ডিজাইনাৰৰ বুটিকে বুটিকে

0 273

কিছুমান কথা জনাই ভাল লাগে। বিহুৰ বতৰত বজাৰ সমাৰ কৰি ভাল লাগে। সেয়েহে আমি গৈছিলো কেইখনমান আগশাৰীৰ বুটিকলৈ। বজাৰ কৰাতোকেই গহনাই লৈ আমি বুজ লৈছিলো, বিক্ৰীৰ আৰু গ্ৰাহকৰ চাহিদাৰ সম্পৰ্কে… জানি সূখী হ’ব যে আমাৰ অসমীয়া ডিজাইনাৰৰ কাপোৰ বৰ্ত্তমান সময়ত বেচ জনপ্ৰিয় হৈ পৰিছে। স্বদেশৰ সমানে বিদেশতো অসমীয়া চাদৰ মেখেলা যোৰৰ জনপ্ৰিয়তা আছে। তাৰেই ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা আজিৰ লেখা, ডিজাইনাৰৰ বুটিকে বুটিকে।

2017-04-13_22.43.45

বৰ্ত্তমান সময়ত বিহু আৰু বিয়াৰ বতৰ। ইতিমধ্যে বিহু বুলি বহুতে কাপোৰ ক্ৰয় কৰিছে আৰু যিসকলে বিভিন্ন কামৰ তাড়ানাত এতিয়াও বজাৰ কৰিব পৰা নাই, সেই সকলক দিব বিচাৰিছো কেইখনমান বুটিক তথা কেইজনমান ডিজাইনাৰৰ খবৰ। আমি কথা পতিছিলো National Productivity and Innovate award পোৱা ডিজাইনাৰ বিনীতা দত্ত চৌধুৰীৰ সৈতে “হিয়াৰ জগত” নামৰ এখন বুটিকৰ জৰিয়তে পৰম্পৰাগত সাজপাৰক ন ৰূপত বজাৰত মুকলি কৰিছে। বিশেষকৈ পলকতে পিন্ধিব পৰা শিশুৰ চাদৰ মেখেলা, কুৰ্ত্তা আৰু ধুতিয়ে গ্ৰাহকৰৰ পৰা যথেষ্ট সহাৰি লাভ কৰিছে।

2017-04-13_22.46.29

আনহাতে আগশাৰীৰ ডিজাইনা কল্পনা তামুলীয়ে জানিবলৈ দিয়া মতে তেখেতে ডিজাইন কৰা নুনি কটনৰ কাপোৰক গ্ৰাহকে প্ৰাধান্য দিছে। ইতিমধ্যে Online যোগে কেলিৰ্ফনিয়া আৰু আমেৰিকাৰ গ্ৰাহকে এই বিহুৰ বতৰত তামুলীৰ “Niel’s Creation” পৰা Online যোগে কাপোৰ ক্ৰয় কৰিছে। এই ব’হাগতে প্ৰবাসী আমেৰিকাৰ অসমীয়াই বিয়াৰ সাজপাৰৰ অৰ্ডাৰ কৰিছে বুলি জানিবলৈ দিছে।

2017-04-13_22.55.40

আন এগৰাকী সকলোৰে পৰিচিত জনপ্ৰিয় ডিজাইনাৰ প্ৰশান্ত ঘোষ। তেখেতৰ মুগাত Salwar প্ৰস্তুত কৰিছে। উত্তৰপূৰ্বাঞ্চলৰ জনজাতি সকলৰ ডিজাইন আৰু নিজস্ব সৃষ্টিৰে কাপোৰ ডিজাইন কৰিছে। অহা ১৮ তাৰিখে Super Model International উত্তৰ পূৱ হৈ অংশ ল’ব বুলি জানিবলৈ দিছে।

এয়া আছিল মহানগৰীৰ কেইখনমান বুটিকৰ তথ্য। এনেদৰে খবৰৰ বাবে চাবলৈ নাপাহৰিব www.nefocus.com

Leave A Reply

Your email address will not be published.