কেবিনেটত গ্ৰহণ কৰা হ’ল কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত

0 244

আগন্তুক নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অসম চৰকাৰৰ ৰাজ্যিক কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ:
১)ৰাজ্যত ৩০ ইউনিটলৈকে বিদ্যুতৰ বিল ৰেহাইৰ সিদ্ধান্ত। সকলো স্তৰৰ লোকে পাব এই সুবিধা।
২)গুৱাহাটী প্ৰেছ ক্লাব, কৰুণাধাৰা, শ্বহীদ পৰিয়াল সমন্বয়ৰক্ষী সমিতিৰ লগতে কেইবাটাও সংস্থাক ভূমি আবণ্টনৰ সিদ্ধান্ত।
৩)দৌৰবিদ হিমা দাসক ডিএছপিৰ পদত নিযুক্তি।
৪)বৰাকত ৬টা বিভাগক লৈ অতি শীঘ্ৰে মিনি সচিবালয় আৰম্ভ কৰাৰ সিদ্ধান্ত।
৫)আন্তঃৰাষ্ট্রীয় পৰ্যায়ত পদক প্রাপ্ত খেলুৱৈ সকলক দিয়া হ’ব চৰকাৰী চাকৰি।
৬)বৰাকত শীঘ্রে আৰম্ভ হ’ব মিনি সচিবালয়।
৭)অলিম্পিক, এছিয়ান গেমছত পদক প্রাপ্ত খেলুৱৈকো নিযুক্তিৰ সিদ্ধান্ত।
৮)ছাইবাৰ ছিকিউৰিটি পলিচি সন্দৰ্ভত কেবিনেটত সিদ্ধান্ত গ্রহণ।
৯)কমনৱেলথ গেমছ, বিশ্ব চেম্পয়নশ্বিপত সাফল্য লাভ কৰিলেও নিযুক্তি প্ৰদানৰ সিদ্ধান্ত।
১০)যিকোনো বাণিজ্যিক গৃহ energy conservation building code ৰ অধীনত নিৰ্মাণ কৰিব লাগিব।
১১) বিভিন্ন পৌৰসভাৰ ১,৬৫৩ গৰাকী কৰ্মচাৰীৰ সেৱা সুবিধা বৃদ্ধিত অনুমোদন। এতিয়াৰেপৰা তেওঁলোক নগৰ উন্নয়ন বিভাগৰ অধীনত চুক্তিবদ্ধ কৰ্মচাৰীৰূপে বিবেচিত হব।

Leave A Reply

Your email address will not be published.