ফুটবলৰ সোণোৱালী সংযোজন : HERO INDIAN SUPER LEAGUE

0 257

C’ mon India

Let’s football

এটা সময় আহিছিল যে ভাৰতত ক্ৰীড়া বুলিলে যেন ক্ৰিকেটক হে বুজাইছিল । ক্ৰিকেটৰ জ্বৰে ক্ৰমশঃ এলাগী কৰি আনিছিল অন্যান্য ক্ৰীড়া সমূহক । এসময়ৰ জনপ্ৰিয় খেল ফুটবল হেৰাই যোৱাৰ উপক্ৰম হৈছিল পাহৰণিৰ গৰ্ভত । তেনে সময়তে যেন এক সঞ্জীৱনী সুধাৰ জন্ম হ’ল । Indian Super League চমুকৈ ISL ।আৰম্ভণি বৰ্ষৰে পৰা ISLএ  ক্ৰীড়াঅনুৰাগী সকলক আকৰ্ষিত কৰি তুলিলে এটা নতুন উৎসাহেৰে। বৰ্তমান সমগ্ৰ দেশ পুনৰ আক্ৰান্ত হৈছে HERO INDIAN SUPER LEAGUE চমুকৈ ISL জ্বৰত । ফুটবলৰ জনপ্ৰিয়তা বঢ়োৱাবৰ বাবে আৰম্ভ হোৱা ISL য়ে নতুন প্ৰজন্মক বাৰুকৈ আকৰ্ষিত কৰি তুলিছে, ফুটবলৰ ভৱিষ্যতলৈ আশাৰ বতৰা কঢ়িয়াইছে ।

 football-1

২১ অক্টোবৰ ২০১৩ ISLৰ জন্ম হয় যদিও প্ৰথম খন খেল অনুষ্ঠিত হয় ১ অক্টোবৰ ২০১৪ ত কলকতাৰ চল্ট লেক ষ্টেডিয়ামত। সিদিনাৰ উদ্বোধণি খেলখন অনুস্থিত হয় অটলাতিক’ ডা কলকতা আৰু মুম্বাই চিটিৰ মাজত যত অটলাতিক’ ডা কলকতা ৩-০ গলত জয়ী হয়। চুড়ান্ত খেলখন ২০ডিচেম্বৰ ২০১৪ত অটলাতিক’ ডা কলকতা আৰু কেৰেলা ব্লাষ্টাৰৰ মাজত মুম্বাইৰ Dy পাটিল ষ্টেডিয়ামত অনুস্থিত হয় যত আকৌ অটলাতিক’ ডা কলকতা জয়ী হৈ ইতিহাস ৰচনা কৰে। ISL ৰ দ্বিতীয় season চিজনটো ৩অক্টোবৰ ২০১৫ ত চেণ্ণাইৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুস্থিত হয়। সেই চিজনটোৰ Champion trophy অৰ্জনকাৰী দল হল চেণ্ণাইন । সেইদৰেই এইবাৰ ISL ৰ তৃতীয় season আয়োজন কৰা হৈছে। আনন্দৰ খবৰ এইযে এইবাৰ ISL ৰ উদ্বোধনি  অনুষ্ঠান অনুস্থিত হব আমাৰ গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত ১ অক্টোবৰত। ১১ ডিচেম্বৰৰ পৰা knock out খেলসমুহ আৰম্ভ হ’ব আৰু ১৮ ডিচেম্বৰত চুড়ান্ত খেলখন অনুস্থিত হ’ব। ISL ৰ দৰ্শকৰ বাবে ইতিমধ্যে টিকট মুকলি কৰি দিয়া হৈছে। টিকট counter বোৰৰ দিঘলীয়াশাৰী দেখি অনুভৱ কৰিব পৰা গৈছে যে দৰ্শকসকল কিমান উৎসাহী। উদ্বোধনী খেলখন অনুস্থিত হ’ব নৰ্থ ইষ্ট ইউনাইটেড আৰু চেণ্ণাইনৰ মাজত। যিহেতুকে নৰ্থ ইষ্ট ইউনাইটেডে আমাক অৰ্থাৎ উ:পূ: ক প্ৰতিনিধিত্ব কৰিছে সেয়েহে দৰ্শক সকলৰ উৎসাহ দুগুনে দেখা গৈছে। সিদিনা দুয়ো দলক উৎসাহ জনাবলৈ দল দুটাৰ স্বত্বাধিকাৰী অৰ্থাৎ নৰ্থ ইষ্ট ইউনাইটেদৰ জন আব্ৰাহাম আৰু চেণ্ণাইনৰ শচীন তেণ্ডুলকাৰ উপস্থিত থকাৰ সম্ভাৱনা আছে। লগতে বলিউদৰ জনপ্ৰিয় অভিনেতা বৰুণ ধৱন আৰু মোহময়ী অভিনেত্ৰী আলিয়া ভট্ট ও উপস্থিত থকাৰ সম্ভাৱনা আছে।

1468150275_northeast-united-fc

ISLত মুঠ আঠটা দলে ভাৰতৰ সাতখন মহানগৰক প্ৰতিনিধিত্ব কৰে। তাৰে শীৰ্ষ চাৰিটা দলে semi final আৰু তাৰ পাছত দুটা শীৰ্ষ দলে চুড়ান্ত খেলখন খেলাৰ বাবে যোগ্যতা অৰ্জন কৰে। ISL খেলা দল সমূহ এনে ধৰনৰ: নৰ্থ ইষ্ট ইউনাইটেদ FC, চেণ্ণাইন FC, অটলাতিক’ ডা কলকতা FC, FC গোৱা, কেৰেলা ব্লাষ্টাৰ FC, মুম্বাই চিটি FC, দিল্লী দাইনাম’চ FC আৰু FC পুনা চিটি ।

northeast-united-fc-isl-2016-preseason_1faj2pa3e30cv1d13v7ytrzt0t

ISL এ ফুটবলক ভাৰতত এক জনপ্ৰিয় খেল হিচাবে আগবঢ়াই নিয়াৰ উদ্দেশ্য সম্ভবত: বহুলাংক্ষে পুৰণ কৰিছে। নতুন প্ৰজন্মৰ ISL ৰ প্ৰতি থকা উৎসাহ দেখিয়ে সেয়াই যেন অনুভৱ হয়। আশা কৰো অদূৰ ভবিষ্যলৈও ফুটবলৰ প্ৰতি সকলোৰে মনত এনে উৎসাহ, উদ্দীপনা জীয়াই ৰখাত সহায় কৰিব ISL য়ে ।

 

লেখক- জুপিতৰা দত্ত

Leave A Reply

Your email address will not be published.