দীঘলতিৰ দীঘল পাত

0 243

 

আজি গৰু বিহু। ৰাজ্যৰ বিভিন্ন প্ৰান্তত পৰম্পৰা অক্ষুন্ন ৰাখি আজি গৰু বিহু পালন কৰা হৈছে। প্ৰকৃতিয়ে নৰূপ লোৱাৰ দৰেই ব’হাগে আমাক দিয়ে নতুনৰ বতৰা। ব’হাগ মানে উছাহ, ব’হাগ মানেই আনন্দৰ বতৰা। ব’হাগেই গঢ়ে মিলনৰ সেঁতু। গৰু বিহুৱে পাতনি মেলে সাত বিহুৰ।

গৰু বিহুৰ লগত কৃষিজীৱি লোকৰ সম্পৰ্ক অতি নিকট। কৃষক সমাজৰ বাবে গৰু বিহু হৈছে সংকল্পৰ দিন। গৰুৰ গৰাকীয়ে আজিৰ দিনটোত গৰুক মাহ হালধিৰে নোৱায় , নতুন পঘাৰে বান্ধে আৰু বিয়লি দীঘলতী, মাখিয়তিয়ে কোবায়, পিঠা পনা খুৱাই জাক দিয়ে। আৰু আজিৰ দিনটোৰ পৰাই বছৰটোৰ কৃষি কৰ্মৰ বাবে কৃষক সকল সাজু হয়। লোক বিশ্বাস অনুসৰি আজিৰ দিনটোত যদি ভালদৰে গৰু বিহুৰ নিয়মখিনি পালন কৰা হয় তেনেহ’লে গোটেই বছৰটোৰ বাবে গোধন সুন্দৰ আৰু সবল হৈ থাকে।

সুখৰ বিষয় যে আজিকালি দীঘলতি, মাখিয়তি আদিবোৰ বজাৰত উপলব্ধ। গৰুবিহুৰ পূৰ্বসুৰীয়া পৰম্পৰা জীয়াই ৰখাতো সকলোৰে কৰ্তব্য। এটা জাতিৰ জাতীয় ঐতিহ্য বৰ্তাই ৰখাৰ বাবে সংস্কৃতি , পৰম্পৰা ৰক্ষা কৰাটো নিত্যন্তই প্ৰয়োজনীয়। এই ব’হাগেই অসমলৈ আনক শান্তি সম্প্ৰীতি আৰু আশাৰ বতৰা।

Leave A Reply

Your email address will not be published.