আধুনিক সংযোগ ব্যৱস্থা আৰু কিছু প্ৰাসংগিক কথা

3 62

এটা সময় আছিল যেতিয়া মানুহে ইজনে সিজনৰ খবৰ ল’বলৈ হ’লে দূৰণিবটীয়া ঠাইলৈ খোজকাঢ়ি যাব লগীয়া হৈছিল, আনকি কোনো কোনো সময়ত সেই খবৰ দিবলৈ যোৱা মানুহজনো নিজেই একোটা খবৰত পৰিণত হৈছিল, কাৰণ সেই সময়ত আত্মৰক্ষাৰ কথাও আহি পৰিছিল, বিভিন্ন কাৰক যেনে জীৱ-জন্তু, অৰণ্য, বনজুই আদিৰ দৰে অনাকাংক্ষিত বিপদবোৰৰ বাবে সেই খবৰ দিবলৈ যোৱা লোকজনো নিজেই নিৰুদ্দেশ হৈ গৈছিল।

socialmedia

সময়ৰ পৰিৱৰ্তন হ’ল। ঠিক সেই দৰে পৰিৱৰ্তন হ’ল যোগাযোগৰ মাধ্যমবোৰ। আপোনজনৰ লগত চিঠিপত্ৰৰ আদান-প্ৰদানৰ এক পৰম্পৰা আৰম্ভ হ’ল। তাৰপিছত…ক্ৰমান্বয়ে টেলিগ্ৰাম, ফেক্স, ই-মেইল…ইত্যাদিৰ দৰে মাধ্যমবোৰৰ প্ৰচলন হ’ল…। তেনেই উজু হৈ পৰিল যোগাযোগৰ ব্যৱস্থাবোৰ।

বৰ্তমান সময়ত মানুহৰ ফোন কৰিবলৈকেও সময়ৰ অভাৱ। তাৰ সলনি ই-মেইল বা মেছেজৰ জৰিয়তে খবৰ জনাবলৈহে বেছি সুবিধা পায়। বাকী কথা বাদেই দিছো, আজিকালি ইণ্টাৰভিউৰ বাবেও প্ৰেৰণ কৰা বায়’ডাটাখনটো নিজৰ  ই-মেইল আৰু হোৱাট্চ এপ নম্বৰ দিয়াটো বাধ্যতামূলক হৈ পৰিছে।স্কুলৰ ছাত্ৰ-ছাত্ৰী, ফুটপাথৰ ভিকহুৰ পৰা আভিজাত্য শ্ৰেণীৰ আদহীয়া, বৃদ্ধজনলৈকে এনে এজন ব্যক্তিয়ে ক’ব নোৱাৰে যে আমাৰ গাত এই আধুনিক সংযোগ ব্যৱস্থাৰ পোহৰ তিলমানো পৰা নাই। মই এইটো নকও যে এইবোৰৰ প্ৰয়োজনীয়তা নায়। নিশ্চয়কৈ আছে। দৈনন্দিন যান্ত্ৰিকতা, সাময়িক দুশ্চিন্তাৰ পৰা হাত সাৰিবলৈ কোনোবাই যদি ফেচবুক, WHATSAPP আদিৰ কাষ চাপি কিছু সকাহ পাই তেন্তে আমাৰ কি আপত্তি থাকিব পাৰে! ভাল লাগে যেতিয়া কম বয়সৰ ল’ৰা-ছোৱালীয়েও ধুনীয়া-ধুনীয়া প্ৰবন্ধ, কবিতা, ছবি আদি আঁকি আপলোড কৰে, প্ৰদৰ্শন কৰে, বাটৰ কেনভাচ আদিৰ দৰে অনুষ্ঠানৰ লগত সাঙোৰ খাই পৰে। ভাল লাগে যেতিয়া অচিনাকী ভাইটি-ভণ্টিসকলৰ পৰাও মেইলযোগে অনুপ্ৰেৰণা পাওঁ।

whatsapp-620x349

এইবোৰো একো একোটা সাময়িক অৱসাদ আতৰাৰ উপায়। আজিকালি এইবোৰৰ জৰিয়তে নাটক, সংগীত, বোলছবিৰ স্ক্ৰিপ্ট পৰ্য্যন্ত সৃষ্টি কৰাৰ উদাহৰণ আমাৰ মাজতেই আছে। আজি কিছুবছৰ পূৰ্বে “আমি কেনেদৰে পঢ়ো” বুলি এটা গ্ৰুপ পেজত মই নিজে অন্তৰ্ভূক্ত হৈছিলো য’ত বিভিন্ন বিষয়ৰ প্ৰশ্নোত্তৰ সমূহ সুন্দৰ ভাৱে পৰ্যালোচনা কৰা হৈছিল, আনকি হাইস্কুল, হায়াৰ চেকেণ্ডাৰীৰ ছাত্ৰ-ছাত্ৰীও সেই গ্ৰুপটোৰ অন্তৰ্ভূক্ত আছিল, কিন্তু কিবা এটা বিশেষ কাৰণত সেই গোটতো বন্ধ হৈ যায়। আনকি এতিয়াও ” CEE, AIPMT, NEET, JEE আদি পৰীক্ষাৰ নামত খোলা যথেষ্ট উন্নতমানৰ গ্ৰুপ আছে। অকল ছাত্ৰ-ছাত্ৰীয়েই  নহয় শিক্ষক শিক্ষয়িত্ৰী সকলো সেইবোৰৰ অন্তৰ্ভূক্ত। যিবোৰে উঠি অহা ল’ৰা-ছোৱালীক বহুত ক্ষেত্ৰত সহায় কৰি আহিছে, গতিকে এণেধৰনৰ ইতিবাচক দিশসমূহেও আমাৰ দৃষ্টি আকৰ্ষণ কৰে। ঠিক একেদৰে আমাৰ অসমৰ এচাম প্ৰজন্মৰ সৌজন্যত খোলা সাহিত্য, কলা, সংগীতৰ WHATSAPP এপ গোটসমূহ (চা ৰে গা মা পা;; সাহিত্য আৰু আমি, সাহিত্য আৰু সৃষ্টিৰ সংৰক্ষণ, প্ৰজন্ম)আদিৰ জৰিয়তে যি এটা সংযোগৰ ব্যৱস্থা হৈছে…যাৰ ফলত আমি অতি সহজতে এটা ভাল অনুষ্ঠানৰ খবৰ পোৱাৰ লগতে অংশগ্ৰহণো কৰিবলৈও সক্ষম হৈছো।

বৰ্তমান সময়ত দিনটোৰ মূৰত ফেচবুকৰ ন’টিফিকেচন চাই শোৱাটো একধৰনৰ অভিৰুচিত পৰিণত হৈছে। সংযোগ ব্যৱস্থাৰ এনে ধৰণৰ ইতিবাচক দিশবোৰে এদিন নিশ্চয়কৈ নৱপ্ৰজন্মৰ নতুন দিশ সূচনা কৰিব আৰু উন্নত দেশবোৰৰ সতে সমপৰ্যায়ৰ কৰিবলৈ সক্ষম হ’ব।

দিব্যজ্যোতি শইকীয়া

আৰ্য্য কলেজ গুৱাহাটী

E-mail:[email protected]

9577006910

3 Comments
  1. Pranami deka says

    Nice dibyajyoti….

  2. Manash pratim kalita says

    If we take positively everything is good for us…
    Just we have to know how can we use it in positive way..
    Thanks for giving an ideas of positive use of mass media…

  3. Biswajeet Baruah says

    প্ৰাসংগিকতা আছে

Leave A Reply

Your email address will not be published.