লোভনীয় কেইবিধমান ৰেচিপি

0 312

ঠাই বিশেষে যি দৰে আচাৰ, ব্যৱহাৰত ভিন্নতা থাকে, ঠিক সেইদৰে ব্যক্তি বিশেষে ৰেচিপি অথবা খোৱাৰ জুতিৰো ভিন্নতা থাকে। তেনে কেইবিধমান ভিন্ন ৰেচিপিৰ জুতি আপোনালোকলৈ আগবঢ়ালে মিতালী কলিতাই।

বগৰী গুৰিৰে খেচাৰী দাইলৰ আঞ্জা

IMG-20170701-WA0014

উপকৰণ- খেচাৰী দাইল, বগৰী গুৰি, মিঠাতেল, সৰিয়হ, নিমখ, হালধি

প্ৰণালী- এই ৰেচিপিটো ৰন্ধাৰ আগতে খেচাৰী দাইল আৰু বগৰীৰ গুৰি খিনি কিছুসময় বেলেগে বেলেগে পানীত তিয়াই থব। প্ৰথমে তিয়াই থোৱা দাইল খিনি নিমখ, হালধি দি মিক্সিত মাৰি পেষ্ট বনাই লওক। ইয়াৰ পিছত বৰৰ আকাৰ দি তেলত ভাজক। তাৰ পিছত এখন কেৰাহীত তেল দি সৰিয়হ দিয়ক। লগতে তিয়াই থোৱা বগৰী গুৰি খিনি ঢালি দি নিমখ, হালধি দি উতলিব দিব। উতল অহাৰ পিছত গৰম ভাতৰ লগত পৰিবেশন কৰিব।

আপেলৰ কেৰামেল পুডিং

IMG-20170701-WA0017

উপকৰণ- গাখীৰ, কনী, কাষ্টাৰ্ড পাউদাৰ, আপেল,চেনি

প্ৰণালী- প্ৰথমে পুডিং বনোৱা বাতিটো অলপমান পানী আৰু চেনি দি চেনিৰ ৰংটো ডাঠ কৰি ল’ব। এটা বাতিত আপেল ৰুকি তাত গাখীৰ, কনী, চেনি দি এটা মিশ্ৰণ কৰিব। এতিয়া এই মিশ্ৰণটো কিছুসময় গৰম কৰি ঠাণ্ডা হ’লে কাষ্টাৰ্ড পাউদাৰ দিব। ইয়াৰ পিছত কেৰামেল পুডিং মিশ্ৰণটো ঢালি কুকাৰত ভাপত দি ঠাণ্ডা হ’লে পৰিবেশন কৰিব।

বাহু মাছ ভাপত দিয়া

IMG-20170701-WA0020

উপকৰণ- মাছ, নিমখ, হালধি, নহৰু, কলপাত, পিয়াজ, ভোটজলকীয়া, নেমু

প্ৰণালী- ৰেচিপিটো অতি সহজ। মাছ খিনি ধুই, নিমখ, পিয়াজ, নহৰু, ভোট জলকীয়া, তেল সানি এখন কলপাতত বান্ধি ভাপত সিজিব দিব আৰু সিজিলে অলপ নেমু চেপি দি পৰিবেশন কৰিব।

মিতালী কলিতা
মিতালী কলিতা

Leave A Reply

Your email address will not be published.