Non Veg স্পেছিয়েল ৰেচেপি

0 411
চান ডে’ত সকলোৰে প্লেনিং থাকে। বহুতে আক’ এই বিশেষ দিনটোত বাহিৰত এসাঁজ খাই ভাল পায়। আৰু বহুতে ঘৰতে নিজেই ৰান্ধি খাই ভাল পায়। যি সকলে নৈশ আহাৰৰ বাবে প্ৰস্তুতি চলাইছে। সেই সকললৈ ৰাজীৱ শইকীয়াই আগবঢ়াইছে কেইবিধমান ৰেচিপি। আহক চোন ৰেচিপিৰ তালিকাত আজি কি আছে চাওঁ।
ছিকেন স্পেছিয়েল
সামগ্ৰী- ছিকেন, আলু, পটল, পিয়াজ, জিৰা, ইলাচী, দালচেনি, শুকান জলকীয়া, হালধী, নিমখ, ৰিফাইন তেল, বিলাহী, আদা নহৰু মিশ্ৰণ
IMG-20170820-WA0006
প্ৰণালী: কেৰাহীত তেল গৰম কৰি তাত কাটি থোৱা পিয়াজ, শুকান জলকীয়া, আদা, নহৰু মিশ্ৰণ দি পিয়াজ খিনি ব্ৰাউন কালাৰ হোৱালৈ লৰাব, এতিয়া জিৰা, ইলাচী, দালচেনি খুন্দি ল’ব। ৫/৬ মি: পাছত ছিকেন, আলু, পটল দি ১০ মি: সিজাব। এতিয়া হালধী, নিমখ দি ভালকৈ মিলাই দিব। এইদৰে ৫ মি: সিজাই জিৰা, ইলাচী, দালচেনি খুন্দাখিনি দিব আৰু ভালকৈ মিলাই দিব। ৫মি: পাছত বিলাহী ২টা পুৰি মাংসখিনিত দি দিব। এইদৰে প্ৰায় ১০/১২ মি: মান সিজাব আৰু মাজে মাজে লৰাই থাকিব কম জুইত। এতিয়া ১/২ কাপ পানী দি ভালকৈ মিহলাই ৫ মি: পাছত নমাই থব।
কলডিলেৰে  মাছ
সামগ্ৰী- মাছ, কলডিল, নহৰু, শুকান জলকীয়া, ধনীয়া গুৰি, জালুক গুৰি, পিয়াজ, নিমখ 
IMG-20170820-WA0007
প্ৰণালী: প্ৰথমে মাছখিনি ভাজি ল’ব। এতিয়া কেৰাহীত তেল গৰম কৰি তাত মিহিকে কটা পিয়াজ, শুকান জলকীয়া আৰু নহৰু খুন্দা দিব। ৩ মি: সময় ভাজি তাত মিহিকে কটা কলডিলখিনি দিব আৰু লগতে নিমখ, ধনিয়া গুৰি, জালুক গুৰি দি ভালকে মিহলি কৰি ঢাকি দিব, এইদৰে ১৫ মি: সিজাব আৰু মাজে মাজে লৰাই থাকিব, ১৫ মি: পাছত ১ কাপ পানী দিব আৰু ১০মি: সিজিব দিব। এতিয়া ভাজি থোৱা মাছখিনি দি ঢাকি দি 5/6মি: ৰাখিব। 5/6 মি: পাছত আপোনাৰ কলডিল মাছ ৰেডি।
Leave A Reply

Your email address will not be published.