অসম আৰক্ষীৰ দক্ষতা বৃদ্ধিৰ প্ৰশিক্ষণ শিবিৰ আৰম্ভ

0 257

অসম আৰক্ষীক দক্ষতা বিকাশৰ বাবে হিৰ’ মাইণ্ডমিনে এলানী প্ৰশিক্ষণ কাৰ্যসূচী গ্ৰহণ কৰিব। সৰ্বমুঠ ৬খন জিলাত অনুষ্ঠিত হ’ব লগা এই প্ৰশিক্ষণ কাৰ্যসূচীত এদিনীয়া বুট কেম্পৰ শুভাৰম্ভ অনুষ্ঠানত অংশ কৰি অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই কয় যে আৰক্ষী আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ক উন্নত কৰা আৰু আৰক্ষীক সংবেদনশীল, জনসাধাৰণক সতৰ্ক কৰাৰ ক্ষেত্ৰত এই লানী প্ৰশিক্ষণে ভূমিকা পালন কৰিব।
এই প্ৰশিক্ষণ কৰ্মশালা উদ্বোধন কৰে অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই। লগতে এই কৰ্মশালাত অংশ লয় অৱসৰপ্ৰাপ্ত আইপিএছ বিষয়া তথা এপিএছচিৰ প্ৰাক্তন অধ্যক্ষ পল্লৱ ভট্টাচাৰ্য, ইণ্ডিয়ান ডিফেন্স ইষ্টেটৰ অৱসৰপ্ৰাপ্ত ডিজি যজ্ঞেশ্বৰ শৰ্মা, আইপিএছ বিষয়া এল আৰ বিষ্ণৈ, প্ৰশিক্ষক দিপাংক মহন্ত, লেখিকা অভিনেত্ৰী ড° আকাশীতৰা, প্ৰশিক্ষক দিগন্ত শৰ্মা।

Leave A Reply

Your email address will not be published.