ডo ভূপেন হাজৰিকাৰ জন্ম দিনৰ শুভেচ্ছাৰে

0 1,070

আজি ৮ চেপ্তেম্বৰ। ডo ভূপেন হাজৰিকাৰ জন্ম দিন। এইজনা ব্যক্তিৰ অৱদানৰ সৰ্ম্পকে কৈ ওৰ পেলাব নোৱাৰি । আসমীয়া জাতিটোক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰা ব্যক্তি আছিল তেওঁ । সুৰেৰে, গানে, কথাৰে জাতি-জনজাতিৰ মাজত মিলন সাঁকো গঢ়িছিল। পৰ্বত, ভৈয়াম দেশ-বিদেশৰ মানুহৰ মাজত সমণ্বয়ৰে একাকাৰ কৰিছিল। মাটিৰ গোন্ধ থকা গান , মানৱতা প্ৰেমী- শিল্পী গৰাকীৰ গানৰ অন্যতম বৈশিষ্ট্য। এই গৰাকী শিল্পী যুগে যুগে আমাৰ মাজত জীয়াই আছে আৰু থাকিব। আজি তেখেতৰ ৯০ বছৰীয়া জন্মদিনত NE FOCUS ৰ পৰিয়ালৰ ফালৰ পৰা শ্ৰদ্ধাৰে সোঁৱৰিছো। তেখেতৰ জন্মদিন উপলক্ষ্যে অসমৰ বিভিন্ন ঠাইৰ সাংবাদিকে NE FOCUS লৈ প্ৰেৰণ কৰা শুভেচ্ছা বাণীৰে আজিৰ পৃষ্ঠা ভৰাই তোলা হৈছে। আহকচোন, কোনে কিদৰে শুভেচ্ছাৰে জন্মদিনত ওপচাই পেলাইছে জানি লও ……

IMG-20160908-WA0004

নগাওঁৰ পৰা সাংবাদিক শিৱপ্ৰসাদ বৰাই o হাজৰিকাৰ দেৱৰ জন্মদিন উপলক্ষ্যে লিখিছে…..

২০০১ চনৰ ৮ছেপ্টেম্বৰত বহুকেইটা সামাজিক-সাংস্কৃতিক সংগঠন মিলিত হৈ অসমত পোন প্ৰথমবাৰৰ বাবে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্মদিনটিক “গানৰ দিন” হিচাপে উদযাপনৰ পৰম্পৰা আৰম্ভ কৰি ধাৰাবাহিক ভাৱে উদযাপিত কৰি আহিছে। তেতিয়াই আমি কৈছিলো- “এদিন গাঁৱে গাঁৱে, চুবুৰীয়ে চুবুৰীয়ে ড০ ভূপেন হাজৰিকাৰ জন্মদিন উদযাপিত হ’ব”। আজি সেইটোৱেই হৈছে। সুধাকণ্ঠ ড০ ভূপেন হাজৰিকালৈ যাচিলোঁ ৯০ সংখ্যক জন্মদিনত হিয়াভৰা ওলগ আৰু শ্ৰদ্ধা।

ডিমৌৰ সাংবাদদাতা মৃদুল বঢ়াগোঁহাইয়ে লিখিছে এনেদৰে……

অসম ৰত্ন ডo ভূপেন হাজৰিকাৰ জন্মতিথিত মহানশিল্পী জনালৈ শ্ৰদ্ধা জ্ঞাপন কৰিছো। শিল্পীজন আমাৰ মাজত কায়িক ভাৱে নাই যদিও তেওঁৰ অপূৰ্ব সৃষ্টি ৰাজিৰ আমাৰ মাজত প্ৰেৰণা হৈ আছে আৰু অনাদি কাললৈ থাকি যাব। কালজয়ী সৃষ্টি ৰাজিয়ে তেওঁক অমৰত্ব ৰত্ন প্ৰদান কৰিলে। মানুহৰ বাবে গানগোৱা, সমাজৰ বাবে গানগোৱা মানুহজন যে আমাৰ মাজত নাই সেয়া আমি কোনোৱে বিশ্বাস কৰিব নোৱাৰো । ডo ভূপেন হাজৰিকাৰ গানে সমাজক এক কৰিছিল । জাতিক প্ৰাণৱন্ত কৰিছিল। মহাবাহু ব্ৰক্ষ্মপুত্ৰ বৈ থকালৈকে ডo ভূপেন হাজৰিকা আমাৰ ৰক্ত প্ৰৱাহত থাকিব। শিল্পীজনাৰ জন্ম দিনত আমি তেওঁলৈ শ্ৰদ্ধাঞ্জলি জনায় কওঁ- হাজাৰজন ভূপেন হাজৰিকা জন্ম হওঁ গীতেৰে জগত জিনক —- মানৱ প্ৰেমৰ ধল বওঁক এই ধৰাত—-

সাংবাদিক ধ্ৰুৱজ্যোতি নাথে তেজপুৰৰ পৰা এনেদৰে মনৰ কথা ব্যক্ত কৰি আমালৈ লিখিছে

ৰপকোঁৱৰ-কলাগুৰু-নটসূৰ্যৰ হাতে হাত ধৰি ত্ৰিমূৰ্তিৰ অন্তৰাত্মাৰ পৰা নিগৰিত সংস্কৃতিৰ মৌকোঁহ চুহি চুহি যাযাবৰ হৈ দিহিঙে দিপাঙে ঘূৰি কিন্তু নিজৰ লক্ষ্যস্থান তেজপুৰ বুলি নিজৰ গীতেৰেই প্ৰকাশ কৰিছিল ভূপেনদাই। ভূপেনদা তুমি য’তেই আছা কুশলে থাকা……কিন্তু তোমাক আজিও ৰিঙিয়াই মাতে তেজপুৰৰ আলিমূৰৰ কেঁকুৰিয়ে…তোমাক বিচাৰে তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সেই ঐতিহাসিক লিচুজোপাই। কাৰণ তেজপুৰৰ প্ৰতিটো অংশতেই তুমি চিৰ জ্যোতিষ্মান……চিৰ প্ৰবাহমান।

বোকাখাতৰ সাংবাদিক দিব্যজ্যোতি হাজৰিকাই o হাজৰিকাৰদেৱৰ জন্মদিন উপলক্ষ্যে লিখিছে

বুকু হম হম কৰে মোৰ আই, মই যেতিয়া এই জীৱনৰ মায়া এৰি গুচি যাম, মেঘে গিৰ গিৰ কৰে, সাৰদি ৰাণী তোমাৰ হেনো নাম আদি বহু কালজয়ী অমৰ গীতৰ শ্ৰষ্টা  ডঃ ভূপেন হাজৰিকা দেৱৰ আজি ওপজা দিন। ভূপেন দাৰ অসমীয়া জাতিলৈ যি অৱদান সেইয়া কৈ শেষ কৰিব নোৱাৰি। যিজনৰ কন্ঠই দি নিগৰি ওলাইছিল বহু অমৰ আৰু কালজয়ী গীত। ভূপেন দা আজি আমাৰ মাজত নাই যদিও তেওঁৰ অমৰ গীতবোৰৰ মাজত আজিও জীয়াই আছে। ভূপেন দাৰ ওপজা দিনটোত যাচিলো আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা। তেওঁ য’তেই থাকক সুখত থাকক শান্তিত থাকক। তাকেই কামনা কৰিলো।

দুধনৈৰ পৰা সাংবাদিক বেনজিন বড়োৱে লিখিছে

অতি কম বয়সৰ পৰাই দেশ প্ৰেম মূলক গীতেৰে সকলোৰে হৃদয় জয় কৰিবলৈ সক্ষম হোৱা ড° হাজৰিকাই প্ৰথমে অসমীয়া ভাষাত গীতৰ শৰাঁই আগবঢ়াইছিল যদিও পিছলৈ বাংলা,  হিন্দী, ইংৰাজী ভাষাৰ লগতে একাধিক স্থানীয় ভাষাতো গীত আগবঢ়ায় । ড° ভূপেন হাজৰিকা আছিল একাধাৰে গীতিকাৰ, সুৰকাৰ, সাহিত্যিক, গায়ক, চলচিত্ৰ নিৰ্মাতা আৰু পৰিচালক । বিশেষকৈ ড° ভূপেন হাজৰিকাই নিজে গীত ৰচনা কৰি তাক নিজৰ সুমুধুৰ কণ্ঠৰে সংঙ্গীত প্ৰেমী ৰাইজলৈ আগবঢ়াইছিল । ড° হাজৰিকাৰ গীতত পৰিস্ফুট হৈছিল দেশৰ সামগ্ৰিক পৰিস্থিতি, সমাজ, ৰাজনীতি, সংস্কৃতি, দৈনিক সন্মুখীন হোৱা সমস্যাৰাজি, দেশ-প্ৰেম, মানৱ-প্ৰেম আদি । উৎকৃষ্ট বিশ্বমানৰ অৱদানেৰে কলা-সংস্কৃতিৰ জগত চহকী কৰা মানৱতাবাদী শিল্পী ড° হাজৰিকা অসম, পশ্চিম-বংগ তথা সমগ্ৰ ভাৰতৰ লগতে বাংলাদেশতো অধিক জনপ্ৰিয় ব্যক্তি আছিল । ভূপেন হাজৰিকা আছিল একবিংশ শতিকাৰ এনে এজন ব্যক্তি যি গানৰ মাজেৰে সজাগ কৰি গ’ল সমগ্ৰ অসমৰ লগতে ভাৰত তথা বিশ্ব বাসীক । অসমক চিনাকি দি গ’ল বিশ্বৰ দৰবাৰত । এই গৰাকী মহানশিল্পীক ৯০ সংখ্যক ওপজা দিনত জনাইছো শত প্ৰণাম ৷

এনেদৰে বিভিন্নজনৰ লগতে আমিও পুনৰ বাৰ   ডo হাজৰিকা দেৱৰ জন্মদিনৰ শুভেচ্ছা জনাইছো।

Leave A Reply

Your email address will not be published.