মিছেছ ইউনিভাৰ্ছ প্ৰতিযোগিতালৈ সাজু অমৃতা দত্ত

0 290

PicsArt_08-21-07.22.26

মিছেছ ইউনিভাৰ্ছ প্ৰতিযোগিতালৈ প্ৰস্তুতি চলাইছে অমৃতা দত্তই। উল্লেখযোগ্য যে ইতিপূৰ্বে অমৃতাই মিছেছ ইণ্ডিয়া হোম মেকাৰ্ছ প্ৰতিযোগিতাত খিতাপ অৰ্জন কৰি দেশলৈ সুনাম কঢ়িয়াই আনিছিল। অমৃতা দত্তৰ সৈতে হোৱা এক বাৰ্তালাপত তেওঁ কয় যে অহা ২৬ আগষ্টৰ পৰা দক্ষিণ  আফ্ৰিকাৰ ডাৰবানত অনুষ্ঠিত হ’ব লগা প্ৰতিযোগিতাৰ বাবে পূৰ্ণ পৰ্য্যায়ৰ প্ৰস্তুতি চলাইছো। ফিটনেছ মেনণ্টেইন কৰাৰ উপৰিও সাধাৰণ জ্ঞান আৰু পোচাক নিৰ্বাচনৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিছো।

PicsArt_08-21-07.23.13

এই ক্ষেত্ৰত কেইগৰাকীমান বান্ধৱীয়ে সহযোগ কৰিছে। পৰিয়ালৰ পৰা সম্পূৰ্ণ সহযোগিতা পাইছো। অমৃতাই কয় যে প্ৰতিযোগিতাৰ বাবে চাদৰ মেখেলা আৰু অসমীয়া গহণা পৰিধানৰ বাবে নিৰ্বাচন কৰিছে। অনাগত দিনত নাৰী সবলীকৰণৰ ক্ষেত্ৰত কাম কৰাৰ আশা পুঁহি ৰাখিছে। জানিব পৰা মতে ইতিমধ্যে তেওঁ বিভিন্ন সামাজিক কামেৰে সমাজক সেৱা আগবঢ়াইছে।

PicsArt_08-21-07.21.52

Leave A Reply

Your email address will not be published.