অসমীয়া যুৱ বিজ্ঞানীৰ সাফল্য

0 195

সপোনক চাবলৈ অট্ৰালিকাত থাকিব নালাগে। ওৰুখা পঁজাৰ পৰাই ৰচিব পাৰি আশাৰ মুকুতা মালা। এটা সুস্থ, সামাজিক ঘৰুৱা পৰিৱেশে মানুহক মানুহৰূপে জীয়াই থাকিবলৈ, জীৱন পথত আগবাঢ়িবলৈ অনুপ্ৰেৰণা যোগাই। কথাষাৰ মিছা নহয়। সৰুৰে পৰা পোৱা এটা সুস্থ ঘৰুৱা পৰিৱেশৰ বাবে ল’ৰাজনে আজি এক বিৰল কৃতিত্বৰ অধিকাৰী হ’বলৈ সক্ষম হ’ল। কথাতেই কয় – লক্ষ্যস্থল যিমানেই দুৰ্গম নহওক কিয় মনত যদি দৃঢ়তা থাকে সকলোবোৰ সম্ভৱপৰ হৈ উঠে।

WhatsApp Image 2017-10-23 at 1.49.57 PM

হয়, আপোনাক জনাব বিচাৰিছো, পাৰ্থদীপ মহন্তৰ বিষয়ে…. যিজনৰ কৃতিত্বই ইতিমধ্যে বিশেষভাৱে চৰ্চা লাভ কৰিছে। উল্লেখযোগ্য যে পাৰ্থদীপ মহন্তই জাৰ্মানীত মহাকাশ প্ৰশিক্ষণ সমাপ্ত কৰি অনাগত দিনত মহাকাশ যাত্ৰাৰ বাবে সাজু হৈ উঠিছে। বৰ্তমান তেওঁ স্কটলেণ্ডত অভিযন্তা হিচাপে কৰ্মৰত হৈ আছে। ১৯৮৭ চনৰ ১৭ ফেব্ৰুৱাৰীত জন্মগ্ৰহণ কৰা পাৰ্থদীপ মহন্ত সৰুৰে পৰা অত্যন্ত মেধাৱী আছিল। স্কুলীয়া দিনৰ পৰাই মহাকাশ বিজ্ঞানৰ প্ৰতি আগ্ৰহী আছিল। যাৰ ফলশ্ৰুতিত উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হৈ য়ে স্কটলেণ্ডলৈ এৰ’নেটিকেল অভিযন্তা পাঠ্যক্ৰম অধ্যয়নৰ বাবে ঢাপলি মেলিছিল। পৰৱৰ্ত্তী সময়ত জাৰ্মানীত, লণ্ডনত মহাকাশ বিজ্ঞান সম্পৰ্কে অধ্যয়ন কৰিছিল। উল্লেখযোগ্য যে পাৰ্থদীপে ২০১৯ চন পৰ্যন্ত স্কটলেণ্ডত থকাৰ অনুমতি লাভ কৰিছে। পাৰ্থদীপৰ সাফল্যত সকলোৱে আনন্দিত হৈ পৰিছে। স্মতৰ্ব্য যে পাৰ্থদীপ মহন্ত জাৰ্মানীৰ মহাকাশ অভিযানৰ অভিযান্ত্ৰিক সেৱাৰ আগবঢ়োৱা প্ৰথমজন অসমীয়া যুৱ বিজ্ঞানী।

Leave A Reply

Your email address will not be published.