জনগোষ্ঠীয় সাহিত্য সন্মিলনৰ পৰা জানিব লগা কেইটামান কথা

0 277

অসম সাহিত্য সভাৰ শতবৰ্ষীয় অধিৱেশনৰ এইকেইদিন ভিন্ন খবৰ nefocus.com যোগে আপোনাক জনাই আহিছো। বিভিন্ন সময়ত সাহিত্য সভাক লৈ বিৰ্তকৰ প্ৰসংগ অহাৰ সময়তে আজি অনুষ্ঠিত জনগোষ্ঠীয় সাহিত্য সণ্মিলনখনত প্ৰকাশ হ’ল বহুতো ইতিবাচক তথা গঠনাত্মক খবৰ। পোনপ্ৰথমে জনাই থও, আমি সদায় নিৰপেক্ষ খবৰ যোগান ধৰাৰ প্ৰয়াস কৰো। লেচেৰি বুটলাৰ দৰে আজি আমি বুটলি আনিলো বহুতো খবৰৰ মাজৰ পৰা কেইটামান ইতিবাচক খবৰ। আজি অনুষ্ঠিত হোৱা জনগোষ্ঠীয় সন্মিলনখনত একেখন মঞ্চতে দেখা গ’ল বিভিন্ন দল, সংগঠন তথা সদৌ অসমৰ বিভিন্ন সাহিত্য পৰিষদ যেনে নেপালীৰ গোৰ্খা ছাত্ৰ সন্মিলন, চাহ জনগোষ্ঠীয় সাহিত্য সভা, মণিপুৰী সাহিত্য পৰিষদ, অৰুণাচলৰ বিশিষ্ট সাহিত্যিক সকল আৰু বহুতো সহিত্য, সংস্কৃতি লগত জড়িত ব্যক্তি। এই অনুষ্ঠানত অৰুণাচলৰ এগৰাকী সাহিত্যিকে মন্তব্য কৰে এনেদৰে – অসমীয়া ভাষাই আমাৰ অৰুণাচলত দিলে, সভ্যতাৰ কিৰণ। অসম আৰু অৰুণাচল প্ৰদেশৰ সম্পৰ্ক অতি পুৰণি। উদাহৰণ স্বৰূপে মালিনী থান, বিষ্ঞু পুৰ আজিও বিদ্যামান। ৰাজনীতিয়ে বিভেদ ঘটায়, ভাষাই মিলনৰ সাকো গঢ়ে । সীমা সমস্যা দুৰীভুত কৰিবলৈ অপশক্তি সমূহ ৰোধ কৰিবৰ বাবে একবদ্ধ হ’বলৈ সকলোকে আহবান জনায়।

IMG-20170211-WA0031

আনহাতে নেপালী সাহিত্য সভাৰ হৈ এজন প্ৰতিনিধিয়ে সদায় সমন্বয় বৰ্তাই ৰাখিবলৈ চলোৱাৰ প্ৰচেষ্টা কথা মন্তব্য কৰে। মণিপুৰী সাহিত্য পৰিষদৰ হৈ ড টাৰাম ইবুয়ে অসমৰ ইতিহাসৰ এজন আহোম স্বৰ্গদেউৰ “কুৰংগনয়নী” নয়নৰমণি আছিল বুলি মন্তব্য কৰে। ইয়াৰ সাক্ষী মালৌ পথাৰ আৰু মগলৌ পথাৰ আজিও বিদ্যমান বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে।

IMG-20170211-WA0029

আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে অসমত যি দৰে সাহিত্য সভাই সমন্বয় সৃষ্টি কৰিছে সেই সমন্বয় চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত কৰিব পৰা নাই। এয়া অসম সাহিত্য সভাৰ বাবে সুখবৰ। গতিকে অসম সাহিত্য সভাৰ মঞ্চৰ পৰাই সোণৰ সোপান ৰচিব পৰা যায়।

ইফালে চাহ জনগোষ্ঠীয় সাহিত্য সভাৰ হৈ মনোমতী কুৰ্মীয়ে কয় যে আমি পূৰ্বৰ পৰা অসমত নাই যদিও অসমীয়া ভাষা সাহিত্য বিকাশ তথা চৰ্চা বাবে আমি  চেষ্টা চলাই আহিছো আৰু অব্যাহত থাকিব। কিজানি এতিয়া আমাৰ বহুতে চাহ জনজাতীয় ভাষা ব্যৱহাৰ নকৰে।

IMG-20170211-WA0028

প্ৰিয় পাঠক, ভাষা, সংস্কৃতি হ’ল এটা জাতিৰ দাপোন। এনে ধৰণৰ ইতিবাচক খবৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচলতো ড ভুপেন হাজৰিকা স্মৃতিত সৌধ ইটানগৰ আৰু Lower Dibang Valley ত নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰে। সকলোৱে পুনৰ এক গোট হৈ ভাষা সংস্কৃতি বিকাশৰ বাবে একবদ্ধ হ’বলৈ পণ গ্ৰহণ কৰা পৰিলক্ষিত হয়।

IMG-20170211-WA0030

আনহাতে চতুৰ্থ দিনা মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল উপস্থিত হৈ অসমৰ জাতি জনগোষ্ঠীৰ ভাষা, সংস্কৃতিক  ভৌগোলিক মানচিত্ৰৰ মাজত আবদ্ধ নাৰাখি বিশ্বদৰবাৰত অসম সাহিত্য সভাই লৈ যোৱাৰ প্ৰচেষ্টা অব্যাহত ৰাখিব লাগে বুলি মন্তব্য কৰে। লগতে ঐতিহাসিক শিৱসাগৰৰ পৰ্যটন ক্ষেত্ৰৰ বিকাশৰ ক্ষেত্ৰত চৰকাৰী সহায় সহযোগিতা আগবঢ়োৱাৰ কথা ঘোষণা কৰে।

এয়া আছিল আজি দিনটোৰ ইতিবাচক খবৰ।

Leave A Reply

Your email address will not be published.