শ্ৰম আৰু শ্ৰমিক। এই দুটা শব্দৰ ভিতৰত যদি আপোনাক নিবাৰ্চন কৰিব দিও, কোনটো শব্দক বেছি প্ৰাধান্য দিব? কোনোৱে হয়তো শ্ৰমক, আন কোনোৱে হয়তো শ্ৰমিকক অগ্ৰাধিকাৰ দিব। বৰ্তমান সমাজ ব্যৱস্থালৈ যদি দৃষ্টি দিও একাংশ লোকৰ বাবে শ্ৰমিকৰ অবিহনে যেন জীৱন অচল। আনহাতে উঠি অহা প্ৰজন্মই শ্ৰমক আকোঁৱালি লোৱাটো এটা গুৰুত্বপূৰ্ণ বিষয় হিচাপে বিবেচিত হৈছে। কিন্তু এই স্বীকাৰ লাগিব যে আগৰ দৰে আমাৰ নৱপ্ৰজন্মই কাম নকৰে। কাম কৰিবলৈ এলাহ কৰে।এই কথা বেছি দূৰলৈ দৃষ্টি নিদিলেও আপোনাৰ নিজৰ গাঁওখনতে যদি চাই দেখা পাব। ইয়াৰ মূল কাৰণ হ’ল শ্ৰমৰ অবিহনে আলাসতে জীৱন যাপন কৰিব বিচৰা অথবা ভোগবাদী মানসিকতা। দুখৰ বিষয় হ’ল যে আজিও শ্ৰমিক সকল উপেক্ষিত। শ্ৰমিক সকলে উচিত মজুৰী নাপায়। মালিক অথবা গৰাকী হাতৰ পুতলা স্বৰূপ হৈ শ্ৰমিক সকলে জীৱন নিৰ্বাহ কৰিব লগা হৈছে। শিক্ষিতসকলৰ একাংশই শিশু শ্ৰমিক সকলক শ্ৰমিক হিচাপে নিয়োজিত কৰি ভৱিষ্যত জীৱন বিপদাপন্ন কৰি তুলিছে। আমাৰ দেশখন উন্নয়ন নোহোৱাৰ অন্যতম কাৰণ হ’ল আমি শ্ৰমক মৰ্য্যাদা দিবলৈ এতিয়াও শিকা নাই, শিকা নাই শ্ৰমিককলক মৰ্য্যাদা দিবলৈ.. যাৰ ফলস্বৰূপে শ্ৰম কৰা মানসিকতা হ্ৰাস পাই আহিছে। আমি নিৰ্ভৰ কৰিব লগা হৈছে আনৰ ওপৰত। আজি শ্ৰদ্ধা জনাব বিচাৰিছো, সেইসকল ব্যক্তিক যাৰ ঘাম আৰু শ্ৰমৰ বিনিময়ত আমি এসাজ খাবলৈ পাইছো, এটি ঘৰত ৰ’দ বৰষুণে তিয়াব নোৱাৰাকৈ মূৰ গুজিব পাৰিছো। সদৌ শেষত সকলোকে মে’ দিৱসৰ শুভেচ্ছা জনালো।
Trending
- স্বাস্থ্য মন্ত্ৰী অশোক সিংহলৰ চৰাইদেউ, নাজিৰা, শিৱসাগৰ আৰু ডিমৌৰ বানাক্ৰান্ত অঞ্চল, সাহায্য আৰু স্বাস্থ্য শিৱিৰ পৰিদৰ্শন
- ভূই ৰোৱা উৎসৱ পালন
- প্ৰতিবছৰে বানপানীয়ে কিয় জোকাৰি যায় অসমক, ইয়াৰ স্থায়ী সমাধান আছে নে
- মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ছ’চাইটি আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাজত বুজাবুজিৰ চুক্তি
- কৃষি বিজ্ঞান কেন্দ্র কামৰূপত নাচাৰ্ৰীৰ বৃত্তিমূলক পাঁচদিনীয়া প্রশিক্ষণ কাৰ্যসূচীৰ সামৰণি
- বোকাখাতৰ নুমলীগড়স্থিত বান সাহাৰ্য্য শিবিৰত আজি উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা
- Emergency Flood Preparedness Meeting Held in Kamrup
- ৰাজ্যৰ পাঁচ জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ বিস্তৃত পৰ্যালোচনা : গুণগত আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিতকৰণত গুৰুত্ব মন্ত্ৰী অশোক সিংহলৰ
- এয়াৰটেল হটস্পট সেৱাৰ গতি অব্যাহত
- Agriculture Minister Pijush Hazarika distributes MMUA cheques to 22,818 beneficiaries in Dhing