে সম্পূৰ্ন ভাৱে প্ৰকৃত হিতাধিকাৰীয়ে লাভ কৰে সেয়া বিষয়া সকলে নিশ্চিত কৰিব লাগিব।বিভাগটোত নতুনকৈ নিযুক্তি বিডিঅ’ সকলক এই আহ্বান জনাই মন্ত্ৰী দাসে
লগতে কয় যে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আঁচনি সমূহ নিৰ্ধাৰিত সময়ৰ ভিতৰত ৰূপায়ন কৰিব লাগিব আৰু বিষয়া সকলে কোনো কাৰণতে দুৰ্নীতি, স্বজন- তোষনত প্ৰশ্ৰয় দিব নালাগিব।পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত ৰাজ্য খনৰ বিভিন্ন উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া হিচাপে যোগদান কৰা এই বিষয়া সকলে বিভাগটোৰ আঁচনি সমূহৰ ৰূপায়ণৰ কাম কাজৰ গতি অধিক তৰাম্বিত কৰি গ্ৰামোন্নয়ন উন্নয়ন ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব বুলি তেওঁ কয়।উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত মৰ্মে অসম অসামৰিক সেৱাৰ ৪০ গৰাকী আৰু অসম ভূমি আৰু ৰাজহ সেৱাৰ ৩০ গৰাকী বিষয়াক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত ৰাজ্য খনৰ বিভিন্ন উন্নয়ন খণ্ডত খণ্ড উন্নয়ন বিষয়া হিচাপে নিয়োগ কৰা হৈছে।
বিডিঅ’ হিচাপে যোগদান কৰা বিষয়া সকলক আদৰণি জনাই পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী দাসে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰ খনে প্ৰশাসনীয় ব্যৱস্থাত সংস্কাৰ সাধনৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে আৰু এই পদক্ষেপ এক অংশ হিচাপে অসম অসামৰিক সেৱাৰ বিষয়া আৰু অসম ভূমি ৰাজহ সেৱাৰ বিষয়াক বিডিঅ’ হিচাপে নিয়োগ কৰা হৈছে।গ্ৰাম্যাঞ্চলৰ জনসাধাৰণৰ এই সকল বিষয়ালৈ আশাবাদী বুলি মন্তব্য কৰি মন্ত্ৰী গৰাকীয়ে কয় যে বিষয়া সকলে অতি নিষ্ঠা আৰু দায়বদ্ধতাৰে গ্ৰাম্যাঞ্চলৰ উন্নয়নৰ বাবে সেৱা আগবঢ়াব লাগিব।কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ আঁচনি ফলপ্ৰসূ ভাৱে ৰূপায়ন কৰি উন্নয়নৰ জৰিয়তে বিষয়া সকলে গ্ৰাম্যঞ্চলৰ চিত্ৰ সলনি কৰিব লাগিব।বিভাগটোত আৰু অধিক সংস্কাৰ সাধনৰ বাবে পদক্ষেপ লোৱা হ’ব বুলি উল্লেখ কৰি কয় যে নৱ-নিযুক্তি এই বিডিঅ’ সকলক বিভাগটোৱে চিনিয়ৰ বিডিঅ’ মৰ্য্যদা প্ৰদান কৰি ভৱিষ্যতে আৰু অধিক দায়িত্ব অৰ্পনৰ পৰিকল্পনা লৈছে।
ভাৰতবৰ্ষৰ আত্মা গাঁৱতেই থকা বুলি মহাত্মা গান্ধীয়ে কৰা মন্তব্যৰ কথা উল্লেখ কৰি মন্ত্ৰী দাসে কয় যে অসমৰ গ্ৰাম্যাঞ্চল উন্নয়ন সাধন তথা পঞ্চায়ত সমূহক শক্তিশালী কৰি তোলাৰ ক্ষেত্ৰত বিডিঅ’ সকলে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব।বিভাগটোৰ প্ৰতিখন আঁচনিয়ে সফল ভাৱে ৰূপায়ন কৰিব লাগিব।খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় সমূহক আদৰ্শ কাৰ্যালয় হিচাপে গঢ়ি তোলাৰ বাবে আহ্বান জনাই মন্ত্ৰী গৰাকীয়ে কয় যে বিভাগটোৰ সকলো বিষয়া কৰ্মচাৰীয়ে একে লগে এটা টীম হৈ কাম কৰাৰ মানসিকতা গঢ়ি তুলিব লাগিব।অনুষ্ঠানত মন্ত্ৰী গৰাকী য়ে আশা কৰে, এই সকল বিষয়াই নিষ্ঠা আৰু দায়বদ্ধতাৰে সেৱা আগবঢ়াই গ্ৰাম্যাঞ্চলৰ উন্নয়ন ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা লগতে বিভাগটোলৈও সুনাম কঢ়িয়াই আনিব লাগিব।
উল্লেখযোগ্য যে আজিৰে পৰা আৰম্ভ হোৱা তিনিদিনীয়া এই প্ৰশিক্ষণত বিষয়া সকলক পঞ্চায়তী ৰাজ ব্যৱস্থা, পঞ্চায়ত আইন,সু-শাসন আৰু নাগৰিক চনদ ,প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ, মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনিকে ধৰি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনি দক্ষতা বিকাশ আৰু আত্মনিৰ্ভৰ ভাৰত ,সামাজিক খণ্ডৰ আঁচনি আদিৰ লগতে প্ৰশাসনীয় আৰু বিত্তীয় নীতি নিয়মৰ সৈতে জড়িত বিভিন্ন বিষয়ৰ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব।
অনুষ্ঠানত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰধান সচিব ডাঃ জে বি এককাই তেওঁৰ ভাষণত নতুনকৈ বিডিঅ’ হিচাপে বিভাগটোত যোগদান কৰা বিষয়া সকলক তেওঁলোকে কৰ্মক্ষেত্ৰত পালন কৰিবলগীয়া দায়িত্ব আৰু কৰ্তব্যৰ বিষয়ে ব্যাখ্যা কৰাৰ লগতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত ৰূপায়িত হৈ থকা বিভিন্ন আঁচনিৰ আভাস দিয়ে।পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আয়ুক্ত হেমেন দাস,পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সচিব তথা ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্রতিষ্ঠানৰ সঞ্চালক মুনীন্দ্ৰ শৰ্মায়ো অনুষ্ঠানত ভাষণ দিয়ে।অনুষ্ঠানত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সঞ্চালিকা কৃষ্ণা বৰুৱা,পঞ্চায়ত আৰু গ্ৰামোন্নয়ন অতিৰিক্ত আয়ুক্ত দীতিমণি পেগুকে ধৰি বিভাগটোৰ কেইবাগৰাকী বিষয়া উপস্থিত আছিল ।

Leave A Reply

Your email address will not be published.