অসমৰ কৃষিখণ্ডলৈ কিদৰে পৰিবৰ্তন আনিব পাৰি-ক্ষেত্ৰ ভিত্তিত প্ৰস্তুত কৰা এক প্ৰতিবেদন

1 424

ৰাজ্যৰ অৰ্থনীতিক সবল কৰাৰ ক্ষেত্ৰত কৃষিৰ ভূমিকা অন্যতম।কৃষি ক্ষেত্ৰ আৰু কৃষক সকলক বাবে প্ৰয়োজনীয় সকলো তথ্য সামৰি আমাৰ বাক্সাৰ সাংবাদিক ঈশ্বৰ লামছালে যুগুত কৰিছে এই প্ৰতিবেদন।
 
মানৱজাতিক জীয়াই থাকিবলৈ অন্নৰ অতি প্ৰয়োজন। অন্ন উৎপাদন কৰিবলৈ কৃষিকৰ্মই হৈছে একমাত্ৰ মাধ্যম। সেয়ে কৃষকসকলক অন্নদাতা বুলি কোৱা হয়।
 
অসম হৈছে এখন কৃষি প্ৰধান ৰাজ্য। গ্ৰাম্যাঞ্চলৰে ভৰি থকা ৰাজ্যখনৰ অধিকাংশ লোকেই কৃষিজীৱি। প্ৰকৃতিৰ আশীৰ্বাদত ৰাজ্যখনৰ প্ৰায় ভাগ ভূমিয়েই কৃষিৰ বাবে উপযোগী।
 
সমগ্ৰ বিশ্বতেই কৃষিখণ্ডক ন ন প্ৰযুক্তিৰে আগুৱাই নিয়াৰ চেষ্টা চলোৱা পৰিলক্ষিত হৈ আহিছে। কিন্তু ৰাজ্যখনত এতিয়াও পৰম্পৰাগত পদ্ধতিতেই চলি আছে অধিকাংশ কৃষিকৰ্ম। ফলস্বৰুপে লাভান্বিত হ’ব পৰা নাই কৃষকসকল আৰু কৃষিভূমি অনুপাতে ৰাজ্যখনত শস্য উৎপাদনো সন্তুষ্টজনক নহয়।
 
এয়া সৰ্বজন বিদিত কথা যে ৰাজ্যখনৰ অধিকাংশ কৃষকেই সাধাৰণ তথা দুখীয়া শ্ৰেণীৰ। আধুনিক কৃষি সা-সঁজুলি ক্ৰয় কৰা বা আধুনিক কৃষি ব্যৱস্থা গঢ়ি তোলাৰ ক্ষেত্ৰত তেওঁলোক অপাৰগ। সেয়ে, পৰম্পৰাগত পদ্ধতিৰে খেতি কৰি যেনেতেনে বছৰটোৰ বাবে আৱশ্যকীয় শস্য উৎপাদন কৰিব পৰাটোৱেই তেওঁলোকৰ ডাঙৰ উপলব্ধি।
চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই বিভিন্ন আঁচনি গ্ৰহণ কৰি ৰাজ্যৰ কৃষিখণ্ডক আগুৱাই নিয়াৰ ক্ষেত্ৰত অহৰহ চেষ্টা চলাই আহিছে। কিন্তু আশা কৰা অনুসৰি উপকৃত হ’ব পৰা নাই কৃষকসকল আৰু ৰাজ্য চৰকাৰ। কৃষক আৰু কৃষিখণ্ডত দেখা দিয়া সমস্যাৰ সমাধানৰ বাট বিচাৰি প্ৰস্তুত কৰা হৈছে এই প্ৰতিবেদন।
যিহেতু ৰাজ্যৰ অধিকাংশ কৃষকেই সাধাৰণ তথা দুখীয়া শ্ৰেণীৰ। সেয়ে কৃষকসকলৰ প্ৰকৃত অভাৱ আৰু আৱশ্যক জানি লোৱাটো দৰকাৰ। গ্ৰাম্যাঞ্চললৈ যাওঁতে এই প্ৰতিবেদকৰ দৃষ্টিগোচৰ হোৱা কৃষকসকলৰ মুখ্য আৱশ্যক হৈছে আধুনিক কৃষি সা-সঁজুলি, জলসিঞ্চন ব্যৱস্থা আৰু উৎপাদিত সামগ্ৰীবোৰ উচিত মূল্যত বিক্ৰীৰ ব্যৱস্থা। গতিকে কৃষকসকলৰ এই তিনিটা সমস্যা সমাধান কৰিব পাৰিলে নিশ্চিতভাৱে কৃষিখণ্ডত পৰিবৰ্তন আহিব বুলি আশা কৰিব পাৰি।
এতিয়া প্ৰশ্ন হ’ল – এই সমস্যা তিনিটা কেনেকৈ সমাধান কৰিব পাৰি ? প্ৰকৃতাৰ্থত কেনেধৰণৰ আঁচনি গ্ৰহণ কৰিলে কৃষকসকল উপকৃত হ’ব? সেই কথা ক্ৰমশঃ তলত উল্লেখ কৰা হ’ল –
প্ৰথমতে, কৃষি বিভাগে জলসিঞ্চন ব্যৱস্থা নথকা কৃষিভূমি চিনাক্ত কৰি জলসিঞ্চনৰ ব্যৱস্থা কৰিব লাগে। প্ৰতিগৰাকী কৃষকৰ কৃষিভূমিত বিনামূলীয়াকৈ একোটা গভীৰ নাদ খান্দি জলসিঞ্চনৰ ব্যৱস্থা কৰিব পাৰিলে বেছি ভাল হ’ব।
দ্বিতীয়তে, পাঁচ বিঘা বা ততোধিক কৃষিভূমি থকা প্ৰতিগৰাকী কৃষকক বিনামূলীয়াকৈ একোটা মিনি ৰুটাভেট’ৰ (Mini Rootavator) প্ৰদান কৰিব লাগে। যাৰ দ্বাৰা কৃষকে হাল বোৱা, ধান ৰোৱা, ধান কটা, গভীৰ নাদৰ পৰা জলসিঞ্চনৰ ব্যৱস্থা আদি বিভিন্ন কাম কৰিব পাৰে। প্ৰাপ্ত তথ্যমতে পাঞ্জাৱৰ লুধিয়ানাস্থিত এছ ৰাজা এণ্টাৰপ্ৰাইজ নামৰ কোম্পানীয়ে এখন মিনি ৰুটাভেটৰ মাত্ৰ ৪৬,০০০/- (চিয়াল্লিশ হাজাৰ) টকা দামত বিক্ৰী কৰে। অৰ্থাৎ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা কৃষকক ট্ৰেক্টৰ প্ৰদান আঁচনিৰ পাঁচ লাখ টকা চাবচিডিৰ ধনেৰে প্ৰায় ১১ (এঘাৰ) গৰাকী কৃষকক বিনামূলীয়াকৈ একোটা মিনি ৰুটাভেটৰ প্ৰদান কৰিব পৰা যাব।
তৃতীয়তে, প্ৰতিটো মহকুমা সদৰ বা তাৰ আশেপাশে চৰকাৰী কৃষি সামগ্ৰী ক্ৰয়-বিক্ৰয় কেন্দ্ৰ স্থাপন কৰিব লাগে। যাতে কৃষকসকলে উৎপাদিত সামগ্ৰীৰ উচিত মূল্য লাভ কৰে আৰু গ্ৰাহকসকলেও উচিত দামত ভাল সামগ্ৰী কিনিব পাৰে।
চতুৰ্থতে, ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীক কৃষিকৰ্মৰ প্ৰতি আকৃষ্ট কৰাৰ বাবে গাঁৱে গাঁৱে সজাগতা অনুষ্ঠান পাতি সা-সুবিধা প্ৰদানৰ ব্যৱস্থা কৰিব লাগে। যাৰ দ্বাৰা নিবনুৱা সমস্যাক লাঘৱ কৰিব পাৰি আৰু কৃষিখণ্ডক আগুৱাই নিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।
ওপৰত উল্লেখিত বিষয়বোৰত চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই আঁচনি গ্ৰহণ কৰি সুচাৰুৰূপে ৰূপায়ণ কৰিলে কৃষিখণ্ডত এক আমূল পৰিৱৰ্তন অহাটো প্ৰায় নিশ্চিত।
যিহেতু অন্ন অবিহনে মানৱজাতি জীয়াই থাকিব নোৱাৰে, সেয়ে কৃষিকৰ্ম দৰে এক মহৎ কৰ্মক প্ৰতিগৰাকী লোকে গুৰুত্ব প্ৰদান কৰাটো উচিত।

1 Comment
  1. Navaraj Lamshal says

    In the current situation, suggestions are very relevant. Deep analysis required by the respective agencies. This may contribute for realastic and successful implementation of the recent policy of the prime minister.

Leave A Reply

Your email address will not be published.